--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই আঁচনিখন যাতে সফলতাৰে ৰূপায়ণ হয়, তাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ব্যাপক মাত্ৰাত ৰাজ-সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও অসমত এই আঁচনিখন সঠিকভাৱে ৰূপায়িত হোৱা নাই।

ডিজিটেল ডেস্ক : অসমত এক প্ৰকাৰ ব্যৰ্থ হৈছে 'প্রধানমন্ত্রী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা' আঁচনিখন।


প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই আঁচনিখন যাতে সফলতাৰে ৰূপায়ণ হয়, তাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ব্যাপক মাত্ৰাত ৰাজ-সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও অসমত এই আঁচনিখন সঠিকভাৱে ৰূপায়িত হোৱা নাই।


আজিৰ তাৰিখলৈকে অসমত এই আঁচনিখনৰ সফলতাৰ হাৰ হৈছে মাত্র ৮ শতাংশ। আশ্চর্যজনক কথা যে নাগৰিকক বিদ্যুতৰ মাচুলৰ পৰা ৰেহাই দিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিশেষ সুবিধা আগবঢ়োৱাৰ পাছতেই ৰাজ্য চৰকাৰখনে ৩,৮৭,৪০৯খন আৱেদন লাভ কৰিছিল। কিন্তু ইমান বৃহৎ সংখ্যক আবেদন লাভ কৰাৰ পাছতো এতিয়ালৈকে মাত্র ৩৩,২৮৬ টা সংযোগৰ জৰিয়তে ৰাজ্য চৰকাৰখনে ৩৩,৬৭৮ টা ঘৰতহে সৌৰ পেনেল স্থাপন কৰিবলৈ সক্ষম হৈছে।


ইফালে চৰকাৰে কেৱল বিদ্যুৎ বিল নোহোৱা কৰাই নহয় নিজে ঘৰতে শক্তি উৎপাদন কৰি অতিৰিক্ত শক্তি ৰাইজে বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি ঘোষণা কৰিছিল যদিও এতিয়াও গ্রাহকসকলে কোনো ধন উপার্জন কৰিবলৈ সক্ষম হোৱা নাই। আনকি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰা লোকসকলে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৰাজ-সাহায্য লাভ কৰিছে যদিও অসম চৰকাৰে প্ৰদান কৰিবলগীয়া ৰাজ-সাহায্য এতিয়ালৈকে লাভ কৰা নাই। ৰাজ্য চৰকাৰে কেতিয়াকৈ ৰাজ-সাহায্যৰ ধন মোকলাই দিব সেই কথাও নাজানে শক্তি বিভাগে।


এনে পৰিস্থিতিত বেংকৰ পৰা ঋণ লৈ 'প্রধানমন্ত্রী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা' আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা গ্ৰাহকসকল এতিয়া মহা বিপদত পৰিছে। মন কৰিবলগীয়া কথা যে ঘৰতে সৌৰশক্তি উৎপাদন কৰি বিদ্যুৎ মাচুল শূন্য কৰাৰ বাবে ৰাজ্য চৰকাৰখনে ঢাক-ঢোল বজাই ৰাজ-সাহায্যৰ কথা ঘোষণা কৰিছিল। আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমেল যোগে প্রকাশ কৰিছিল যে প্রথম পৰ্যায়ত অসমত এক লাখ লোকৰ ঘৰত ৰুফটপ সৌৰশক্তি স্থাপনৰ বাবে ৩০০ কোটি টকা ব্যয় কৰিব। আঁচনিখনৰ যোগেদি এক কিল'ৰাটৰ পৰা তিনি কিল'ৱাটলৈ সৌৰশক্তি উৎপাদনৰ বাবে ঘৰতে লগাব পাৰিব ছ'লাৰ পেনেল। সেই অনুসৰি এক কিল'ৱাট সৌৰশক্তি উৎপাদনৰ বাবে সৌৰশক্তি পেনেল স্থাপনৰ বাবদ খৰচ হয় ৫০ হাজাৰ টকা। ইয়াৰ বিপৰীতে আঁচনিখনৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব ৩০ হাজাৰ টকা। আনহাতে অসম চৰকাৰে আগবঢ়াব ১৫ হাজাৰ টকা। অৰ্থাৎ চৰকাৰে একোগৰাকী ব্যক্তিৰ খৰচৰ ৫০ হাজাৰ টকাৰ বিপৰীতে দিব ৪৫ হাজাৰ টকা। ব্যক্তিগতভাৱে খৰচ হ'ব মাত্র ৫ হাজাৰ টকা। একেদৰে দুই কিল'ৱাট সৌৰশক্তি উৎপাদনত ব্যৱহৃত ছ'লাৰ পেনেলৰ বাবদ খৰচ হয় এক লাখ টকা। এই দুই কিল'বাট সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব ৬০ হাজাৰ টকা। আনহাতে অসম চৰকাৰে আগবঢ়াব ৩০ হাজাৰ টকা। অর্থাৎ ব্যক্তিগত খৰচ হ'ব ১০ হাজাৰ টকা। তিনি কিল'বাট সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত হোৱা ব্যয়ৰ পৰিমাণ হৈছে ১.৫ লাখ টকা। আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৭৮ হাজাৰ টকা দিব। আনহাতে অসম চৰকাৰে প্রদান কৰিব ৪৫ হাজাৰ টকা। অর্থাৎ এজন গ্রাহকৰ ব্যক্তিগতভাৱে খৰচ হ'ব ২৭ হাজাৰ টকা।


ৰাজ্য চৰকাৰখনে এই আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ সুবিধা প্রদান কৰিছিল। চৰকাৰী কৰ্মচাৰীয়ে প্রত্যক্ষভাৱে এটকাও ব্যয় নকৰাকৈ ঘৰতে সৌৰশক্তি উৎপাদনৰ এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব বুলি ঘোষণা কৰিছিল। উল্লেখযোগ্য যে অসমত এই আঁচনিখন সফল হোৱা নাই যদিও গুজৰাট, মধ্যপ্রদেশ, উত্তৰাখণ্ড, কেৰালা আদি ৰাজ্যত আঁচনিখন বহু পৰিমাণে সফল হৈছে। তথ্য অনুসৰি এই আঁচনিৰ বাবে গুজৰাট চৰকাৰে মুঠ ৫২৪৩৫৯খন আৱেদন লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪,১৪২৬৯টা সংযোগৰে ৫৭৪০৯০টা গৃহত সৌৰ পেনেল স্থাপন কৰিছে গুজৰাট চৰকাৰে। কিন্তু অসম এইক্ষেত্রত এতিয়া বহু পিছপৰি আছে। ক'বলৈ গ'লে অসমৰ পৰিস্থিতি পুতৌজনক।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ