--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘কা’ আন্দোলনৰ পটভূমিত গঠিত ৰাইজৰ দলত অব্যাহত আছে খহনীয়া৷ দলটোৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে দলত্যাগ কৰাৰ পাছত কালি দলটোৰ অন্যতম প্ৰতিষ্ঠাপক তথা উপ-সভাপতি দিব্যজ্যোতি শৰ্মাই পদত্যাগ কৰিছিল৷ আৰু আজি পুৱা পদত্যাগ কৰিছিল কাৰ্যকৰী সভাপতি জিতুল ডেকাই৷ 

ৰাইজৰ দলৰ মঞ্চ এৰি এইসকল নেতা হঠাতেই আম আদমী পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আজি আম আদমী পাৰ্টীৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত আম আদমী পাৰ্টীত যোগদান কৰে৷ ৰাইজৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে আজি নতুন দিল্লীত দলটোৰ আন পাঁচ নেতাৰ সৈতে আম আদমী পাৰ্টিত যোগদান কৰে।

ৰাইজৰ দলৰ সদস্যসকলৰ বাহিৰে কংগ্ৰেছৰ কেইজনমান নেতায়ো আজি আপত যোগদান কৰে। কংগ্ৰেছৰ মনোজ ধনোৱাৰ আৰু দ্বিজেন গগৈয়ে আপৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ গুপ্তাৰ উপস্থিতিত আপত যোগদান কৰে৷ 

আপত যোগদান কৰা ৰায়জৰ দলৰ সদস্যসকল হৈছে জিতুল ডেকা, অনুৰূপা ডেকাৰজা, বিনয় ডেকা, দীপাংকৰ কলিতা আৰু দিব্যজ্যোতি শৰ্মা৷ 

অসমত আম আদমী পাৰ্টীয়ে এতিয়া দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আগবাঢ়িছে। শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এটা ৱাৰ্ড দখল কৰি দলটো অধিক আত্মবিশ্বাসী হৈ পৰিছে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আম আদমী পাৰ্টীয়ে আদৰি ল’লে ৰাইজৰ দল আৰু কংগ্ৰেছৰ এইসকল নেতাক৷ 

আপত নতুনকৈ যোগদান কৰা সদস্যসকলে আজি সন্ধিয়া ৭ বজাত আপৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব।

অসমত আপে বিকল্প শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলোৱাৰ সময়তে এইসকল সুযোগসন্ধানী নেতাৰ যোগদানে অসমত দলটোৰ ভৱিষ্যতক লৈও সন্দীহান হৈ পৰিছে৷ কিয়নো, আজি যোগদান কৰা একাংশ নেতাৰ তৃণমূল পৰ্যায়ত কোনোধৰণৰ সাংগঠনিক দক্ষতা অথবা সামাজিক ভাৱমূৰ্তি নাই৷ দলবাগৰা নেতা হিচাপেই পৰিচিত এইসকল নেতাক লৈ আপ অসমে ভৱিষ্যতে কি ধৰণে অসমত দলটোৰ সাংগঠনিক কাম-কাজ সম্প্ৰসাৰিত কৰে, তাক লৈ এতিয়া সন্দেহ ব্যক্ত কৰিছে অসমৰ ৰাজনৈতিক বিশ্লেষকসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ