--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছত যোগদানৰ জল্পনাৰ অন্ত পৰাৰ পাছত প্ৰশান্ত কিশোৰক লৈ এইবাৰ নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে। নতুন দল গঠন কৰিব নেকি প্ৰশান্ত কিশোৰে?  এই চৰ্চাই এতিয়া তীব্ৰতা লাভ কৰা দেখা গৈছে। দেশৰ প্ৰখ্যাত নিৰ্বাচনী কৌশল নিৰ্ধাৰকগৰাকীৰ এটা টুইটক লৈ চলিছে চৰ্চা। কংগ্ৰেছৰ সৈতে সংযুক্ত হোৱা তথা কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ বাব ফ্ৰীহেণ্ড বিচাৰি বিমুখ হোৱাৰ পাছত সক্ৰিয় ৰাজনীতিৰে সংযুক্ত হোৱাৰ চিন্তা বাদ দিয়া নাই প্ৰশান্ত কিশোৰে। এই ইংগিত দিছে স্বয়ং পিকেই। 

সমাগত দিনবোৰত প্ৰশান্ত কিশোৰে দেশৰ ৰাজনীতিলৈ এটা নতুন মোৰ লৈ অহাৰ সম্ভাৱনাক লৈ দীঘলীয়া চৰ্চা চলি থকাৰ মাজতে তেওঁ ইংগিত দিছে যে, সংক্ৰিয় ৰাজনীতিৰ সৈতে তেওঁ যুক্ত হোৱাৰ সম্ভাৱনা আছে। মমতাৰ পৰা কেচিআৰলৈ বিভিন্নজন মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা হৈ থকা প্ৰশান্ত কিশোৰে এতিয়া হয়তো ভাবিছে, আঁৰত থাকি কিংমেকাৰৰ ভূমিকা পালন কৰাৰ দিন উকলিল। এতিয়া কিং হোৱাৰ বাট বিচৰিলে সেয়া বৰ বেয়া কথা নহ’ব!

সোমাবাৰে প্ৰশান্ত কিশোৰে এটা তাতপৰ্যপূৰ্ণ টুইট কৰি লিখিছে যে, "গণতন্ত্ৰত অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰাত আৰু জনসাধাৰণৰ পক্ষত নীতি নিৰ্মাণ কৰাত সহায় কৰিবলৈ মই ১০ বছৰ ধৰি এটা অন্বেষণ কৰি আছোঁ। এই অধ্যায় লুটিয়াই এতিয়া ৰিয়েল মাষ্টাৰ অৰ্থাত জনগণৰ কাষলৈ যোৱাৰ সময় আহিছে। জনগণৰ সৈতে জড়িত বিভিন্ন বিষয়বোৰ ভালদৰে অনুধাৱন কৰা তথা ‘জন-সুৰাজ’ অৰ্থাত ‘জনগণৰ সুশাসন’ৰ স্বাৰ্থত। টুইটটোৰ শেষত হিন্দীত তেওঁ লিখিছে, ‘ছুৰুৱাত বিহাৰ ছে।’ অৰ্থাৎ যাত্ৰা আৰম্ভ কৰা হ’ব বিহাৰৰ পৰা।

প্ৰশান্ত কিশোৰৰ ইংগিতপূৰ্ণ টুইটটোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। পিকেই এইবাৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰিব নেকি?  বিহাৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ ইংগিতটোও বিশেষভাৱে তাতপৰ্যপূৰ্ণ। কিয়নো বিহাৰত নীতিশ কুমাৰ আৰু বিজেপি চৰকাৰৰ মাজত সামান্য হ’লেও দূৰচত্ব বৃদ্ধিৰ ইংগিত পোৱা গৈছে। বিহাৰত বিজেপিৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাক লৈও চৰ্চা চলিছে। এনে হ’লে তাত নীতিশ কুমাৰৰ ভূমিকা কি হ’ব সেয়াও এক লক্ষ্যণীয় বিষয় হ’ব। এনে পৰিপ্ৰেক্ষিতত বিহাৰৰ ৰাজনৈতিক সমীকৰণ সলনিত প্ৰশান্ত কিশোৰে কিবা ভূমিকা পালন কৰিব পাৰে নেকি বুলিও চৰ্চা ব্যাপক হৈ উঠিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ