--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বগা টুপী, বগা চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি উইকেটৰ পিছফালে থিয় হৈ আছে বিৰাট কোহলী। বল আহি বেটছমেনৰ পেডত লগাৰ লগে লগে তৰ্জনী আঙুলি ওপৰলৈ তুলি বিৰাটৰ ঘোষণা আউট। আম্পায়াৰ বিৰাট কোহলী। ধৰি লোৱা হওক বিৰাট কোহলী আম্পায়াৰ! কথাটো কেনেকুৱা হ’ব বাৰু? প্ৰাক্তন আম্পায়াৰ ছাইমন টফেলে বিৰাটক এই ৰূপত চাব বিচাৰে। প্ৰাক্তন আম্পায়াৰগৰাকীৰ দৃষ্টিত বিৰাট কোহলী এজন অতি ভাল আম্পায়াৰ হ’ব পাৰে বুলি শেহতীয়াকৈ সদৰী কৰিছে।

খেলপথাৰত আম্পায়াৰৰ এটা ভুলে খেলৰ ফলাফল সলনি কৰি দিব পাৰে। গোটেই দিনটো উইকেটৰ পিছফালে থিয় হৈ সঠিক সিদ্ধান্ত লোৱাৰ কোনো কৃতিত্ব নাথাকিলেও এটা ভুলৰ বাবে ক্ৰিকেটাৰসকলৰ পৰা সংবাদ মাধ্যমলৈ নানা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় আম্পায়াৰসকলে। ছাইমন টফেলে জানে তেওঁৰ এই কাম কিমান কঠিন। অভিজ্ঞ আম্পায়াৰগৰাকীয়ে ভৱিষ্যতে দুজন বৰ্তমানৰ ভাৰতীয় ক্ৰিকেটাৰে আম্পায়াৰিং কৰাটো বিচাৰিছে।

এক সংবাদমেলত টফেলে কয়, ‘ মই বিচাৰো যে বিৰাট কোহলী বা ৰবিচন্দ্ৰন অশ্বিনে আম্পায়াৰিং কৰক। তেওঁলোকে দুয়োজনে ক্ৰিকেটৰ নীতি-নিয়ম, খেলৰ পৰিস্থিতি সকলো ভালদৰে বুজে। আত্মবিশ্বাসৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আছে দুয়োৰে।’ 

স্মৰ্তব্য যএ, ২০১২ চনত আম্পায়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল টফেলে। কেৱল বিৰাট বা অশ্বিনে নহয়, বীৰেন্দ্ৰ ছেহৱাগেও ভাল আম্পায়াৰ হ’ব পাৰে। টফেলে এবাৰ প্ৰাক্তন ভাৰতীয় বেটছমেনগৰাকীক তেনেকৈয়ে কৈছিল। দিছিল আম্পায়াৰ হোৱাৰ পৰামৰ্শ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ