--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আই পি এল- ৰ ১৫ সংখ্যক সংস্কৰণ ইতিমধ্যে প্ৰায় সমাপ্ত হোৱাৰ দিশে। দেওবাৰে চলিত চিজনৰ ফাইনেলত অৱতীৰ্ণ হ'ব নৱাগত দল গুজৰাট টাইটানছ আৰু প্ৰথম বৰ্ষৰ আই পি এলৰ বিজয়ী দল ৰাজস্থান ৰয়েলছ। ইতিমধ্যে প্ৰতিযোগিতাখনৰ দ্বিতীয় কোৱালিফায়াৰত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। 

ইয়াৰ লগে লগে দলটোৰ প্ৰথমবাৰৰ বাবে আই পি এলৰ ট্ৰফী জয়ৰ স্বপ্ন অপূৰ্ণ হৈ ৰয়। অসম্পূৰ্ণ হৈ ৰয় প্ৰথম বৰ্ষৰ পৰাই দলটোৰ অভিন্ন অংগ হৈ থকা বিৰাট কোহলীৰ আই পি এল ট্ৰফীত চুম্বনৰ হাবিয়াস।

আই পি এলৰ পৰা বিদায়ৰ পিছতে বিৰাট কোহলীয়ে সামাজিক মাধ্যমত এক আৱেগিক পোষ্টেৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সমৰ্থকসকলৰ লগতে ফ্ৰেঞ্চাইজিটোৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনায়। 

ফ্ৰেঞ্চাইজিটোৰ সমৰ্থকসকলক দলৰ দ্বাদশ সদস্য হিচাপে অভিহিত কৰি কোহলীয়ে পোষ্টটোত লিখিছে, "কেতিয়াবা আপুনি জয়ী হয়, আৰু কেতিয়াবা জয়ী হ'ব নোৱাৰে। কিন্তু দ্বাদশ সেনানীসকল, আপোনালোক সদায়ে চমৎকাৰ। আমাৰ সমগ্ৰ অভিযানত আপোনালোকে সদায়ে আমাক সমৰ্থন কৰিছে। আপোনালোকে ক্ৰিকেটক বিশেষ কৰি তুলিছে। শিক্ষণ কেতিয়াও সমাপ্ত নহয়। এই অভিনৱ দলটোৰ সৈতে জড়িত হোৱা মেনেজমেণ্ট, সহায়ক কৰ্মচাৰীসহ সকলো লোককে অশেষ ধন্যবাদ। অহা চিজনত আপোনালোকক পূনৰ লগ পাম।" 

উল্লেখ্য যে আই পি এলৰ চলিত চিজনত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় কোহলী। সমগ্ৰ প্ৰতিযোগিতাখনত কোহলীয়ে ১৬ খন মেচত ২২.৭৩ গড়ে মাত্ৰ ৩৪১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ প্ৰধান খেলুৱৈ কোহলীৰ এই প্ৰদৰ্শনে নিৰাশ কৰে ফ্ৰেঞ্চাইজিটোৰ সমৰ্থকসকলক। 

কেৱল আই পি এল বুলিয়ে নহয়, আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটতো কোহলীৰ শেহতীয়া প্ৰদৰ্শন অত্যন্ত নিৰাশাজনক। ক্ৰিকেট জগতত ৰান মেচিন হিচাপে পৰিচিত খেলুৱৈজনে ২০১৯ চনতে অন্তিমবাৰৰ বাবে আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰিছিল। তেওঁৰ শেহতীয়া এই হতাশাজনক প্ৰদৰ্শনৰ মাজতে ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীকে ধৰি কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে কোহলীয়ে ক্ৰিকেটৰ পৰা সাময়িকভাৱে বিৰতি লোৱা উচিত বুলি পৰামৰ্শ আগবঢ়াইছে।

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ এই ফৰ্মহীনতাই চিন্তাত ৰাখিছে ভাৰতীয় ক্ৰিকেট দলটোৰ লগতে সমৰ্থকসকলকো। কিয়নো চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। দলৰ মূল তাৰকাগৰাকীৰ প্ৰদৰ্শন দলৰ জয়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এনে অৱস্থাত কোহলীৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন পুনৰ ঘূৰাই পোৱালৈ অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগী সকলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ