--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় হকী দলটোৱে  পুনৰ স্বৰ্ণযুগ ঘূৰাই আহিব বুলি বহুতে আশা কৰি থকাৰ সময়তে জাকাৰ্টাত অনুষ্ঠিত এছিয়া কাপ হকীৰ চতুৰ্থ পৰ্যায়ৰ  প্ৰথম খন মেছতে জাপানক ২-১ গ'লত হৰুৱাবলৈ সক্ষম হয় ভাৰতীয় হকী দলটোৱে। 

জাকাৰ্টাত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ ৪ পৰ্যায়ৰ উদ্বোধনী খেলখনত জাপানক ২-১ গ'লত পৰাস্ত কৰাৰ লগে লগে ভাৰতীয় পুৰুষ হকী দলটোৱে আগলৈ ভাল প্ৰদৰ্শন কৰাৰ ইংগিত দিলে। খেলখনৰ সপ্তম মিনিটত মনজিতে এটা গ'ল কৰাৰ লগতে পৱন ৰাজভৰে ৩৪ মিনিটত আন এটা  গ'লৰ জৰিয়তে তৃতীয় কোৱাৰ্টাৰত ভাৰতৰ অগ্ৰগতি নিশ্চিত কৰে।

 অৱশেষত ভাৰতীয় হকী দলটোৱে ২-১ ৰ ব্যৱধানত জাপনাক পৰাভূত কৰিবলৈ সমৰ্থ হয়। আনখন ছুপাৰ ৪ ৰ খেলত মালয়েছিয়া আৰু কোৰিয়াই ২-২ ৰ ড্ৰ খেলিছিল। ছুপাৰ ৪ ৰ পৰ্যায়ৰ  দ্বিতীয়খন খেল ভাৰতৰ দলটোৱে দেওবাৰে মালয়েছিয়াৰ বিৰুদ্ধে খেলিব।

মনজিৎ সিং আৰু পৱন ৰাজভৰ খেলখনৰ তাৰকা হিচাবে পৰিগণিত হয়।  প্ৰথম কোৱাৰ্টাৰৰ সাত মিনিটত মনজিতে ভাৰতৰ হৈ এটা সুন্দৰ একক গ'ল কৰে। অৱশ্যে জাপান দুয়োটা কোৱাৰ্টাৰতে ভাৰতীয় দলটোৰ বাবে  অতি শক্তিশালী প্ৰতিদ্বন্দ্বি আছিল। 

সুন্দৰ প্ৰদৰ্শনেৰে জাপানৰ বিৰুদ্ধে জয় সাৱ্যস্ত কৰি তিনি পইণ্টৰ সৈতে ছুপাৰ ৪ ৰ শীৰ্ষলৈ আৰোহণ কৰিছে ভাৰতীয় হকী দলটোৱে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ