--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ বোৱাৰী ৰাধিকা মাৰ্চেণ্ট এতিয়া চৰ্চাৰ বিষয়। নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ পত্নী হল ৰাধিকা মাৰ্চেণ্ট। ২০২৩ চনৰ জানুৱাৰী মাহত ৰাধিকা আৰু অনন্তৰ বাগদান সম্পন্ন হৈছিল আৰু ২০২৪ চনৰ ১২ জুলাইত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। জানো আহক ৰাধিকা মাৰ্চেণ্ট কোন?

ৰাধিকা মাৰ্চেণ্ট কোন?

এনকোৰ হেল্থকেয়াৰৰ প্ৰতিষ্ঠাপক বীৰেন মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্ট। ১৯৯৪ চনৰ ১৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল ৰাধিকাই। ৰাধিকা মাৰ্চেণ্টে কেথেড্ৰেল আৰু ইক’ল মণ্ডিয়াল ৱৰ্ল্ড স্কুলৰ জন কনন স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। বি ডি সোমানি ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্নাতক ডিগ্ৰীত ডিপ্লমা লাভ কৰিছে ৰাধিকাই।

ৰাধিকা মাৰ্চেণ্টৰ শিক্ষা

নিউয়ৰ্ক বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ স্নাতক অধ্যয়ন কৰিছিল। ৰাধিকা কলেজত পঢ়ি থাকোঁতে দেশাই এণ্ড দেৱানজী আৰু ইণ্ডিয়া ফাৰ্ষ্ট অৰ্গেনাইজেশ্যনৰ দৰে সংগঠনৰ লগত জড়িত হৈ পৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ বিলাসী ঘৰ নিৰ্মাণ কৰা ৰিয়েল এষ্টেট এজেন্সী ইছপ্ৰভাত যোগদান কৰে।

ৰাধিকা এগৰাকী পেছাদাৰী শাস্ত্ৰীয় নৃত্যশিল্পীও। মুম্বাইৰ শ্ৰী নিভা আৰ্টছ ডান্স একাডেমীৰ গুৰু ভৱন ঠাকৰৰ পৰা আঠ বছৰ ধৰি ভাৰতনাট্যমত তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰে। ৰাধিকাৰ বাবে নীতা আৰু মুকেশ আম্বানীয়ে আয়োজন কৰিছিল অৰংগেত্ৰম। অৰংগেত্ৰম স্নাতক অনুষ্ঠানৰ দৰেই, যেতিয়া কোনোবাই প্ৰশিক্ষণ সম্পূৰ্ণ কৰে আৰু শাস্ত্ৰীয় নৃত্যশিল্পীয়ে মঞ্চত অভিষেক ঘটায়।

ৰাধিকাৰ পিতৃ-মাতৃ কোন?

ৰাধিকাৰ পিতৃ বীৰেণ মাৰ্চেণ্ট এনকোৰ হেল্থকেয়াৰৰ চিইঅ’ আৰু ষ্টীল নিৰ্মাণ কোম্পানী এপিএল এপ’ল’ টিউবছৰ ব’ৰ্ড মেম্বাৰ। ৰাধিকাৰ মাতৃ শৈলা এনকোৰ হেল্থকেয়াৰৰ পৰিচালক। এনকোৰ হেল্থৰ ব’ৰ্ড ডাইৰেক্টৰ পদতো অধিষ্ঠিত ৰাধিকাই পশু কল্যাণ, নাগৰিক অধিকাৰ, শিক্ষা, স্বাস্থ্য, মানৱ অধিকাৰ, অৰ্থনৈতিক সবলীকৰণ আৰু সমাজ সেৱাৰ প্ৰতি আগ্ৰহী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন