--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০০৩ চনত বড়ো শান্তি চুক্তি তথা বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে বিটিচিৰ অন্তৰ্গত বাক্সা জিলাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। পৰৱৰ্তী সময়ত জিলাখনে এক সুকীয়া পৰিচয় লাভ কৰি অসমৰ মানচিত্ৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক: আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে সমৃদ্ধ বাক্সাত উলহ-মালহেৰে জিলা দিৱস উদযাপন কৰা হৈছে। সমৃদ্ধ ঐতিহ্য, বৰ্ণিল সাংস্কৃতিক বৈচিত্ৰ্য আৰু সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকা বাক্সা জিলাই আজি গৌৰৱোজ্জ্বল যাত্ৰাৰ ২৩টা বছৰ সম্পূৰ্ণ কৰিলে। উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ দিশত ক্ৰমাৎ আগুৱাই যোৱা জিলাখনৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ।


উল্লেখ্য যে, ২০০৩ চনত বড়ো শান্তি চুক্তি তথা বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে বিটিচিৰ অন্তৰ্গত বাক্সা জিলাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। পৰৱৰ্তী সময়ত জিলাখনে এক সুকীয়া পৰিচয় লাভ কৰি অসমৰ মানচিত্ৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হয়। এই বিশেষ দিনটো উপলক্ষে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বাক্সা জিলা দিৱস। পুৱাৰ ভাগতে বৰ্ণিল শোভাযাত্ৰা আৰু পতাকা উত্তোলনেৰে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। ইয়াৰ পাছতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে দিনটো উদযাপন কৰা হয়।


জিলা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে মানস বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ পাৰিষদ ৰিদীপ কুমাৰ ডেকা আৰু জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য ৰাইজে এই উদযাপনত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।


প্ৰতিষ্ঠা দিৱসক কেন্দ্ৰ কৰি এতিয়া উদুলি-মুদুলি হৈ পৰিছে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বাকৰি। জাতি-জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতি, ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আজিৰ এই উদযাপনে।


২৩ বছৰৰ এই গৌৰৱময় যাত্ৰাই বাক্সা জিলাক আগন্তুক দিনবোৰত উন্নয়ন, শান্তি, ঐক্য আৰু সমৃদ্ধিৰ নতুন দিগন্তলৈ আগুৱাই নিয়ক—এয়াই প্ৰতিগৰাকী জিলাবাসীৰ আশা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু