--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলা নেতৃত্বৰ প্ৰতীকী আৰু কৌশলগত সুবিধাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো বিজেপিৰ মুৰব্বী পদত মহিলাৰ নিৰ্বাচনত অনুমোদন জনাইছে

ডিজিটেল ডেস্ক : ভাৰতীয় জনতা পার্টি (বিজেপি)ৰ নতুন সভাপতি নির্বাচনক কেন্দ্ৰ কৰি অচলাৱস্থা চলি থকাৰ মাজতে বাতৰি প্ৰকাশ পাইছে যে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় মুৰব্বীগৰাকী মহিলা হোৱাৰ সম্ভাৱনা আছে।


বৰ্তমানৰ বিজেপিৰ সভাপতি জে পি নড্ডাৰ কাৰ্যকাল ২০২৩ চনৰ জানুৱাৰীত অন্ত পৰিছিল। কিন্তু দলটোৱে লোক সভাৰ নিৰ্বাচনৰ বাবে নড্ডাৰ কাৰ্যকাল ২০২৪ চনৰ জুনলৈ বৃদ্ধি কৰিছিল। বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে দলটোৰ জ্যেষ্ঠ নেতাসকলে বিস্তৃতভাৱে আলোচনা চলাই থকাৰ মাজতে কেইবাগৰাকী মহিলাৰ কথাও আলোচনা কৰিছে।


ইয়াৰ ভিতৰত শীর্ষ দাবীদাৰ হৈছে নিৰ্মলা সীতাৰমণ, ডি পুৰণ্ডেশ্বৰী আৰু ৱানাথী শ্রীনিবাসন। বৰ্তমানৰ সভাপতি নড্ডা আৰু সাধাৰণ সম্পাদক বি সন্তোষৰ সৈতে অলপতে দলৰ মুখ্য কাৰ্যালয়ত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱা বিত্ত মন্ত্রী নির্মলা সীতাৰমণ আছে শীর্ষ দাবীদাৰৰ অন্যতম।


বিস্তৰ অভিজ্ঞতা আৰু নেতৃত্বৰ শক্তিৰ বাবে তেওঁক শক্তিশালী প্রতিদ্বন্দ্বী বুলি ভিতৰুৱা সূত্রই কয়। যদি সীতাৰমণ বিজেপিৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নিৰ্বাচিত হয়, তেন্তে ই দলটোক দক্ষিণ ভাৰতত উপস্থিতিৰ বিস্তাৰ ঘটোৱাত সহায় কৰিব পাৰে। তদুপৰি লোক সভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ বাবে বিজেপিৰ যি প্রস্তাৱ, তাকো এই নির্বাচনে প্রতিফলিত কৰিব। চৰ্চাত অহা অন্য এগৰাকী নেত্রী ডি পুৰণ্ডেশ্বৰী হৈছে অন্ধ্র প্রদেশ বিজেপিৰ প্ৰাক্তন সভানেত্রী। 'অপাৰেশ্যন সেন্দূৰ'ৰ বিষয়ে জনাবলৈ বিভিন্ন দেশলৈ যোৱা প্রতিনিধি দলত বহুভাষী পুৰণ্ডেশ্বৰীও আছিল। পুৰণ্ডেশ্বৰী কেইবাটাও ভাষাত পাৰ্গত।


আন এগৰাকী নেত্ৰী হৈছে ৱানাথী শ্রীনিবাসন। তামিলনাডুৰ অধিবক্তা তথা ৰাজনীতিক শ্রীনিবাসনে বর্তমান তামিলনাডু বিধানসভাত দক্ষিণ কয়ম্বাটোৰ সমষ্টিক প্রতিনিধিত্ব কৰিছে। ১৯৯৩ চনত বিজেপিত যোগদান কৰাৰ পৰা ৰাজ্যিক সম্পাদিকা, সাধাৰণ সম্পাদিকা আৰু তামিলনাডু বিজেপিৰ উপ-সভানেত্ৰীৰ দৰে পদত তেওঁ কার্যনির্বাহ কৰিছে।


২০২০ চনত তেওঁ বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী আৰু ২০২২ চনত দলটোৰ কেন্দ্ৰীয় নির্বাচন সমিতিৰ সদস্যা নির্বাচিত হৈছিল, উক্ত পদলৈ নির্বাচিত হোৱা তেওঁ হৈছে তামিলনাডুৰ প্ৰথম মহিলা। 'ইণ্ডিয়া টুডে'য়ে প্রকাশ কৰা প্ৰতিবেদনত সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে মহিলা নেতৃত্বৰ প্ৰতীকী আৰু কৌশলগত সুবিধাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো বিজেপিৰ মুৰব্বী পদত মহিলাৰ নিৰ্বাচনত অনুমোদন জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি