--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানী! ভাৰতীয় ব্যৱসায়িক জগতৰ এক অগ্ৰগণ্য নাম৷শেহতীয়াকৈ পুনৰ গৌতম আদানীৰ নাম শুনা গ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মুখত৷কংগ্ৰেছ নেতা ৰাহুল গান্ধী-এ পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গৌতম আদানী বিষয়ত আক্ৰমণ কৰে।এখন সংবাদমেল আজি সম্বোধন কৰি ৰাহুল গান্ধী-এ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ আত্মা আদানীতে বাস কৰে। 

ৰাহুল গান্ধী-এ কয় যে, ‘আদানী বিষয়ত আমি চৰকাৰক ইমানেই চাপত ৰাখিছো যে চৰকাৰে এতিয়া চোৰাংচোৱাৰ আশ্ৰয় লৈছে।বৰ্তমানৰ চৰকাৰখনত প্ৰথমত আদানী, দ্বিতীয় স্থানত প্ৰধানমন্ত্ৰী মোদী আৰু তৃতীয় স্থানত অমিত শ্বাহ আহে।এতিয়া দেশৰ ক্ষমতা আদানীৰ হাতত সংপৃক্ত।” তদুপৰি মোদী চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "আপোনালোকে যিমানেই চোৰাংচোৱাগিৰি নকৰক কিয়, আমি পিছুৱাই নাযাওঁ। যদি আপোনালোকে ফোনটো বিচাৰে, তেন্তে মোৰ ফোনটো লওক আৰু চোৰাংচোৱাগিৰি কৰক।'

সংবাদমেলৰ সময়ত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কেইবাজনো বিৰোধী নেতাক তেওঁলোকৰ ফোন নিৰ্মাতা এপলৰ পৰা পোৱা ই-মেইল সতৰ্কবাণীৰ প্ৰতিলিপিও প্ৰদৰ্শন কৰে৷এই সময়ত সাংবাদিকসকলেও ৰাহুল গান্ধীক প্ৰশ্ন কৰিছিল যে “আপুনি কৈছে যে এয়া মোদীৰ চৰকাৰ নহয় আদানী চৰকাৰ, এই চৰকাৰ কেনেকৈ সলনি হ’ব?” ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, "মোৰ এটা ধাৰণা আছে। কেৱল চৰকাৰ সলনি কৰিয়েই আদানী নাযায়। সময় আহিলেই ক'ম। ইয়াৰ বাবে ঔষধ দিব লাগিব।" পুঁজিবাদৰ কথা কওঁতে ৰাহুল গান্ধীয়ে কয়, "মই ভাৰতৰ ধাৰণাক বচাব চেষ্টা কৰিছো। এয়া দীঘলীয়া যুঁজ। মই সঁচা কথা কোৱাত অভ্যস্ত। আমি শোষণৰ বলি হৈছো। ইয়াৰ ফলত দাসত্বৰ সৃষ্টি হ'ব। যাক এৰাই চলিব লাগে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ