--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা অহৰহ আহি আছে ভাবুকি। এনে সময়তে ভাৰতে পাক-ভাৰত সীমান্তত সাজু কৰিছে ৰাছিয়াৰ অত্যাধুনিক  এছ-৪০০ মিছাইল। এক কথাত  ভাৰতৰ আকাশ এতিয়া যেন  লোৰ কবচেৰে আবৃত হৈ পৰিছে। ভাৰতীয় বায়ু সেনাই পাকিস্তান আৰু চীনৰ সীমান্তত ৰাছিয়াত নিৰ্মিত এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী মোতায়েন কৰাৰ লগে লগে সীমান্তত ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটো অধিক শক্তিশালী হৈ পৰিছে।

 জানিব পৰা মতে পাক-ভাৰত সীমান্তত অত্যাধুনিক মিছাইল প্ৰতিৰক্ষা প্ৰণালীৰ তিনিটা স্কোয়াড্ৰনে ইতিমধ্যে কাম আৰম্ভ কৰিছে।ভাৰতীয় প্ৰতিৰক্ষা সূত্ৰৰ মতে, সীমান্তৰ কিছুমান গুৰুত্বপূৰ্ণ স্থানত এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালীৰ তিনিটা স্কোয়াড্ৰন সক্ৰিয় কৰা হৈছে।  নতুন দিল্লীয়ে পুনৰ নতুনকৈ দুটা এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী ক্ৰয় কৰাৰ বাবে ৰাছিয়াৰ সৈতে কথা পাতিছে।   ২০১৮-১৯ বৰ্ষত ভাৰতে ৰাছিয়াৰ পৰা প্ৰায় ৩৫,০০০ কোটি টকাত পাঁচটা এছ-৪০০ স্কোয়াড্ৰন ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছিল। 

ভাৰতে চীন আৰু পাকিস্তানক প্ৰতিহত কৰিবলৈ আৰু শত্ৰুৰ মিছাইল আৰু যুঁজাৰু বিমানবোৰ মাজ  আকাশতে  ধ্বংস কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০২১  চনত, ভাৰতীয় বায়ু সেনাই পঞ্জাৱত প্ৰথম এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালী মোতায়েন কৰিছিল। সামৰিক বিশেষজ্ঞসকলৰ মতে এই প্ৰণালীয়ে ভাৰতীয় বায়ু সেনাৰ শক্তি দুগুণে বৃদ্ধি কৰিব। 


আনহাতে, ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ প্ৰণালীক লৈ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিবাদ চলি আছে। নতুন দিল্লীৰ উদ্বেগ বৃদ্ধি কৰি, আমেৰিকাই ইংগিত দিছিল যে নতুন দিল্লীয়ে ৰাছিয়াত নিৰ্মিত মিছাইল ক্ৰয় কৰিলে ভাৰত  অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে ভাৰতেই  প্ৰথম দেশ নহয়,  যাৰ বিৰুদ্ধে ৱাশ্বিংটনে এছ-৪০০ ক্ৰয় কৰাৰ বাবে নিষেধাজ্ঞাৰ ভাবুকি দিছিল। ভাৰতৰ পূৰ্বে  তুৰ্কীয়েও ৰাছিয়াৰ পৰা এই অস্ত্ৰ  ক্ৰয় কৰিছিল। ফলস্বৰূপে নাটো সদস্য দেশখনে ইতিমধ্যে মাৰ্কিন  নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ