--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ জৰিয়তে বছৰি ১ লাখ টন মাছ উৎপাদনৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰা হৈছে। মীন উৎপাদন বৃদ্ধিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰা হৈছে।

ডিজিটেল ডেস্ক: মুকালমুৱাৰ বৰক্ষেত্ৰী সমষ্টিৰ মেৰুৱাট্টাৰীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল ‘মা’ একুৱা ফিছ ফাৰ্মৰ। ৰাজ্যৰ মীন আৰু পশুপালন মন্ত্ৰী নীলিমা দেৱীয়ে এই মীন ফাৰ্মখন উদ্বোধন কৰে। বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ বিশেষ প্ৰচেষ্টাত আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা’ৰ (PMMSY) অধীনত এই আধুনিক ফিছ ফাৰ্মখন স্থাপন কৰা হৈছে।


এই ফাৰ্মখনৰ মূল উদ্দেশ্য হৈছে আমাৰ সমাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা শিঙৰা, শল, গৰৈ আদিৰ দৰে থলুৱা প্রজাতিৰ মাছসমূহৰ বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন আৰু সংৰক্ষণ কৰা।


ইয়াৰ জৰিয়তে বছৰি ১ লাখ টন মাছ উৎপাদনৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰা হৈছে। মীন উৎপাদন বৃদ্ধিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰা হৈছে। অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক মীন পালনৰ সৈতে জড়িত হৈ আত্মনিৰ্ভৰশীল হ’বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।


উদ্বোধনী ভাষণত মন্ত্ৰী নীলিমা দেৱীয়ে আশা প্ৰকাশ কৰে যে এই মীন ফাৰ্মখনে স্থানীয় মীন উদ্যোগলৈ এক নতুন জোৱাৰ আনিব আৰু অঞ্চলটোৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।


উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, মীন বিভাগৰ সঞ্চালক গৌৰীশংকৰ দাস আৰু বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা। ইয়াৰ উপৰিও অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি তথা মীন পালকসকলেও এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী