ডিজিটেল ডেস্ক: ইজৰাইলৰ নিৰ্বাচনী প্রেক্ষাপট বৃহস্পতিবাৰেও স্পষ্ট নহ'ল। সাধাৰণ নিৰ্বাচনত শাসক-বিৰোধী কোনো এটা মিত্রজোঁটেও সংখ্যাগৰিষ্ঠতা লাভ নকৰাত দেশখনত কোনে চৰকাৰ গঠন কৰিব, সেয়া এতিয়াও ধূসৰ হৈ আছে। প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৰ লিকুড পাৰ্টিৰ নেতৃত্বৰ মিত্ৰজোঁটে ৫৩খন আসন পোৱাৰ বিপৰীতে য়াছাৰ দলৰ নেতৃত্বৰ বিৰোধী মিত্রজোঁটে ৪৮খন আসন লাভ কৰিছে। অৱশ্যে দেশখনত ৯৭ শতাংশ ভোটগণনা সম্পূর্ণ হ'লেও এতিয়াও কেইবাখনো আসনৰ ভোটগণনা চলি আছে। ইজৰাইলৰ ১২০জনীয়া সংসদত (নেছেট) সংখ্যা গৰিষ্ঠাতাৰ বাবে ৬১খন আসনৰ প্ৰয়োজন। কিন্তু কোনো এটা মিত্রগোষ্ঠীয়েই এই মেজিক নাম্বাৰ স্পৰ্শ কৰিব নোৱাৰাটো স্পষ্ট হৈ পৰিছে।
এনে সময়তে আৰব পার্টিয়ে দেশখনত 'কিং মেকাৰ'ৰ ভূমিকা গ্রহণ কৰাৰ পূৰামাত্ৰাই সম্ভাৱনা প্রকট হৈ পৰিছে। নিৰ্বাচনত আৰব পাৰ্টিয়ে ১৯খন আসন লাভেৰে সুবিধাজনক স্থিতিত আছে। এই গ্রুপে যিটো মিত্রগোষ্ঠীকে সমর্থন জনাব সিয়েই চৰকাৰ গঠন কৰিব পাৰিব। ইফালে, দেশখনত চলি থকা চৰ্চা অনুসৰি প্রধানমন্ত্রী নেটান্যাহুৱে তেওঁৰ প্ৰধান বিৰোধী গাদি আইজেনকোট নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰে মিলিও চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে।
নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভৰ পৰা বঞ্চিত হৈ যুদ্ধবাজ প্রধানমন্ত্রী নেটান্যাহুৱে বিৰোধীৰে হাত মিলাই হ'লেও গাদী ৰক্ষাৰ চেষ্টাত নামিছে। আনহাতে, ইহুদি ৰাষ্ট্ৰখনৰ নিৰ্বাচনত বিদেশী ৰাষ্ট্ৰই হস্তক্ষেপ কৰাৰো অভিযোগ উঠিছে। এই সন্দৰ্ভত দেশখনৰ কেন্দ্ৰীয় নির্বাচন আয়োগৰ অধ্যক্ষ ন্যায়াধীশ নোৱাম ছহলবার্গে তদন্তৰ নির্দেশ দিছে। ইজৰাইলৰ নিৰ্বাচনত হস্তক্ষেপ কৰা বুলি কাটাৰৰ বিৰুদ্ধে উঠা অভিযোগ ডোহা প্রশাসনে অস্বীকাৰ কৰিছে।
উৎস: দৈনিক জনমভূমি