--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৌৰীপুৰৰ চাৰালডাঙাত এটা চক্ৰই দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকু ধূলি দি গোপনে গো-হত্যা কৰি মাংসৰ অবৈধ ব্যৱসায় চলাই আহিছিল। আজি পুৱা গৌৰীপুৰ আৰক্ষীৰ এটা দলে চাৰালডাঙাৰ নিবাসী ৰমজান আলীৰ বাসগৃহত এক আকস্মিক অভিযান চলায়।

ডিজিটেল ডেস্ক: ৰাজ্যত গো-মাংসৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো একাংশ অসাধু চক্ৰই এতিয়াও গোপনে চলাই গৈছে গো-হত্যা আৰু ইয়াৰ চোৰাং ব্যৱসায়। তেনে এক গোপন তথ্যৰ ভিত্তিত আজি পুৱাই গৌৰীপুৰ আৰক্ষীয়ে এক সফল অভিযান চলাই ৫ জনকৈ লোকক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, গৌৰীপুৰৰ চাৰালডাঙাত এটা চক্ৰই দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকু ধূলি দি গোপনে গো-হত্যা কৰি মাংসৰ অবৈধ ব্যৱসায় চলাই আহিছিল। আজি পুৱা গৌৰীপুৰ আৰক্ষীৰ এটা দলে চাৰালডাঙাৰ নিবাসী ৰমজান আলীৰ বাসগৃহত এক আকস্মিক অভিযান চলায়।

এই গোপন অভিযান কালত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ৫ জন লোকক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে:

ৰমজান আলী, মেহেদী হাচান, মেহেবুব হুছেইন, আতিকুল আলম আৰু চাহিদ আলম

অভিযানৰ সময়ত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা প্ৰায় ৬৬ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰাৰ লগতে গো-হত্যাৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন চোকা অস্ত্ৰ, প্লাষ্টিকৰ বাল্টি আৰু পলিথিন বেগ উদ্ধাৰ কৰে।

বৰ্তমান গৌৰীপুৰ আৰক্ষীয়ে পাঁচোটা অভিযুক্তকে আটক কৰি থানালৈ লৈ গৈছে আৰু এই অবৈধ চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ