ডিজিটেল ডেস্ক: বকোৰ দখলাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী বোৱাৰী আৰু তেওঁৰ সাতবছৰীয়া পুত্ৰ নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি পৰিয়ালটোত সৃষ্টি হৈছে হাহাকাৰ।
যোৱা সোমবাৰৰ পৰা মাতৃ কিকুমনি ৰাভা (২৯) আৰু পুত্ৰ ভিবু কলিতাৰ (৭) আজিলৈকে কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে।
প্ৰাপ্ত তথ্য অনুসৰি, নিৰুদ্দেশ হোৱা কিকুমনি ৰাভা হৈছে নাৰায়ণ কলিতাৰ পত্নী। জানিব পৰা মতে, সাতবছৰীয়া পুত্ৰ ভিবু কলিতাক বিদ্যালয়ৰ পৰা আধাতে উলিয়াই আনি হাস্পতালত বেজি দিবলৈ যোৱাৰ কথা কৈ ওলাই গৈছিল কিকুমনি ৰাভা। কিন্তু তাৰ পিছৰে পৰা মাতৃ-পুত্ৰ দুয়োৰে কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে।
ইফালে, বহু সময় পাৰ হৈ যোৱাৰ পিছতো পত্নী আৰু কণমানি পুত্ৰৰ কোনো খবৰ নোপোৱাত দিশহাৰা হৈ পৰিছে স্বামী নাৰায়ণ কলিতাৰ পৰিয়াল। আপোনজনৰ অপেক্ষাত এতিয়া ঘৰখনত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ। পৰিয়ালৰ প্ৰতিটো মুহূৰ্ত পাৰ হৈছে উৎকণ্ঠা আৰু আশংকাৰ মাজেৰে।
কোনো হৃদয়ৱান ব্যক্তিয়ে যদি কিকুমনি ৰাভা আৰু তেওঁৰ পুত্ৰ ভিবু কলিতাক ক’ৰবাত দেখা পায় অথবা তেওঁলোকৰ সন্ধান লাভ কৰে, তেন্তে তলত উল্লেখ কৰা ম’বাইল নম্বৰ দুটাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা কাতৰ অনুৰোধ জনোৱা হৈছে।
যোগাযোগৰ নম্বৰ: 93654 75419 আৰু 81358 63317
“তুমি য’তেই আছা, আমাৰ কণমানি বাবুটিক লগত লৈ সোনকালে ঘৰলৈ উভতি আহা। তোমালোকৰ অপেক্ষাত আমি বাট চাই আছোঁ। তোমালোকৰ অবিহনে ঘৰখন উকা হৈ পৰিছে। অনুগ্ৰহ কৰি সোনকালে উভতি আহা। এনেদৰে স্বামীয়ে জনাইছে কাতৰ আহ্বান।’’
এতিয়া পৰিয়ালৰ এটাই আশা—সুকলমে ঘৰলৈ উভতি আহক নিৰুদ্দেশ মাতৃ-পুত্ৰ।