--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ জৰিয়তে বছৰি ১ লাখ টন মাছ উৎপাদনৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰা হৈছে। মীন উৎপাদন বৃদ্ধিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰা হৈছে।

ডিজিটেল ডেস্ক: মুকালমুৱাৰ বৰক্ষেত্ৰী সমষ্টিৰ মেৰুৱাট্টাৰীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল ‘মা’ একুৱা ফিছ ফাৰ্মৰ। ৰাজ্যৰ মীন আৰু পশুপালন মন্ত্ৰী নীলিমা দেৱীয়ে এই মীন ফাৰ্মখন উদ্বোধন কৰে। বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ বিশেষ প্ৰচেষ্টাত আৰু কেন্দ্ৰীয় চৰকাৰৰ ‘প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা’ৰ (PMMSY) অধীনত এই আধুনিক ফিছ ফাৰ্মখন স্থাপন কৰা হৈছে।


এই ফাৰ্মখনৰ মূল উদ্দেশ্য হৈছে আমাৰ সমাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা শিঙৰা, শল, গৰৈ আদিৰ দৰে থলুৱা প্রজাতিৰ মাছসমূহৰ বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন আৰু সংৰক্ষণ কৰা।


ইয়াৰ জৰিয়তে বছৰি ১ লাখ টন মাছ উৎপাদনৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰা হৈছে। মীন উৎপাদন বৃদ্ধিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ পৰিকল্পনা কৰা হৈছে। অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক মীন পালনৰ সৈতে জড়িত হৈ আত্মনিৰ্ভৰশীল হ’বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।


উদ্বোধনী ভাষণত মন্ত্ৰী নীলিমা দেৱীয়ে আশা প্ৰকাশ কৰে যে এই মীন ফাৰ্মখনে স্থানীয় মীন উদ্যোগলৈ এক নতুন জোৱাৰ আনিব আৰু অঞ্চলটোৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।


উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, মীন বিভাগৰ সঞ্চালক গৌৰীশংকৰ দাস আৰু বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা। ইয়াৰ উপৰিও অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি তথা মীন পালকসকলেও এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী