--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলা নেতৃত্বৰ প্ৰতীকী আৰু কৌশলগত সুবিধাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো বিজেপিৰ মুৰব্বী পদত মহিলাৰ নিৰ্বাচনত অনুমোদন জনাইছে

ডিজিটেল ডেস্ক : ভাৰতীয় জনতা পার্টি (বিজেপি)ৰ নতুন সভাপতি নির্বাচনক কেন্দ্ৰ কৰি অচলাৱস্থা চলি থকাৰ মাজতে বাতৰি প্ৰকাশ পাইছে যে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় মুৰব্বীগৰাকী মহিলা হোৱাৰ সম্ভাৱনা আছে।


বৰ্তমানৰ বিজেপিৰ সভাপতি জে পি নড্ডাৰ কাৰ্যকাল ২০২৩ চনৰ জানুৱাৰীত অন্ত পৰিছিল। কিন্তু দলটোৱে লোক সভাৰ নিৰ্বাচনৰ বাবে নড্ডাৰ কাৰ্যকাল ২০২৪ চনৰ জুনলৈ বৃদ্ধি কৰিছিল। বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে দলটোৰ জ্যেষ্ঠ নেতাসকলে বিস্তৃতভাৱে আলোচনা চলাই থকাৰ মাজতে কেইবাগৰাকী মহিলাৰ কথাও আলোচনা কৰিছে।


ইয়াৰ ভিতৰত শীর্ষ দাবীদাৰ হৈছে নিৰ্মলা সীতাৰমণ, ডি পুৰণ্ডেশ্বৰী আৰু ৱানাথী শ্রীনিবাসন। বৰ্তমানৰ সভাপতি নড্ডা আৰু সাধাৰণ সম্পাদক বি সন্তোষৰ সৈতে অলপতে দলৰ মুখ্য কাৰ্যালয়ত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱা বিত্ত মন্ত্রী নির্মলা সীতাৰমণ আছে শীর্ষ দাবীদাৰৰ অন্যতম।


বিস্তৰ অভিজ্ঞতা আৰু নেতৃত্বৰ শক্তিৰ বাবে তেওঁক শক্তিশালী প্রতিদ্বন্দ্বী বুলি ভিতৰুৱা সূত্রই কয়। যদি সীতাৰমণ বিজেপিৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নিৰ্বাচিত হয়, তেন্তে ই দলটোক দক্ষিণ ভাৰতত উপস্থিতিৰ বিস্তাৰ ঘটোৱাত সহায় কৰিব পাৰে। তদুপৰি লোক সভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ বাবে বিজেপিৰ যি প্রস্তাৱ, তাকো এই নির্বাচনে প্রতিফলিত কৰিব। চৰ্চাত অহা অন্য এগৰাকী নেত্রী ডি পুৰণ্ডেশ্বৰী হৈছে অন্ধ্র প্রদেশ বিজেপিৰ প্ৰাক্তন সভানেত্রী। 'অপাৰেশ্যন সেন্দূৰ'ৰ বিষয়ে জনাবলৈ বিভিন্ন দেশলৈ যোৱা প্রতিনিধি দলত বহুভাষী পুৰণ্ডেশ্বৰীও আছিল। পুৰণ্ডেশ্বৰী কেইবাটাও ভাষাত পাৰ্গত।


আন এগৰাকী নেত্ৰী হৈছে ৱানাথী শ্রীনিবাসন। তামিলনাডুৰ অধিবক্তা তথা ৰাজনীতিক শ্রীনিবাসনে বর্তমান তামিলনাডু বিধানসভাত দক্ষিণ কয়ম্বাটোৰ সমষ্টিক প্রতিনিধিত্ব কৰিছে। ১৯৯৩ চনত বিজেপিত যোগদান কৰাৰ পৰা ৰাজ্যিক সম্পাদিকা, সাধাৰণ সম্পাদিকা আৰু তামিলনাডু বিজেপিৰ উপ-সভানেত্ৰীৰ দৰে পদত তেওঁ কার্যনির্বাহ কৰিছে।


২০২০ চনত তেওঁ বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী আৰু ২০২২ চনত দলটোৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ সদস্যা নির্বাচিত হৈছিল, উক্ত পদলৈ নির্বাচিত হোৱা তেওঁ হৈছে তামিলনাডুৰ প্ৰথম মহিলা। 'ইণ্ডিয়া টুডে'য়ে প্রকাশ কৰা প্ৰতিবেদনত সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে মহিলা নেতৃত্বৰ প্ৰতীকী আৰু কৌশলগত সুবিধাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো বিজেপিৰ মুৰব্বী পদত মহিলাৰ নিৰ্বাচনত অনুমোদন জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে