--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপে সৌৰভ গাংগুলীৰ কাৰ্যকাল চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অন্ত পৰিব। বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হ’বনে সৌৰভ গাংগুলীয়ে? বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে অৱশ্যে দিছে সেউজ সংকেত। সৌৰভে যদি যুঁজ দিয়ে তেতিয়া তেওঁ সমৰ্থন লাভ কৰিব বুলি কয় বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে।

এই সন্দৰ্ভত সৌৰভ গাংগুলীয়ে এতিয়াও কোনো মন্তব্য কৰা নাই। অৱশ্যে, আইচিচিৰ বৰ্তমানৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই সৌৰভৰ নাম আইচিচিৰ অধ্যক্ষ হিচাপে প্ৰস্তাৱ কৰিলে তেওঁ সমৰ্থন জনাব বুলি কয়।

আইচিচিৰ অধ্যক্ষ হিচাপে আৰু ছমাহৰ কাৰ্যকাল আছে বাৰ্কলেৰ। ইয়াৰ পিছত নতুন অধ্যক্ষ মনোনীত কৰা হ’ব। বাৰ্কলেক সোধা হৈছিল যে, যদি সৌৰভ গাংগুলীৰ নাম প্ৰস্তাৱ কৰা হয় তেন্তে তেওঁ কি কৰিব। ইয়াৰ উত্তৰত তেওঁ কয় যে, ‘ আমাৰ সম্পৰ্ক বহুত ভাল। যদি আইচিচিৰ ব’ৰ্ডে সৌৰভক অধ্যক্ষ হোৱাৰ উপযুক্ত ব্যক্তি বুলি ভাবে, তেন্তে মই তেওঁক সমৰ্থন কৰিম।’

আইচিচিৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে নেকি বুলি সোধাত বাৰ্কলেই কয় যে, ‘মোৰ কোনো সমস্যা নাই। নৱেম্বৰ মাহত ব’ৰ্ডে অনুষ্ঠিত কৰিবলগীয়া বৈঠকত সিদ্ধান্ত ল’ব। যদি ব’ৰ্ডে মোক বিশ্বাস কৰে তেন্তে মোৰ কোনো সমস্যা নাই।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ