--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে নিশা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা আই পি এল- ৰ এলিমিনেটৰ মেচত ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিলে এক বিধ্বংসী ইনিংছ। মাৰমুখী বেটিঙেৰে প্ৰায় অকলেই এজন খেলুৱৈয়ে গঢ়ি তুলিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিজয়ৰ ভেঁটি। নিশাটোৰ ভিতৰতে তাৰকাত পৰিণত হৈ পৰিল পূৰ্বে চৰ্চিত নোহোৱা এটা নাম। 

খেলুৱৈজনৰ নাম ৰজত পাটিদাৰ। বুধবাৰে ইডেনত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে এলিমিনেটৰ যুঁজত আক্ৰমণাত্মক বেটিং শৈলীৰে ৫৪ বলত ১১২ ৰান সংগ্ৰহেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে পাটিদাৰে। ভংগ কৰিছে পোন প্ৰথমবাৰৰ বাবে আই পি এল- ত অন্তৰ্ভুক্ত হোৱা লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ আই পি এল জয়ৰ সপোন। 

পিছে আৰ চি বিৰ জয়ৰ নায়ক হৈ পৰা পাটিদাৰৰ এই যাত্ৰা আহিছিল যথেষ্ট উত্থান-পতনৰ পথেৰে। চলিত বৰ্ষৰ আই পি এল নিলামত আনচ’ল্ড হৈ ৰৈছিল ৰজত পাটিদাৰ। কোনো এটা ফ্ৰেঞ্চাইজীয়ে আগ্ৰহ প্ৰকাশ কৰা নাছিল মধ্য প্ৰদেশৰ এই বেটাৰ গৰাকীৰ প্ৰতি। 

ইয়াৰ পূৰ্বেও পাটিদাৰে আই পি এল- ত মাত্ৰ এটা চিজনতহে আত্মপ্ৰকাশ কৰাৰ সুযোগ পাইছিল। ২০২১ বৰ্ষৰ আই পি এল- ত আৰ চি বি- ৰ অংশ আছিল পাটিদাৰ। কিন্তু নিজকে প্ৰমাণিত কৰাত ব্যৰ্থ হোৱা পাটিদাৰে চিজনটোত ৪ খন খেলত মাত্ৰ ৭১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

চলিত বৰ্ষৰ আই পি এল নিলামত আনচ’ল্ড হৈ ৰোৱাৰ পিছত পিছে হঠাতে কপাল ফুলে বেটাৰ গৰাকীৰ। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে নিলামত ক্ৰয় কৰা লুভনিথ চিছোদিয়া নামৰ খেলুৱৈগৰাকী আঘাতৰ বাবে আই পি এলৰ পৰা বাহিৰ হ’বলগীয়া হয়। চিছোদিয়াৰ ঠাইত আৰ চি বিয়ে দলত অন্তৰ্ভুক্ত কৰে পাটিদাৰক। আৰু আৰ চি বিৰ এই সিদ্ধান্তক সঠিক প্ৰমাণিত কৰে পাটিদাৰে বুধবাৰে দলটোৰ বাবে কোৱালিফায়াৰৰ পথ মুকলি কৰে। 

বুধবাৰৰ শতকীয় ইনিংছটোৰে পাটিদাৰ আন এক অভিলেখৰো গৰাকী হয়। আই পি এল- ৰ ইতিহাসত প্লে’ অফত শতক অৰ্জন কৰা প্ৰথমজন আনকেপড খেলুৱৈ হিচাপে পৰিগণিত হয় পাটিদাৰ। তদুপৰি প্ৰতিযোগিতাখনৰ ইতিহাসত শতক অৰ্জন কৰা পঞ্চমজন আনকেপড খেলুৱৈ হৈ পৰে পাটিদাৰ। আনহাতে পাটিদাৰৰ এই শতকীয় ইনিংছটো আই পি এলৰ প্লে’ অফত পঞ্চমটো শতকীয় ইনিংছ। 

১৯৯৩ চনৰ ১ জুনত মধ্য প্ৰদেশৰ ইন্দোৰত জন্মগ্ৰহণ কৰা পাটিদাৰে ৮ বছৰ বয়সতে এটা ক্ৰিকেট ক্লাবত যোগদান কৰিছিল। পোনপ্ৰথমে বলাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰা পাটিদাৰে ১৫-অনুৰ্ধ পৰ্যায়ৰ পিছতহে বেটিংত মনোনিৱেশ কৰে। 
 
২০১৫-১৬ বৰ্ষৰ মধ্য প্ৰদেশৰ হৈ ৰঞ্জী ট্ৰফীৰ যোগেদি প্ৰথম শ্ৰেণী ক্ৰিকেটত আত্মপ্ৰকাশ কৰা পাটিদাৰ ২০১৮-১৯ বৰ্ষৰ ৰঞ্জী চিজনৰ পাছতে ক্ৰিকেট বিশেষজ্ঞ সকলৰ চকুত পৰে। উক্ত চিজনত মধ্য প্ৰদেশৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। 

ইয়াৰ পাছতে তেওঁ ২০১৯ চনৰ দুলীপ ট্ৰফীৰ বাবে ইণ্ডিয়া ব্লু দলৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।উল্লেখ্য যে পাটিদাৰে ২০১৮ চনৰ পৰা ৩৮ খন টি-২০ মেচত অংশ লৈছে আৰু সৰ্বাধিক ৯৬ ৰানৰ স্ক’ৰৰ সৈতে ১৩৭.৮ ষ্ট্ৰাইক ৰেটেৰে ১০২৪ ৰাণ সংগ্ৰহ কৰিছে।

বুধবাৰৰ ইনিংছটোৰ পাছতে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পাটিদাৰক বহু কেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে ক্ৰিকেট বিশেষজ্ঞই প্ৰশংসা কৰিছে। অৱশ্যে প্ৰতিজন খেলুৱৈৰে ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ যি স্বপ্ন থাকে, সেই স্বপ্নক বাস্তৱায়িত কৰিবলৈ হ’লে পাটিদাৰে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই যাব লাগিব। ভৱিষ্যতে পাটিদাৰ এই ক্ষেত্ৰত কিমান দূৰ সফল হয়, সি লক্ষ্যণীয় হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ