--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ(Uttar Pradesh)  যোগী চৰকাৰৰ মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱক ২৯ এপ্ৰিলৰ মাজনিশাৰ পিছত ততাতৈয়াকৈ বান্দা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মন্ত্ৰীজনৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰিছিল। তেওঁৰ হাত-ভৰি ফুলি গৈছিল। 

আশংকা কৰা হৈছিল যে শুই থাকোঁতে তেওঁক হয়তো এটা সাপে খুঁটিলে। কিবা বিষাক্ত পোকে কামুৰিব পাৰে বুলিও শংকা কৰা হৈছিল। প্ৰায় আঢ়ৈ ঘণ্টা চিকিৎসাৰ পাছত নিশ্চিত হৈছিল যে তেওঁক সাপে নহয় এন্দুৰে কামুৰিছিল। এই কথা গম পোৱাৰ পাছতহে পৰিয়ালৰ লোকসকলৰ লগতে মন্ত্ৰীসভাই স্বস্তিৰ নিশ্বাস পেলাইছিল। গিৰীশ চন্দ্ৰ যাদৱক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। গিৰীশ চন্দ্ৰ যাদৱ যোগী চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)। 

দৰাচলতে মন্ত্ৰীজনে উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ডত জনকল্যাণমূলক আঁচনিসমূহৰ মূল বাস্তৱতা জানিবলৈ বান্দা জিলা ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱ মাৱাই বাইপাছৰ চাৰ্কিট হাউচত আছিল। ৰাতি তেওঁ শুই থাকোতে এন্দুৰে কামুৰিছিল। যেতিয়া বিষ বাঢ়িবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চাৰ্কিট হাউচৰ চাৰিওফালে ঘন অৰণ্য আছিল,সেয়েহে মন্ত্ৰীজনক সৰ্পই দংশন কৰা বুলি আশংকা কৰা হৈছিল। অৱশেষত সেই আশংকা মাৰ যোৱাত সকলোৱে পেলাইছে স্বস্তিৰ নিঃশ্বাস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ