--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা অহৰহ আহি আছে ভাবুকি। এনে সময়তে ভাৰতে পাক-ভাৰত সীমান্তত সাজু কৰিছে ৰাছিয়াৰ অত্যাধুনিক  এছ-৪০০ মিছাইল। এক কথাত  ভাৰতৰ আকাশ এতিয়া যেন  লোৰ কবচেৰে আবৃত হৈ পৰিছে। ভাৰতীয় বায়ু সেনাই পাকিস্তান আৰু চীনৰ সীমান্তত ৰাছিয়াত নিৰ্মিত এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী মোতায়েন কৰাৰ লগে লগে সীমান্তত ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটো অধিক শক্তিশালী হৈ পৰিছে।

 জানিব পৰা মতে পাক-ভাৰত সীমান্তত অত্যাধুনিক মিছাইল প্ৰতিৰক্ষা প্ৰণালীৰ তিনিটা স্কোয়াড্ৰনে ইতিমধ্যে কাম আৰম্ভ কৰিছে।ভাৰতীয় প্ৰতিৰক্ষা সূত্ৰৰ মতে, সীমান্তৰ কিছুমান গুৰুত্বপূৰ্ণ স্থানত এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালীৰ তিনিটা স্কোয়াড্ৰন সক্ৰিয় কৰা হৈছে।  নতুন দিল্লীয়ে পুনৰ নতুনকৈ দুটা এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী ক্ৰয় কৰাৰ বাবে ৰাছিয়াৰ সৈতে কথা পাতিছে।   ২০১৮-১৯ বৰ্ষত ভাৰতে ৰাছিয়াৰ পৰা প্ৰায় ৩৫,০০০ কোটি টকাত পাঁচটা এছ-৪০০ স্কোয়াড্ৰন ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছিল। 

ভাৰতে চীন আৰু পাকিস্তানক প্ৰতিহত কৰিবলৈ আৰু শত্ৰুৰ মিছাইল আৰু যুঁজাৰু বিমানবোৰ মাজ  আকাশতে  ধ্বংস কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০২১  চনত, ভাৰতীয় বায়ু সেনাই পঞ্জাৱত প্ৰথম এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী মোতায়েন কৰিছিল। সামৰিক বিশেষজ্ঞসকলৰ মতে এই প্ৰণালীয়ে ভাৰতীয় বায়ু সেনাৰ শক্তি দুগুণে বৃদ্ধি কৰিব। 

আনহাতে, ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ প্ৰণালীক লৈ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিবাদ চলি আছে। নতুন দিল্লীৰ উদ্বেগ বৃদ্ধি কৰি, আমেৰিকাই ইংগিত দিছিল যে নতুন দিল্লীয়ে ৰাছিয়াত নিৰ্মিত মিছাইল ক্ৰয় কৰিলে ভাৰত  অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে ভাৰতেই  প্ৰথম দেশ নহয়,  যাৰ বিৰুদ্ধে ৱাশ্বিংটনে এছ-৪০০ ক্ৰয় কৰাৰ বাবে নিষেধাজ্ঞাৰ ভাবুকি দিছিল। ভাৰতৰ পূৰ্বে  তুৰ্কীয়েও ৰাছিয়াৰ পৰা এই অস্ত্ৰ  ক্ৰয় কৰিছিল। ফলস্বৰূপে নাটো সদস্য দেশখনে ইতিমধ্যে মাৰ্কিন  নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ