--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুযুৰি মানুহৰ অমূল্য সম্পদ। চকুৰ অসুবিধা পোৱা মানেই জীৱনৰ বহু কামতে আউল লাগিব পাৰে। বৰ্তমান খাদ্যাভাস আৰু প্ৰদূষণ আদিৰ বাবে আমাৰ চকুযুৰিৰ বহু ক্ষতি হৈ আহিছে। সেয়ে চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি কেতবোৰ খাদ্য বিশেষভাবে গ্ৰহণ কৰা ভাল। চকু ভাল ৰাখিবলৈ আপুনি কি খাব?

তলত আমি আগবঢ়াইছো চকু ভালে ৰাখিবলৈ আপুনি খাব পৰা কেইবিধমান খাদ্য।

বাদামজাতীয় খাদ্য:
বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল। এইসমূহে চকু ভালে ৰাখে আৰু অস্পষ্ট দৃষ্টি দূৰ কৰে।

বাদামজাতীয় খাদ্যসমূহ ভিটামিনেৰে ভৰপূৰ। কাঠ বাদাম, আমণ্ড আৰু ৱালনাট—আটাইবোৰেই স্বাস্থ্যৰ পক্ষে ভাল।দিনে এমুঠিমান বাদামজাতীয় শুকান ফল খালেই ই আপোনাৰ চকুৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ভালে ৰাখিব।

 মাছ:
তেলযুক্ত মাছত অমেগা ৩ আৰু ৬ ফেটি এচিড থাকে। দেহৰ বাবে প্ৰয়োজনীয় প্ৰ’টিনৰ লগতে আন প্ৰয়োজনীয়তাও মাছে পূৰণ কৰে।

চকু ভালে থাকিবলৈ চকুত পানী থকাৰ প্ৰয়োজন। ফেটি এচিডে চকুৰ পানী উৎপন্ন হোৱাত সহায় কৰে।
চকুৰ পানীয়ে চকু পৰিষ্কাৰ কৰি ৰখাৰ লগতে চকুৰ অৱসাদ দূৰ কৰে আৰু ইয়াক সুস্থ ৰাখে।

 গাজৰ:
গাজৰ ভিটামিন এ-ৰে সমৃদ্ধ। ভিটামিন-এ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
গাজৰে চকুৰ সামগ্ৰিক স্বাস্থ্য ঠিক ৰখাৰ লগতে কুকুৰীকণা আদি সমস্যাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়।সেউজীয়া শাক-পাচলি নিয়মিত খোৱা কৰক।

পানীঃ প্ৰচুৰ পানী খাব। পানীয়ে চকৰুৰ লগতে দেহৰ আন অংগৰ সুস্থতা ৰক্ষাতো সহায় কৰে। কিছু সময় কাম কৰাৰ পিছত সেউজীয়া দৃশ্য চাবলৈ চেষ্টা কৰিব। এনে কৰিলে চকুযুৰিয়ে আৰাম পাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক