--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মোদীয়ে এই সন্মান বাবে কৃতজ্ঞতা প্রকাশ কৰি সামাজিক মাধ্যম এক্সত কয় যে এই সন্মান তেওঁৰ ব্যক্তিগত প্রাপ্তি নহয়; তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান গ্রহণ কৰিছে।

ডিজিটেল ডেস্ক : ৰাজনৈতিক বিচক্ষণতা আৰু বিশ্বজোৰা প্ৰভাৱশালী নেতৃত্বৰ বাবে বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘানাৰ ৰাষ্ট্ৰীয় সন্মান 'দ্য অফিচাৰ অব্ দি অৰ্ডাৰ অব দ্য ষ্টাৰ অব্ ঘানা'ৰে সন্মানিত কৰা হয়। প্রধানমন্ত্রী মোদীৰ দক্ষিণ আফ্ৰিকাৰ দেশখন ভ্ৰমণৰ সময়তে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানি মাহামাই মোদীক এই সন্মান প্রদান কৰে।

মোদীয়ে এই সন্মান বাবে কৃতজ্ঞতা প্রকাশ কৰি সামাজিক মাধ্যম এক্সত কয় যে এই সন্মান তেওঁৰ ব্যক্তিগত প্রাপ্তি নহয়; তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান গ্রহণ কৰিছে। তেওঁ এই সন্মান দুয়োখন দেশৰ যুৱক-যুৱতীৰ উজ্জ্বল ভৱিষ্যৎ, তেওঁলোকৰ আকাংক্ষা আৰু সমৃদ্ধ সাংস্কৃতিক বৈচিত্র্যৰ উপৰি ঘানা আৰু ভাৰতৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ নামত উছৰ্গা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ চৰকাৰ আৰু ঘানাৰ জনসাধাৰণক এই স্বীকৃতিৰ বাবে ধন্যবাদ জনায় আৰু কয় যে দুয়ো দেশৰ মূল্যবোধ আৰু পৰম্পৰাই দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বক পথ দেখুৱাব আৰু শক্তিশালী কৰিব।

আনহাতে বৃহস্পতিবাৰে বিয়লি ঘানাৰ সংসদত প্রধানমন্ত্রী মোদীয়ে ভাষণ দি কয় যে শক্তিশালী ভাৰত অধিক সুস্থিৰ আৰু ঐশ্বর্যশালী বিশ্বৰ বাবে অৱদান যোগাব। তেওঁ কয়, 'বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশৰূপে ভাৰত হৈছে বিশ্বৰ শক্তিৰ এটা খুঁটা। শক্তিশালী ভাৰতে অধিক সুস্থিৰ আৰু ঐশ্বর্যশালী বিশ্বৰ বাবে অৱদান যোগাব।' প্রধানমন্ত্রী মোদীয়ে সংসদত 'ভাৰতত ২,৫০০তকৈ অধিক ৰাজনৈতিক দল আছে' বুলি প্রকাশ কৰাত এক মুহূৰ্তৰ বাবে উপস্থিত সাংসদসকলৰ মাজত আশ্চৰ্যৰ ভাব আৰু হাঁহি দেখা যায়। ভাৰতৰ বৈচিত্র্যৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'ভাৰতৰ ২২খন ৰাজ্যত ২২টা পৃথক দল শাসনত আছে, ২২টা আনুষ্ঠানিক ভাষা আৰু সহস্রাধিক দোৱান আছে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ