ডিজিটেল ডেস্ক: প্রযুক্তি কোম্পানীসমূহে কৰ্মচাৰী ছাটাই অভিযান অব্যাহত ৰাখিছে। মাইক্ৰ'ছফটে বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰী ছাটাইৰ সিদ্ধান্ত লোৱাৰ পাছতে এইবাৰ 'ইন্নোডাটা' নামৰ প্ৰযুক্তি কোম্পানীটোৱে ভাৰতত ৫৫০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিলে। আমেৰিকাৰ কৃত্রিম বুদ্ধিমত্তা (এআই) তথা সেৱা কোম্পানীটোৱে ২৬ অক্টোবৰত কৰ্মচাৰীসকলৰ ব্যক্তিগত ই-মেইললৈ অব্যাহতি পত্র প্ৰেৰণ কৰে।
একাংশ কৰ্মচাৰীয়ে অভিযোগ কৰে যে তেওঁলোকলৈ কোম্পানী কর্তৃপক্ষই 'বেক ডেট'তহে অব্যাহতি-পত্ৰ প্ৰেৰণ কৰিছে। ইফালে, আন এটা মার্কিন প্রযুক্তি আৰু ই-বাণিজ্য কোম্পানী এমাজনে বিশ্বজুৰি ২৫০জন কৰ্মচাৰীক ছাটাই কৰিলে।
প্রতিষ্ঠানটোৱে এই কথা নিশ্চিত কৰিছে। এই ছাটাইৰ দ্বাৰা কোম্পানীটোৰ ছফ্টৱে'ৰ বিকাশৰ কামত জড়িত কৰ্মচাৰীসকল ক্ষতিগ্রস্ত হৈছে। ২৮ অক্টোবৰত কৰ্মচাৰীসকললৈ কোম্পানী কর্তৃপক্ষই অব্যাহতি-পত্ৰ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে যোৱা বৰ্ষৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীৰ ভিতৰত এমাজনে আন ৩০ হাজাৰ কৰ্মচাৰীক অব্যাহতি দিছিল।
উৎস: দৈনিক জনমভূমি