ডিজিটেল ডেস্ক : বিজ্ঞানৰ কল্প কাহিনীৰ দৰে লাগিলেও, বর্তমান অত্যাধুনিক প্রযুক্তিৰ যুগত এটা অসম্ভৱ কামক সম্ভৱ কৰি তুলিবলৈ অগ্ৰসৰ হৈছে আমেৰিকাৰ এটা প্রযুক্তি ষ্টার্ট আপে। আমেৰিকাৰ কেলিফর্নিয়াৰ এটা মহাকাশ ষ্টার্ট আপ প্রতিষ্ঠান, 'ৰিফ্লেক্ট অবিটেল'-এ নিশাৰ ভাগত সূৰ্যৰ পোহৰ বিক্ৰী কৰাৰ এক অভিনৱ আৰু আশ্চর্যজনক আঁচনি হাতত লৈছে। এই অভিনৱ প্ৰযুক্তিৰ পৰীক্ষণৰ বাবে মার্কিন প্রতিষ্ঠানটোৱে ভাৰতৰ হায়দৰাবাদস্থিত ব্যক্তিগত খণ্ডৰ মহাকাশ প্রতিষ্ঠান 'স্কাইৰুট এৰ'স্পেচ'ৰ সৈতে চুক্তিবদ্ধ হৈছে।
মার্কিন স্পেচ প্রযুক্তি প্রতিষ্ঠান ৰিফ্লেক্ট অর্বিটেলে মহাকাশত পৃথিৱীৰ নিম্ন কক্ষপথত (এল ই অ') ১৮×১৮ মিটাৰ জোখৰ বৃহৎ আকৃতিৰ আইনা (মিৰৰ) স্থাপন কৰিব। এই বৃহৎ আকৃতিৰ আইনাই সূর্যাস্তৰ পাছতো সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰি পৃথিৱীৰ নিৰ্দিষ্ট স্থানলৈ সূৰ্যৰ আলোক প্ৰেৰণ কৰিব। এই নতুন প্রযুক্তি পৰীক্ষা কৰাৰ উদ্দেশ্যে কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিবলৈ ভাৰতৰ 'স্কাইৰুট এৰ'স্পেচ'ৰ সৈতে চুক্তি কৰিছে 'ৰিফ্লেক্ট অৰ্বিটেল-এ। স্কাইৰুটৰ 'বিক্ৰম' ৰকেটৰ সহায়ত দুবাৰকৈ কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই নতুন প্রযুক্তিৰ মূল উদ্দেশ্য হৈছে নিশাৰ সময়ত সৌৰশক্তি প্রকল্পসমূহ সক্ৰিয় কৰি ৰাখি বিদ্যুৎ উৎপাদন কৰা, প্রাকৃতিক দুৰ্যোগপ্ৰৱণ এলেকাত পোহৰৰ যোগান ধৰা আৰু নিশাৰ ভাগত উদ্ধাৰ অভিযানত সহায় কৰা। মার্কিন প্রযুক্তি প্রতিষ্ঠানটোৰ মতে, গ্ৰাহকৰ চাহিদা অনুসৰি প্ৰায় ৫ কিল'মিটাৰ ব্যাসার্ধৰ এলেকাজুৰি এই কৃত্রিম সূৰ্যৰ পোহৰ যোগান ধৰিব পৰা যাব আৰু ইয়াৰ উজ্জ্বলতা নিয়ন্ত্রণ কৰিব পৰা যাব। মার্কিন প্রতিষ্ঠানটোৱে ইয়াৰ প্ৰথমটো প্রদর্শনীমূলক অভিযান ২০২৭ বৰ্ষৰ দ্বিতীয়টো ত্রৈমাসিকত আৰম্ভ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে।
উল্লেখযোগ্য যে মার্কিন প্রযুক্তি প্রতিষ্ঠানটোৱে নিৰ্ধাৰণ কৰা লক্ষ্য অনুসৰি ভূপৃষ্ঠৰ পৰা ৬৪৫ কিল'মিটাৰ ওপৰত পৃথিৱীৰ নিম্নকক্ষপথত প্রায় ৫৯ ফুট ব্যাসার্ধৰ বিশাল আইনা স্থাপন কৰা হ'ব। ইয়াৰ বাবে অহা বৰ্ষৰ দ্বিতীয় ত্রৈমাসিকত 'ইয়াৰেণ্ডিল-১' উপগ্রহ উৎক্ষেপণ কৰিব। পৰিকল্পনা অনুসৰি, ২০৩৫ চনৰ ভিতৰত মহাকাশলৈ এনেধৰণৰ ৫০ হাজাৰ উপগ্রহ প্ৰেৰণ কৰা হ'ব। মার্কিন প্রতিষ্ঠানটোৱে দাবী কৰা মতে, এই প্রতিফলিত সূৰ্যৰ পোহৰ প্ৰাৰম্ভিকতে 'পূর্ণিমা'ৰ পোহৰৰ দৰে হ'ব।
পৃথিৱীৰ পৰা উপগ্ৰহৰ সংখ্যা অধিক পঠিয়ালে, মাজ আকাশৰ সূৰ্যৰ পোহৰৰ নিচিনাকৈ উজ্জ্বল আৰু দীর্ঘস্থায়ী হ'ব পাৰে। যোৱা জুলাই মাহত মার্কিন নিয়ন্ত্রক সংস্থা 'ফেডাৰেল কমিউনিকেশ্যনছ কমিছন'-এ অহা বছৰত এই নতুন প্রযুক্তিৰ পৰীক্ষামূলক উপগ্রহ উৎক্ষেপণৰ অনুমতি দিছে। ইয়াৰ পাছতেই এই নতুন প্রযুক্তিৰ বিৰোধিতাত সৰৱ হৈ উঠিছে বিজ্ঞানী আৰু পৰিৱেশবিদ। নিশাৰ আকাশত এনেধৰণৰ সম্ভাব্য পৰিৱেশ আৰু ইয়াৰ ক্ষতিকাৰক প্ৰভাৱক লৈ উদ্বিগ্ন হৈ পৰিছে জ্যোতির্বিজ্ঞানী আৰু পৰিৱেশবিদসকল।
উৎস: দৈনিক জনমভূমি