--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লী অগ্নিসেৱা বাহিনীৰ বিষয়া সকলে জনোৱা মতে, খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ ৬ টা জৰুৰীকালীন গোট প্ৰেৰণ কৰা হয়।

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পুৱা পুৰণি দিল্লীৰ চাওড়ী বজাৰৰ সমীপৱৰ্তী পাইলান এলেকাত এটা শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ১০:১৫ বজাত চাওড়ী বজাৰ মেট্ৰ’ ষ্টেচনৰ ঠিক সন্মুখত থকা শীশ মহলৰ গলি চত্তাৰাত এটা তিনি মহলীয়া নিৰ্মীয়মাণ অট্টালিকা হঠাতে খহি পৰে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এই দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু হৈছে আৰু আন এজন গুৰুতৰভাৱে আহত হৈছে।


দিল্লী অগ্নিসেৱা বাহিনীৰ বিষয়া সকলে জনোৱা মতে, খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ ৬ টা জৰুৰীকালীন গোট প্ৰেৰণ কৰা হয়। ইয়াৰ ভিতৰত ৩ টা ৱাটাৰ টেণ্ডাৰ, ১ টা ৱাটাৰ বাউজাৰ, ১ টা দ্ৰুত প্ৰতিক্ৰিয়া বাহন (QRV) আৰু এটা দুৰ্ঘটনা প্ৰতিক্ৰিয়া দল (IRT) অন্তৰ্ভুক্ত আছে। বৰ্তমান জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।


ঘটনাস্থলীত উপস্থিত থকা অগ্নিসেৱা বাহিনীৰ বিষয়া ডি কে ৰয়ে জনায় যে তিনি মহলীয়া নিৰ্মীয়মাণ অট্টালিকাটো সম্পূৰ্ণৰূপে খহি পৰাৰ ফলত এতিয়াও কেইজনমান লোক ভিতৰত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। 


এই সন্দৰ্ভত তেওঁ অতিৰিক্ত কৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ সহায়ৰ বাবে অনুৰোধ জনাইছে। আনহাতে, আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি আহত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
বৰক্ষেত্ৰীত জুইৰ লেলিহান শিখাত জাহ গ’ল ৫খনকৈ দোকান, ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ