--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চিন্তনীয় বিষয় এয়ে যে এই চুৰিকাণ্ড এজন সাধাৰন জনতাৰ ঘৰত হোৱা নাই হৈছে এগৰাকী বিধায়কৰ ঘৰত, বিধায়কৰে যদি এই অৱস্থা হয় তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত?

ডিজিটেল ডেস্ক : এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড হৈছে ৰাজস্থানৰ কংগ্ৰেছ বিধায়ক দীনদয়াল বেৰৱাৰ বাসগৃহত। ৰাজস্থানৰ ডৌছা জিলাৰ অন্তৰ্গত কংগ্ৰেছ বিধায়ক দীনদয়াল বেৰৱাই ঘৰত তিনিটাকৈ চুৰিকাণ্ড দেখি মূৰে-কপালে হাত দিছে। চিন্তনীয় বিষয় এয়ে যে এই চুৰিকাণ্ড এজন সাধাৰন জনতাৰ ঘৰত হোৱা নাই হৈছে এগৰাকী বিধায়কৰ ঘৰত, বিধায়কৰে যদি এই অৱস্থা হয় তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? যোৱা এক মাহৰো কম সময়ৰ ভিতৰত তেওঁৰ মোবাইল ফোন, মটৰ চাইকেল, ট্ৰেক্টৰ পৰ্য্যন্ত চুৰি হৈছে।


ছ'চিয়েলত দীনদয়ালে দুখ প্ৰকাশ কৰি লিখিছে "দৌছাত চোৰৰ দৌৰাত্ম্য, আৰক্ষী কেৱল নামতহে আছে।" তেওঁৰ এই পোষ্টৰ পাছতেই মানুহৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে । য'ত এজন বিধায়ক সুৰক্ষিত নহয় তেনেস্থলত সাধাৰন জনতা কেনেদৰে সুৰক্ষিত হ'ব ?


বেৰৱাৰ উক্তি অনুসৰি এই কাহিনী আৰম্ভ হৈছে ১১ জুনৰ পৰা ,সেইদিনা দীনদয়ালৰ এটা মবাইল ফোন চুৰি হয় আৰু তাৰ পাছত ১৪ জুনৰ দিনা নিজা বাসগৃহৰ পৰা তেখেতৰ এখন মটৰচাইকেল চুৰি হয় আৰু এইবাৰ তেখেতৰ এখন ট্ৰেক্টৰ চুৰি হয়।


এই সন্দৰ্ভত পুলিচ অধীক্ষক সাগৰে মন্তব্য আগবঢ়াই যে ট্ৰেক্টৰ চুৰি সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা হোৱা নাই, অবশ্যে মোবাইল চৰি সন্দৰ্ভত পূৰ্বতে অভিযোগ দাখিল কৰা হৈছিল।বিধায়ক বেৰৱাই মন্তৱ্য আগবঢ়াইছে যে তেওঁ ৭ জুলাই সোমবাৰে আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছে আৰু অতি শীঘ্ৰে ঘটনাৰ অনুসন্ধান হ'ব বুলি আশ্বাস দিছে।


এই সম্পূৰ্ণ ঘটনাক লৈ কংগ্ৰেছ চৰকাৰে সমগ্ৰ আইন ব্যৱস্থ্যাক প্ৰশ্ন কৰাৰ লগতে সমগ্ৰ বিজেপি চৰকাৰক সন্দেহৰ চকুৰে চাইছে।য'ত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে সুৰক্ষিত নহয় তাত সাধাৰন জনতা কেনেদৰে সুৰক্ষিত হ'ব এই সময়ৰ এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ