--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আইপিএলৰ ফাইনেলত গুজৰাট বনাম ৰাজস্থান ৰয়েলছ। খেলখনক লৈ অপেক্ষাৰ ক্ষণ গণিছে অনুৰাগীয়ে। আইপিএলৰ প্ৰথম বৰ্ষতে দৰ্শকৰ অন্তৰ জিনিছিল ৰাজস্থান ৰয়েলছে। আইপিএলৰ প্ৰথম সংস্কৰণৰ খিতাপ জয়ী ৰাজস্থানে সুদীৰ্ঘ ১৩ বছৰ অন্তত দ্বিতীয়বাৰৰ বাবে মেগা টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিন্তু এনে এক সময়ত আইপিএলৰ ফাইনেলত দলটোৱে প্ৰৱেশ কৰা কথাটোৱে অনুৰাগীক উত্‍সাহিত কৰি তুলিলেও প্ৰথমবাৰ দলটোক চেম্পিয়ন কৰি তোলা জয়ৰ নায়ক শ্বেন  ৱাৰ্ণৰ অনুপস্থিতিয়ে দুখ দিছে ক্ৰীড়াপ্ৰেমীক। 

ৰাজস্থান ৰয়েলছ ফ্ৰেঞ্চাইজীৰ জন্মৰ পৰাই তেওঁলোকৰ দীৰ্ঘদিনীয়া সংগী হিচাপে পৰিগণিত হৈছে শ্বেন ৱাৰ্ণ। সেই কিংবদন্তি গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে, বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজস্থান ৰয়েলছে। প্ৰথমবাৰৰ চেম্পিয়ন হোৱা দলৰ প্ৰতিগৰাকী সদস্যক আইপিএলৰ ফাইনেললৈ আমন্ত্ৰণ জনোৱা হৈছে।

সূত্ৰ খবৰ অনুসৰি, ২০০৮ চনৰ আইপিএল খিতাপ জয়ী দলটোৰ সকলো সদস্যকে আইপিএলৰ ফাইনেললৈ আমন্ত্ৰণ জনোৱা হৈছে। জানিব পৰা মতে, ২০০৮ চনত আইপিএলত জয়ী হোৱা দলটোৰ অধিকাংশ ভাৰতীয় সদস্যই আজিৰ দিনটোতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত থাকিব। মুনাফ পেটেল, ইউছুফ পাঠান, স্বপ্নীল অস্নোদকাৰ, দীনেশ ছালুংকে, সিদ্ধাৰ্থ ত্ৰিবেদী, ৰবীন্দ্ৰ জাদেজা, মহম্মদ কাঈফেও ইতিমধ্যে আজিৰ মেচখন চাবলৈ আহিব বুলি জনাইছে।ভাৰতীয় খেলুৱৈসকল উপস্থিত থাকিলেও দলৰ বিদেশী সদস্যসকল উপস্থিত থাকিব নোৱাৰে।

খবৰ অনুসৰি, আজিৰ মেচখন চাবলৈ বিদেশী সদস্যসকলৰ মাজত কেৱল গ্ৰেম স্মিথহে উপস্থিত থাকিব বুলি চৰ্চা চলিছে। আইপিএলৰ ধাৰাভাষ্যকাৰ হিচাপে তেওঁ বৰ্তমান ভাৰততে আছে। অৱশ্যে আজি খেলপথাৰত উপস্থিত হ’বলগীয়া সকলোকে বিশেষভাৱে সম্বৰ্ধনা জনাব বুলিও সদৰী কৰিছে সঞ্জু ছেমছন বাহিনীয়ে। প্ৰয়াত তাৰকা শ্বেন ৱাৰ্ণকো বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

স্মৰ্তব্য যে, শ্বেন ৱাৰ্ণৰ অধিনায়কত্বতে ৰাজস্থান ৰয়েলছে প্ৰথমবাৰ আইপিএলৰ চেম্পিয়ন হৈছিল। ক্ৰিকেট ত্যাগ কৰাৰ পিছতো তেওঁ দীৰ্ঘদিন ধৰি ৰাজস্থানৰ সৈতে বহু দিশত জড়িত হৈ আছিল। এইবাৰৰ আইপিএল চলাকালীন সময়তো ৱাৰ্ণেক সন্মানিত কৰা হৈছে। সঞ্জু বাহিনীৰ ড্ৰেছিং ৰূমতো কিংবদন্তি তাৰকা গৰাকীৰ ছবি লগোৱা দেখা গৈছে। শ্বেন ৱাৰ্ণেৰ বাবেই আইপিএল ২০২২ৰ চেম্পিয়ন হ’ব বিচাৰে বুলিও জনাইছে ৰাজস্থান ৰয়েলছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ