--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চিন্তনীয় বিষয় এয়ে যে এই চুৰিকাণ্ড এজন সাধাৰন জনতাৰ ঘৰত হোৱা নাই হৈছে এগৰাকী বিধায়কৰ ঘৰত, বিধায়কৰে যদি এই অৱস্থা হয় তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত?

ডিজিটেল ডেস্ক : এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড হৈছে ৰাজস্থানৰ কংগ্ৰেছ বিধায়ক দীনদয়াল বেৰৱাৰ বাসগৃহত। ৰাজস্থানৰ ডৌছা জিলাৰ অন্তৰ্গত কংগ্ৰেছ বিধায়ক দীনদয়াল বেৰৱাই ঘৰত তিনিটাকৈ চুৰিকাণ্ড দেখি মূৰে-কপালে হাত দিছে। চিন্তনীয় বিষয় এয়ে যে এই চুৰিকাণ্ড এজন সাধাৰন জনতাৰ ঘৰত হোৱা নাই হৈছে এগৰাকী বিধায়কৰ ঘৰত, বিধায়কৰে যদি এই অৱস্থা হয় তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? যোৱা এক মাহৰো কম সময়ৰ ভিতৰত তেওঁৰ মোবাইল ফোন, মটৰ চাইকেল, ট্ৰেক্টৰ পৰ্য্যন্ত চুৰি হৈছে।

ছ'চিয়েলত দীনদয়ালে দুখ প্ৰকাশ কৰি লিখিছে "দৌছাত চোৰৰ দৌৰাত্ম্য, আৰক্ষী কেৱল নামতহে আছে।" তেওঁৰ এই পোষ্টৰ পাছতেই মানুহৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে । য'ত এজন বিধায়ক সুৰক্ষিত নহয় তেনেস্থলত সাধাৰন জনতা কেনেদৰে সুৰক্ষিত হ'ব ?

বেৰৱাৰ উক্তি অনুসৰি এই কাহিনী আৰম্ভ হৈছে ১১ জুনৰ পৰা ,সেইদিনা দীনদয়ালৰ এটা মবাইল ফোন চুৰি হয় আৰু তাৰ পাছত ১৪ জুনৰ দিনা নিজা বাসগৃহৰ পৰা তেখেতৰ এখন মটৰচাইকেল চুৰি হয় আৰু এইবাৰ তেখেতৰ এখন ট্ৰেক্টৰ চুৰি হয়।

এই সন্দৰ্ভত পুলিচ অধীক্ষক সাগৰে মন্তব্য আগবঢ়াই যে ট্ৰেক্টৰ চুৰি সন্দৰ্ভত কোনো অভিযোগ দাখিল কৰা হোৱা নাই, অবশ্যে মোবাইল চৰি সন্দৰ্ভত পূৰ্বতে অভিযোগ দাখিল কৰা হৈছিল।বিধায়ক বেৰৱাই মন্তৱ্য আগবঢ়াইছে যে তেওঁ ৭ জুলাই সোমবাৰে আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছে আৰু অতি শীঘ্ৰে ঘটনাৰ অনুসন্ধান হ'ব বুলি আশ্বাস দিছে।

এই সম্পূৰ্ণ ঘটনাক লৈ কংগ্ৰেছ চৰকাৰে সমগ্ৰ আইন ব্যৱস্থ্যাক প্ৰশ্ন কৰাৰ লগতে সমগ্ৰ বিজেপি চৰকাৰক সন্দেহৰ চকুৰে চাইছে।য'ত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে সুৰক্ষিত নহয় তাত সাধাৰন জনতা কেনেদৰে সুৰক্ষিত হ'ব এই সময়ৰ এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ