--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৌৰীপুৰৰ চাৰালডাঙাত এটা চক্ৰই দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকু ধূলি দি গোপনে গো-হত্যা কৰি মাংসৰ অবৈধ ব্যৱসায় চলাই আহিছিল। আজি পুৱা গৌৰীপুৰ আৰক্ষীৰ এটা দলে চাৰালডাঙাৰ নিবাসী ৰমজান আলীৰ বাসগৃহত এক আকস্মিক অভিযান চলায়।

ডিজিটেল ডেস্ক: ৰাজ্যত গো-মাংসৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো একাংশ অসাধু চক্ৰই এতিয়াও গোপনে চলাই গৈছে গো-হত্যা আৰু ইয়াৰ চোৰাং ব্যৱসায়। তেনে এক গোপন তথ্যৰ ভিত্তিত আজি পুৱাই গৌৰীপুৰ আৰক্ষীয়ে এক সফল অভিযান চলাই ৫ জনকৈ লোকক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


ঘটনাৰ বিৱৰণী অনুসৰি, গৌৰীপুৰৰ চাৰালডাঙাত এটা চক্ৰই দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকু ধূলি দি গোপনে গো-হত্যা কৰি মাংসৰ অবৈধ ব্যৱসায় চলাই আহিছিল। আজি পুৱা গৌৰীপুৰ আৰক্ষীৰ এটা দলে চাৰালডাঙাৰ নিবাসী ৰমজান আলীৰ বাসগৃহত এক আকস্মিক অভিযান চলায়।


এই গোপন অভিযান কালত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ৫ জন লোকক আটক কৰে। আটকাধীন লোককেইজন ক্ৰমে:

ৰমজান আলী, মেহেদী হাচান, মেহেবুব হুছেইন, আতিকুল আলম আৰু চাহিদ আলম


অভিযানৰ সময়ত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা প্ৰায় ৬৬ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰাৰ লগতে গো-হত্যাৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন চোকা অস্ত্ৰ, প্লাষ্টিকৰ বাল্টি আৰু পলিথিন বেগ উদ্ধাৰ কৰে।


বৰ্তমান গৌৰীপুৰ আৰক্ষীয়ে পাঁচোটা অভিযুক্তকে আটক কৰি থানালৈ লৈ গৈছে আৰু এই অবৈধ চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি সেই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী