--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় হকী দলটোৱে  পুনৰ স্বৰ্ণযুগ ঘূৰাই আহিব বুলি বহুতে আশা কৰি থকাৰ সময়তে জাকাৰ্টাত অনুষ্ঠিত এছিয়া কাপ হকীৰ চতুৰ্থ পৰ্যায়ৰ  প্ৰথম খন মেছতে জাপানক ২-১ গ'লত হৰুৱাবলৈ সক্ষম হয় ভাৰতীয় হকী দলটোৱে। 

জাকাৰ্টাত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ ৪ পৰ্যায়ৰ উদ্বোধনী খেলখনত জাপানক ২-১ গ'লত পৰাস্ত কৰাৰ লগে লগে ভাৰতীয় পুৰুষ হকী দলটোৱে আগলৈ ভাল প্ৰদৰ্শন কৰাৰ ইংগিত দিলে। খেলখনৰ সপ্তম মিনিটত মনজিতে এটা গ'ল কৰাৰ লগতে পৱন ৰাজভৰে ৩৪ মিনিটত আন এটা  গ'লৰ জৰিয়তে তৃতীয় কোৱাৰ্টাৰত ভাৰতৰ অগ্ৰগতি নিশ্চিত কৰে।

 অৱশেষত ভাৰতীয় হকী দলটোৱে ২-১ ৰ ব্যৱধানত জাপনাক পৰাভূত কৰিবলৈ সমৰ্থ হয়। আনখন ছুপাৰ ৪ ৰ খেলত মালয়েছিয়া আৰু কোৰিয়াই ২-২ ৰ ড্ৰ খেলিছিল। ছুপাৰ ৪ ৰ পৰ্যায়ৰ  দ্বিতীয়খন খেল ভাৰতৰ দলটোৱে দেওবাৰে মালয়েছিয়াৰ বিৰুদ্ধে খেলিব।

মনজিৎ সিং আৰু পৱন ৰাজভৰ খেলখনৰ তাৰকা হিচাবে পৰিগণিত হয়।  প্ৰথম কোৱাৰ্টাৰৰ সাত মিনিটত মনজিতে ভাৰতৰ হৈ এটা সুন্দৰ একক গ'ল কৰে। অৱশ্যে জাপান দুয়োটা কোৱাৰ্টাৰতে ভাৰতীয় দলটোৰ বাবে  অতি শক্তিশালী প্ৰতিদ্বন্দ্বি আছিল। 

সুন্দৰ প্ৰদৰ্শনেৰে জাপানৰ বিৰুদ্ধে জয় সাৱ্যস্ত কৰি তিনি পইণ্টৰ সৈতে ছুপাৰ ৪ ৰ শীৰ্ষলৈ আৰোহণ কৰিছে ভাৰতীয় হকী দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ