--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজুৰ শৰীৰত দুৰ্ঘটনাৰ কোনো বিশেষ দাগ বা আঘাত নথকাৰ বিপৰীতে কেৱল মূৰৰ পিছফালে থকা গভীৰ আঘাতে এতিয়া সন্দেহৰ আঙুলি টোৱাইছে আন দিশলৈ।

ডিজিটেল ডেস্ক: মাজুলীৰ শালমৰাত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। যোৱা মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অৱশেষত ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ৰাজু কলিতা নামৰ এজন যুৱকে। 


মাজুলীৰ দক্ষিণপাটৰ পৰা কৰ্মসূত্ৰে নিজ গৃহ শালমৰালৈ উভতি অহাৰ পথতে ২ নম্বৰ স্পাৰ এলেকাত মঙলবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনাত পতিত হৈছিল ৰাজু কলিতা। লগে লগে তেওঁক গড়মূৰ চিকিৎসালয়লৈ আৰু পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও আই.চি.ইউ.-ত চিকিৎসাধীন অৱস্থাতে যুৱকজনে শেষ নিঃশ্বাস ত্যাগ কৰে। কিন্তু ৰাজুৰ শৰীৰত দুৰ্ঘটনাৰ কোনো বিশেষ দাগ বা আঘাত নথকাৰ বিপৰীতে কেৱল মূৰৰ পিছফালে থকা গভীৰ আঘাতে এতিয়া সন্দেহৰ আঙুলি টোৱাইছে আন দিশলৈ। পৰিয়ালৰ দাবী— এয়া কোনো সাধাৰণ পথ দুৰ্ঘটনা নহয়, কোনোবাই পৰিকল্পিতভাৱে ৰাজুক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে।


ইফালে এই ঘটনাক কেন্দ্ৰ কৰি মৃত যুৱকজনৰ পৰিয়ালে মাজুলী থানাত এক এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মাজুলী থানাত ২১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৬(১) আৰু ২৮১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে দুয়োখন মটৰচাইকেল ইতিমধ্যে জব্দ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ ৰিপৰ্ট অহাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন