--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মোদীয়ে এই সন্মান বাবে কৃতজ্ঞতা প্রকাশ কৰি সামাজিক মাধ্যম এক্সত কয় যে এই সন্মান তেওঁৰ ব্যক্তিগত প্রাপ্তি নহয়; তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান গ্রহণ কৰিছে।

ডিজিটেল ডেস্ক : ৰাজনৈতিক বিচক্ষণতা আৰু বিশ্বজোৰা প্ৰভাৱশালী নেতৃত্বৰ বাবে বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘানাৰ ৰাষ্ট্ৰীয় সন্মান 'দ্য অফিচাৰ অব্ দি অৰ্ডাৰ অব দ্য ষ্টাৰ অব্ ঘানা'ৰে সন্মানিত কৰা হয়। প্রধানমন্ত্রী মোদীৰ দক্ষিণ আফ্ৰিকাৰ দেশখন ভ্ৰমণৰ সময়তে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানি মাহামাই মোদীক এই সন্মান প্রদান কৰে।


মোদীয়ে এই সন্মান বাবে কৃতজ্ঞতা প্রকাশ কৰি সামাজিক মাধ্যম এক্সত কয় যে এই সন্মান তেওঁৰ ব্যক্তিগত প্রাপ্তি নহয়; তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান গ্রহণ কৰিছে। তেওঁ এই সন্মান দুয়োখন দেশৰ যুৱক-যুৱতীৰ উজ্জ্বল ভৱিষ্যৎ, তেওঁলোকৰ আকাংক্ষা আৰু সমৃদ্ধ সাংস্কৃতিক বৈচিত্র্যৰ উপৰি ঘানা আৰু ভাৰতৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ নামত উছৰ্গা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ চৰকাৰ আৰু ঘানাৰ জনসাধাৰণক এই স্বীকৃতিৰ বাবে ধন্যবাদ জনায় আৰু কয় যে দুয়ো দেশৰ মূল্যবোধ আৰু পৰম্পৰাই দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বক পথ দেখুৱাব আৰু শক্তিশালী কৰিব।


আনহাতে বৃহস্পতিবাৰে বিয়লি ঘানাৰ সংসদত প্রধানমন্ত্রী মোদীয়ে ভাষণ দি কয় যে শক্তিশালী ভাৰত অধিক সুস্থিৰ আৰু ঐশ্বর্যশালী বিশ্বৰ বাবে অৱদান যোগাব। তেওঁ কয়, 'বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশৰূপে ভাৰত হৈছে বিশ্বৰ শক্তিৰ এটা খুঁটা। শক্তিশালী ভাৰতে অধিক সুস্থিৰ আৰু ঐশ্বর্যশালী বিশ্বৰ বাবে অৱদান যোগাব।' প্রধানমন্ত্রী মোদীয়ে সংসদত 'ভাৰতত ২,৫০০তকৈ অধিক ৰাজনৈতিক দল আছে' বুলি প্রকাশ কৰাত এক মুহূৰ্তৰ বাবে উপস্থিত সাংসদসকলৰ মাজত আশ্চৰ্যৰ ভাব আৰু হাঁহি দেখা যায়। ভাৰতৰ বৈচিত্র্যৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'ভাৰতৰ ২২খন ৰাজ্যত ২২টা পৃথক দল শাসনত আছে, ২২টা আনুষ্ঠানিক ভাষা আৰু সহস্রাধিক দোৱান আছে।'




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ