--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজুৰ শৰীৰত দুৰ্ঘটনাৰ কোনো বিশেষ দাগ বা আঘাত নথকাৰ বিপৰীতে কেৱল মূৰৰ পিছফালে থকা গভীৰ আঘাতে এতিয়া সন্দেহৰ আঙুলি টোৱাইছে আন দিশলৈ।

ডিজিটেল ডেস্ক: মাজুলীৰ শালমৰাত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ। যোৱা মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অৱশেষত ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ৰাজু কলিতা নামৰ এজন যুৱকে। 


মাজুলীৰ দক্ষিণপাটৰ পৰা কৰ্মসূত্ৰে নিজ গৃহ শালমৰালৈ উভতি অহাৰ পথতে ২ নম্বৰ স্পাৰ এলেকাত মঙলবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনাত পতিত হৈছিল ৰাজু কলিতা। লগে লগে তেওঁক গড়মূৰ চিকিৎসালয়লৈ আৰু পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও আই.চি.ইউ.-ত চিকিৎসাধীন অৱস্থাতে যুৱকজনে শেষ নিঃশ্বাস ত্যাগ কৰে। কিন্তু ৰাজুৰ শৰীৰত দুৰ্ঘটনাৰ কোনো বিশেষ দাগ বা আঘাত নথকাৰ বিপৰীতে কেৱল মূৰৰ পিছফালে থকা গভীৰ আঘাতে এতিয়া সন্দেহৰ আঙুলি টোৱাইছে আন দিশলৈ। পৰিয়ালৰ দাবী— এয়া কোনো সাধাৰণ পথ দুৰ্ঘটনা নহয়, কোনোবাই পৰিকল্পিতভাৱে ৰাজুক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে।


ইফালে এই ঘটনাক কেন্দ্ৰ কৰি মৃত যুৱকজনৰ পৰিয়ালে মাজুলী থানাত এক এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মাজুলী থানাত ২১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৬(১) আৰু ২৮১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে দুয়োখন মটৰচাইকেল ইতিমধ্যে জব্দ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ ৰিপৰ্ট অহাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী