--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘কা’ আন্দোলনৰ পটভূমিত গঠিত ৰাইজৰ দলত অব্যাহত আছে খহনীয়া৷ দলটোৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে দলত্যাগ কৰাৰ পাছত কালি দলটোৰ অন্যতম প্ৰতিষ্ঠাপক তথা উপ-সভাপতি দিব্যজ্যোতি শৰ্মাই পদত্যাগ কৰিছিল৷ আৰু আজি পুৱা পদত্যাগ কৰিছিল কাৰ্যকৰী সভাপতি জিতুল ডেকাই৷ 

ৰাইজৰ দলৰ মঞ্চ এৰি এইসকল নেতা হঠাতেই আম আদমী পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আজি আম আদমী পাৰ্টীৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত আম আদমী পাৰ্টীত যোগদান কৰে৷ ৰাইজৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে আজি নতুন দিল্লীত দলটোৰ আন পাঁচ নেতাৰ সৈতে আম আদমী পাৰ্টিত যোগদান কৰে।

ৰাইজৰ দলৰ সদস্যসকলৰ বাহিৰে কংগ্ৰেছৰ কেইজনমান নেতায়ো আজি আপত যোগদান কৰে। কংগ্ৰেছৰ মনোজ ধনোৱাৰ আৰু দ্বিজেন গগৈয়ে আপৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ গুপ্তাৰ উপস্থিতিত আপত যোগদান কৰে৷ 

আপত যোগদান কৰা ৰায়জৰ দলৰ সদস্যসকল হৈছে জিতুল ডেকা, অনুৰূপা ডেকাৰজা, বিনয় ডেকা, দীপাংকৰ কলিতা আৰু দিব্যজ্যোতি শৰ্মা৷ 

অসমত আম আদমী পাৰ্টীয়ে এতিয়া দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আগবাঢ়িছে। শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এটা ৱাৰ্ড দখল কৰি দলটো অধিক আত্মবিশ্বাসী হৈ পৰিছে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আম আদমী পাৰ্টীয়ে আদৰি ল’লে ৰাইজৰ দল আৰু কংগ্ৰেছৰ এইসকল নেতাক৷ 

আপত নতুনকৈ যোগদান কৰা সদস্যসকলে আজি সন্ধিয়া ৭ বজাত আপৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব।

অসমত আপে বিকল্প শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলোৱাৰ সময়তে এইসকল সুযোগসন্ধানী নেতাৰ যোগদানে অসমত দলটোৰ ভৱিষ্যতক লৈও সন্দীহান হৈ পৰিছে৷ কিয়নো, আজি যোগদান কৰা একাংশ নেতাৰ তৃণমূল পৰ্যায়ত কোনোধৰণৰ সাংগঠনিক দক্ষতা অথবা সামাজিক ভাৱমূৰ্তি নাই৷ দলবাগৰা নেতা হিচাপেই পৰিচিত এইসকল নেতাক লৈ আপ অসমে ভৱিষ্যতে কি ধৰণে অসমত দলটোৰ সাংগঠনিক কাম-কাজ সম্প্ৰসাৰিত কৰে, তাক লৈ এতিয়া সন্দেহ ব্যক্ত কৰিছে অসমৰ ৰাজনৈতিক বিশ্লেষকসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি