--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সূত্ৰ অনুসৰি তিনিবছৰ আগতে প্ৰেম বিবাহ কৰা বি এছ এফ জোৱানজনৰ পৰিয়ালটোৰ সুখৰ ওপৰত কোনোবাই কুদৃষ্টি দিলে। ঘৰুৱা বিবাদৰ অন্তত পাঁচ দিন পূর্বে গংগাত জঁপিয়াইছিল জোৱানজনৰ পত্নীয়ে।

ডিজিটেল ডেস্কঃ এটা সুখী পৰিয়াল নিমিষতে ধ্বংস হৈ গ'ল। ডেৰবছৰীয়া কণমানি পুত্ৰক বুকুত সাবটি গংগা নদীত জঁপিয়ালে এজন বি এছ এফ জোৱানে। পাঁচ দিন পূৰ্বে জোৱানগৰাকীৰ পত্নীয়েও গংগা নদীত জাঁপ দিছিল।


পত্নীৰ সন্ধান চলিয়েই আছিল তাৰমাজতে আকৌ গংগা নদীত জঁপিয়ালে পুত্ৰসহ জোৱানগৰাকীয়ে। এতিয়া তিনিওৰে সন্ধান চলি আছে গংগা নদীৰ বুকুত। উত্তৰ প্ৰদেশৰ বিজনৌৰত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা।


সূত্ৰ অনুসৰি তিনিবছৰ আগতে প্ৰেম বিবাহ কৰা বি এছ এফ জোৱানজনৰ পৰিয়ালটোৰ সুখৰ ওপৰত কোনোবাই কুদৃষ্টি দিলে। ঘৰুৱা বিবাদৰ অন্তত পাঁচ দিন পূর্বে গংগাত জঁপিয়াইছিল জোৱানজনৰ পত্নীয়ে। বহুত বিচাৰিও তেওঁক বিচাৰি পোৱা নগ’ল। এই ঘটনাই জোৱানজনক শোকত ডুবাই পেলাইছিল। ইফালে শহুৰেকে তেওঁৰ বিৰুদ্ধে যৌতুক হাৰাশাস্তিৰ এজাহাৰ দাখিল কৰে। এই কথাত আঘাত পাই জোৱানজনে সাহস সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে।


অৱশেষত শনিবাৰে দুপৰীয়া তেওঁ নিজৰ ডেৰ বছৰীয়া কণমানি সন্তানটোক বুকুত সাবটি বেৰেজ দলঙৰ পৰা খৰস্ৰোতা গংগাত জঁপিয়াই পৰিল। পথচাৰীয়ে এই দৃশ্য দেখাৰ লগে লগে চিঞৰ-বাখৰ আৰম্ভ কৰে । ইফালে খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, পিএচি ডুবাৰু আৰু এছডিআৰএফৰ দল ।গংগাত জঁপিয়াই পৰা পিতৃ আৰু নিৰীহ পুত্ৰক ডুবাৰুৱে বিচাৰি অছে যদিও কোনো সন্ধান পোৱা নাই।


প্ৰত্যক্ষদৰ্শীৰ মতে, শনিবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত এজন যুৱকে ডেৰ বছৰীয়া পুত্ৰৰ সৈতে টেক্সিৰে গংগা বেৰেজ দলঙৰ ১৭ নং গেটত উপস্থিত হয়। প্ৰথমে চেণ্ডেল খুলি তাৰ পিছত মোবাইলটো চেণ্ডেলৰ ওচৰতে ৰাখিলে। কোনোৱে কিবা বুজি পোৱাৰ আগতেই পুত্ৰক বুকুত ধৰি ৰেলিঙত উঠি গংগাত জঁপিয়াই পৰিল জোৱানজন। টেক্সি চালকজনেও তেওঁক ধৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল। ইফালে বেৰেজ দলংখনৰ মেৰামতিৰ কাম কৰি থকা লোকসকলো তাত সমবেত হয়। হঠাৎ সংঘটিত হোৱা এই ঘটনাই থিতাতে আতংকৰ সৃষ্টি কৰে আৰু আৰক্ষীক খবৰ দিয়া হয়।


পৰিচয় পত্ৰত জানিব পৰা মতে গংগাত জঁপিয়াই পৰা যুৱকজন হৈছে নাজিবাবাদৰ বেদ বিহাৰ কলনীৰ বাসিন্দা প্ৰয়াত ওমপ্ৰকাশৰ পুত্ৰ বি এছ এফ জোৱান ৰাহুল সিং (৩১ বছৰ) আৰু তেওঁৰ ডেৰ বছৰীয়া পুত্ৰ প্ৰণৱ তেওঁৰ লগত আছিল। ইয়াৰ পিছতে ৰামৰাজ আৰক্ষীয়ে পৰিয়ালটোক খবৰ দিয়ে। বিজনৌৰ কোতৱালি চহৰ আৰু ৰামৰাজ থানাৰ দুয়োখন থানাৰ আৰক্ষীয়ে মটৰ নাওৰ সহায়ত বি এছ এফৰ জোৱানগৰাকী আৰু তেওঁৰ পুত্ৰ প্ৰণৱক বিচাৰি ফুৰিছে যদিও কোনো সন্ধান পোৱা নগ’ল।


তিনিবছৰ পূৰ্বে ৰাহুল সিং আৰু তেওঁৰ পত্নী মনীষা ঠাকুৰৰ প্ৰেম বিবাহ হৈছিল। কিছুদিন সকলো ঠিকেই আছিল যদিও লাহে লাহে দুয়োৰে মাজত সৰু-সুৰা বিষয়তো কাজিয়া কৰিবলৈ ধৰিলে। বৰ্তমান আহমেদাবাদত পোষ্ট কৰা ৰাহুল মাৰ্চ মাহত এমাহৰ ছুটী লৈ ঘৰলৈ আহিছিল। এই সময়ছোৱাত পক্ষাঘাতৰ বাবে তেওঁ পাঁচ মাহ ছুটী বৃদ্ধি কৰিছিল।


পাঁচ দিন পূৰ্বে ২৯ বছৰীয়া মনীষাই ৰাহুলৰ লগত কাজিয়া কৰি গংগাত জঁপিয়াইছিল, যাৰ সন্ধান এতিয়াও চলি আছে। মনীষাৰ পৰিয়ালে ৰাহুলৰ বিৰুদ্ধে যৌতুক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি নাজিবাবাদ থানাত এজাহাৰ দাখিল কৰিছিল। পৰিয়ালৰ লোকে জনোৱা মতে, পত্নীৰ দুখ আৰু শহুৰেকৰ অভিযোগত ৰাহুলে অতিশয় আঘাত পাইছিল।


বেৰেজৰ ১৭ নম্বৰ গেটৰ পৰা পাঁচদিন পূৰ্বে ৰাহুলৰ পত্নী মনীষাই গংগাত জঁপিয়াইছিল। ৰাহুলেও সেই একেটা স্থানৰ পৰা পুত্ৰসহ জপিয়ায় আৰু সময়টোও প্ৰায় একেই আছিল। বৰ্তমান গংগাত ৰাহুল, তেওঁৰ পত্নী মনীষা আৰু পুত্ৰ প্ৰণৱৰ সন্ধান চলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ