--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ(Uttar Pradesh)  যোগী চৰকাৰৰ মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱক ২৯ এপ্ৰিলৰ মাজনিশাৰ পিছত ততাতৈয়াকৈ বান্দা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মন্ত্ৰীজনৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰিছিল। তেওঁৰ হাত-ভৰি ফুলি গৈছিল। 

আশংকা কৰা হৈছিল যে শুই থাকোঁতে তেওঁক হয়তো এটা সাপে খুঁটিলে। কিবা বিষাক্ত পোকে কামুৰিব পাৰে বুলিও শংকা কৰা হৈছিল। প্ৰায় আঢ়ৈ ঘণ্টা চিকিৎসাৰ পাছত নিশ্চিত হৈছিল যে তেওঁক সাপে নহয় এন্দুৰে কামুৰিছিল। এই কথা গম পোৱাৰ পাছতহে পৰিয়ালৰ লোকসকলৰ লগতে মন্ত্ৰীসভাই স্বস্তিৰ নিশ্বাস পেলাইছিল। গিৰীশ চন্দ্ৰ যাদৱক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। গিৰীশ চন্দ্ৰ যাদৱ যোগী চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)। 

দৰাচলতে মন্ত্ৰীজনে উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ডত জনকল্যাণমূলক আঁচনিসমূহৰ মূল বাস্তৱতা জানিবলৈ বান্দা জিলা ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱ মাৱাই বাইপাছৰ চাৰ্কিট হাউচত আছিল। ৰাতি তেওঁ শুই থাকোতে এন্দুৰে কামুৰিছিল। যেতিয়া বিষ বাঢ়িবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চাৰ্কিট হাউচৰ চাৰিওফালে ঘন অৰণ্য আছিল,সেয়েহে মন্ত্ৰীজনক সৰ্পই দংশন কৰা বুলি আশংকা কৰা হৈছিল। অৱশেষত সেই আশংকা মাৰ যোৱাত সকলোৱে পেলাইছে স্বস্তিৰ নিঃশ্বাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ