ডিজিটেল ডেস্ক: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জনপ্রিয় গল্প 'ঢোঁৰা কাউৰী আৰু টিপচী চৰাই' সাধুকথাৰ নায়ক টিপচী আজি অস্তিত্বৰ সংকটত। অসমৰ গ্ৰাম্য অঞ্চলৰ লগতে চহৰীয়া ফুলনি বা বাগিচাসমূহৰ এক অতি পৰিচিত, চঞ্চল আৰু মৰম লগা চৰাই হৈছে টিপচী বা পাতসিয়া চৰাই। ইংৰাজীত 'Common Tailorbird' বুলি জনাজাত এই ক্ষুদ্ৰ চৰাইবিধে নিজৰ চোকা ঠোঁটেৰে গছৰ দুখিলা ডাঙৰ পাত অতি সুন্দৰকৈ চিলাই বাহ সজা কলাৰ বাবে সকলোৰে আকৰ্ষণৰ কেন্দ্রবিন্দু। কিন্তু সাম্প্রতিক সময়ত ক্রমান্বয়ে সলনি হৈ অহা পৰিৱেশ আৰু নগৰীকৰণৰ বাবে এই চৰাইবিধৰ অস্তিত্বক লৈ এতিয়া চিন্তিত হৈ পৰিছে প্রকৃতিপ্রেমীসকল।
অসমীয়া গ্রাম্য সমাজ আৰু লোক-সংস্কৃতিৰ সৈতে টিপচী চৰাইৰ সম্পৰ্ক অতি নিবিড়। এই চৰাইটোক লৈ সমাজত কেতবোৰ আমোদজনক লোকবিশ্বাস প্রচলিত আছে। গাঁৱৰ জ্যেষ্ঠ লোকসকলৰ মতে, ঘৰৰ বাৰীৰ চুকত বা পদূলিৰ কাষৰ গছত টিপচী চৰায়ে অনৱৰতে জঁপিয়াই মাতি থাকিলে ঘৰলৈ কোনো শুভ সংবাদ বা আলহী অহাৰ সংকেত পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বিপৰীতে, বহু ঠাইত আকৌ টিপচী চৰাই ঘৰৰ ভিতৰলৈ সোমাই আহিলে বা চোতালত একেৰাহে তীব্ৰ স্বৰত চিঞৰিলে কোনোবা আপোনজনৰ কিবা বেয়া খবৰ বা অমংগল হ'ব পাৰে বুলিও এক পুৰণি লোকবিশ্বাস আছে। কেৱল লোকবিশ্বাসেই নহয়, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ যুগজয়ী 'বুঢ়ী আইৰ সাধু'ৰ 'ঢোঁৰাকাউৰী আৰু টিপচী চৰাই'ৰ সাধুটোৰ জৰিয়তে অসমৰ প্ৰতিটো প্ৰজন্মৰ শিশুৱেই এই চৰাইটোৰ বুদ্ধিমত্তাৰ বিষয়ে সৰুৰে পৰা পঢ়ি আৰু শুনি ডাঙৰ-দীঘল হৈছে। টিপচীৰ চঞ্চল প্ৰকৃতি আৰু সৰু আকাৰটোক লৈ অসমীয়া সমাজত বহু ফকৰা-যোজনাও প্রচলিত থকা দেখা যায়। টিপচী চৰাই কেৱল দেখাত ধুনীয়া বা সাংস্কৃতিকভাৱে চহকীয়েই নহয়, বৰং পৰিৱেশ তন্ত্ৰতো ইয়াৰ গুৰুত্ব অপৰিসীম। সম্পূর্ণ পতংগভোজী এই চৰাইবিধে গছ-লতাৰ অনিষ্টকাৰী সৰু সৰু পোক-পৰুৱা, মকৰা আৰু পলু আদি খাই প্রাকৃতিক কীটনাশক হিচাপে কাম কৰে। বিশেষকৈ খেতিপথাৰ, শাক-পাচলিৰ খেতি বা ঘৰুৱা বাগিচাসমূহ সুস্থ কৰি ৰখাত ইহঁতে অহৰহ গুৰুত্বপূৰ্ণ ভূমিকা লয়।
বৰ্তমান সময়ত চহৰীকৰণৰ নামত গছ-গছনি কটা, প্রাকৃতিক আৱাসস্থলী ধ্বংস কৰা, আৰু বাগিচাসমূহৰ লগতে খেতিপথাৰত অত্যধিক পৰিমাণে ৰাসায়নিক কীটনাশক প্রয়োগ কৰাৰ ফলত টিপচী চৰাইৰ খাদ্য আৰু সুৰক্ষিত বাসস্থান দুয়োটাতে মোক্ষম আঘাত পৰিছে। ইয়াৰ উপৰি ম'বাইল টাৱাৰৰ তৰংগ আৰু বায়ু প্ৰদূষণেও ইহঁতৰ প্ৰজনন আৰু বংশবৃদ্ধিত প্ৰভাৱ পেলাইছে বুলি বিশেষজ্ঞসকলে আশংকা প্রকাশ কৰিছে। প্রকৃতিবিদসকলৰ মতে, আমাৰ ঘৰৰ চৌপাশৰ পৰিৱেশ সেউজীয়া কৰি ৰখা, ঘৰুৱা ফুলনি বাগিচাসমূহ সংৰক্ষণ কৰা আৰু ৰাসায়নিক সাৰ বা কীটনাশকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ জৰিয়তে এই মৰম লগা চৰাইবিধক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। আইতাৰ সাধুকথাৰ পৰা আৰম্ভ কৰি অসমীয়া লোক-সংস্কৃতিৰ সৈতে জড়িত এই আপুৰুগীয়া চৰাইবিধক ভৱিষ্যৎ প্ৰজন্মৰ বাবে ধৰি ৰখাৰ দায়িত্ব এতিয়া প্রতিজন সচেতন নাগৰিকৰ।
উৎস: দৈনিক জনমভূমি