--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপে সৌৰভ গাংগুলীৰ কাৰ্যকাল চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অন্ত পৰিব। বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হ’বনে সৌৰভ গাংগুলীয়ে? বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে অৱশ্যে দিছে সেউজ সংকেত। সৌৰভে যদি যুঁজ দিয়ে তেতিয়া তেওঁ সমৰ্থন লাভ কৰিব বুলি কয় বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে।

এই সন্দৰ্ভত সৌৰভ গাংগুলীয়ে এতিয়াও কোনো মন্তব্য কৰা নাই। অৱশ্যে, আইচিচিৰ বৰ্তমানৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই সৌৰভৰ নাম আইচিচিৰ অধ্যক্ষ হিচাপে প্ৰস্তাৱ কৰিলে তেওঁ সমৰ্থন জনাব বুলি কয়।

আইচিচিৰ অধ্যক্ষ হিচাপে আৰু ছমাহৰ কাৰ্যকাল আছে বাৰ্কলেৰ। ইয়াৰ পিছত নতুন অধ্যক্ষ মনোনীত কৰা হ’ব। বাৰ্কলেক সোধা হৈছিল যে, যদি সৌৰভ গাংগুলীৰ নাম প্ৰস্তাৱ কৰা হয় তেন্তে তেওঁ কি কৰিব। ইয়াৰ উত্তৰত তেওঁ কয় যে, ‘ আমাৰ সম্পৰ্ক বহুত ভাল। যদি আইচিচিৰ ব’ৰ্ডে সৌৰভক অধ্যক্ষ হোৱাৰ উপযুক্ত ব্যক্তি বুলি ভাবে, তেন্তে মই তেওঁক সমৰ্থন কৰিম।’

আইচিচিৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে নেকি বুলি সোধাত বাৰ্কলেই কয় যে, ‘মোৰ কোনো সমস্যা নাই। নৱেম্বৰ মাহত ব’ৰ্ডে অনুষ্ঠিত কৰিবলগীয়া বৈঠকত সিদ্ধান্ত ল’ব। যদি ব’ৰ্ডে মোক বিশ্বাস কৰে তেন্তে মোৰ কোনো সমস্যা নাই।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ