--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছত যোগদানৰ জল্পনাৰ অন্ত পৰাৰ পাছত প্ৰশান্ত কিশোৰক লৈ এইবাৰ নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে। নতুন দল গঠন কৰিব নেকি প্ৰশান্ত কিশোৰে?  এই চৰ্চাই এতিয়া তীব্ৰতা লাভ কৰা দেখা গৈছে। দেশৰ প্ৰখ্যাত নিৰ্বাচনী কৌশল নিৰ্ধাৰকগৰাকীৰ এটা টুইটক লৈ চলিছে চৰ্চা। কংগ্ৰেছৰ সৈতে সংযুক্ত হোৱা তথা কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ বাব ফ্ৰীহেণ্ড বিচাৰি বিমুখ হোৱাৰ পাছত সক্ৰিয় ৰাজনীতিৰে সংযুক্ত হোৱাৰ চিন্তা বাদ দিয়া নাই প্ৰশান্ত কিশোৰে। এই ইংগিত দিছে স্বয়ং পিকেই। 

সমাগত দিনবোৰত প্ৰশান্ত কিশোৰে দেশৰ ৰাজনীতিলৈ এটা নতুন মোৰ লৈ অহাৰ সম্ভাৱনাক লৈ দীঘলীয়া চৰ্চা চলি থকাৰ মাজতে তেওঁ ইংগিত দিছে যে, সংক্ৰিয় ৰাজনীতিৰ সৈতে তেওঁ যুক্ত হোৱাৰ সম্ভাৱনা আছে। মমতাৰ পৰা কেচিআৰলৈ বিভিন্নজন মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা হৈ থকা প্ৰশান্ত কিশোৰে এতিয়া হয়তো ভাবিছে, আঁৰত থাকি কিংমেকাৰৰ ভূমিকা পালন কৰাৰ দিন উকলিল। এতিয়া কিং হোৱাৰ বাট বিচৰিলে সেয়া বৰ বেয়া কথা নহ’ব!

সোমাবাৰে প্ৰশান্ত কিশোৰে এটা তাতপৰ্যপূৰ্ণ টুইট কৰি লিখিছে যে, "গণতন্ত্ৰত অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰাত আৰু জনসাধাৰণৰ পক্ষত নীতি নিৰ্মাণ কৰাত সহায় কৰিবলৈ মই ১০ বছৰ ধৰি এটা অন্বেষণ কৰি আছোঁ। এই অধ্যায় লুটিয়াই এতিয়া ৰিয়েল মাষ্টাৰ অৰ্থাত জনগণৰ কাষলৈ যোৱাৰ সময় আহিছে। জনগণৰ সৈতে জড়িত বিভিন্ন বিষয়বোৰ ভালদৰে অনুধাৱন কৰা তথা ‘জন-সুৰাজ’ অৰ্থাত ‘জনগণৰ সুশাসন’ৰ স্বাৰ্থত। টুইটটোৰ শেষত হিন্দীত তেওঁ লিখিছে, ‘ছুৰুৱাত বিহাৰ ছে।’ অৰ্থাৎ যাত্ৰা আৰম্ভ কৰা হ’ব বিহাৰৰ পৰা।

প্ৰশান্ত কিশোৰৰ ইংগিতপূৰ্ণ টুইটটোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। পিকেই এইবাৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰিব নেকি?  বিহাৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ ইংগিতটোও বিশেষভাৱে তাতপৰ্যপূৰ্ণ। কিয়নো বিহাৰত নীতিশ কুমাৰ আৰু বিজেপি চৰকাৰৰ মাজত সামান্য হ’লেও দূৰচত্ব বৃদ্ধিৰ ইংগিত পোৱা গৈছে। বিহাৰত বিজেপিৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাক লৈও চৰ্চা চলিছে। এনে হ’লে তাত নীতিশ কুমাৰৰ ভূমিকা কি হ’ব সেয়াও এক লক্ষ্যণীয় বিষয় হ’ব। এনে পৰিপ্ৰেক্ষিতত বিহাৰৰ ৰাজনৈতিক সমীকৰণ সলনিত প্ৰশান্ত কিশোৰে কিবা ভূমিকা পালন কৰিব পাৰে নেকি বুলিও চৰ্চা ব্যাপক হৈ উঠিছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ