--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মৃত কিৰণ গোৱালা স্থানীয় বাসিন্দা বাহাদুৰ গোৱালাৰ পুত্ৰ। জানিব পৰা মতে, সদায়ৰ দৰে গা ধুবলৈ নদীত গৈছিল যদিও বহু সময় ধৰি ঘৰলৈ উভতি নাহিবলৈ পৰিয়ালৰ চিন্তা বৃদ্ধি পায়।

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ কালাইন অঞ্চলৰ ছলিগ্ৰামত নদীত গা ধুবলৈ নামি নিখোঁজ হোৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ অঞ্চলত শোকৰ পৰিৱেশ সৃষ্টি হৈছে। 


মৃত কিৰণ গোৱালা স্থানীয় বাসিন্দা বাহাদুৰ গোৱালাৰ পুত্ৰ। জানিব পৰা মতে, সদায়ৰ দৰে গা ধুবলৈ নদীত গৈছিল যদিও বহু সময় ধৰি ঘৰলৈ উভতি নাহিবলৈ পৰিয়ালৰ চিন্তা বৃদ্ধি পায়। পিছত নদীৰ পাৰত তেওঁৰ চাবোন, চেণ্ডেল আৰু কাপোৰ পৰি থকা দেখা পোৱাৰ লগে লগে সন্দেহ অধিক বৃদ্ধি পায়। 


গাঁওবাসীয়ে সন্ধান অভিযান আৰম্ভ কৰাৰ পিছত অৱশেষত এজন আত্মীয়ই তেওঁৰ মৃতদেহ দেখা পায়। মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আইনগত প্ৰক্ৰিয়া সম্পন্ন কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। এইফালে, দুৰ্যোগৰ সময়ত মানৱিকতাৰ উদাহৰণ দাঙি ধৰি বিজেপিৰ বিধায়ক প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থে ‘স্বৰ্গৰথ’ প্ৰেৰণ কৰি মৃতদেহ পৰিবহণত সহায় কৰে। এই মৰ্মান্তিক ঘটনাত ছলিগ্ৰাম সহ আশপাশৰ অঞ্চলত গভীৰ শোকৰ ছাঁ নামি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ