--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আই পি এলত এটাৰ পাছত আনটো অভিলেখৰ গৰাকী হৈছে বিৰাট কোহলী। বৃহস্পতিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে এক অভিলেখ প্রতিষ্ঠা কৰে। দিল্লীৰ বিৰুদ্ধে ১৪টা বলত ২২ ৰান কৰে তাৰকা বেটাৰগৰাকীয়ে। 

ইয়াৰ মাজত আছে দুটা ছয় আৰু এটা চাৰি। আই পি এলত কোহলীয়ে ১০০০ৰ অধিক ৪ আৰু ৬ কোবাইছে। যিকোনো টি-২০ ক্রিকেটত ১০০০ৰ অধিক চাৰি-ছয় কোবোৱা কোহলীয়েই হৈছে প্ৰথমগৰাকী বেটাৰ। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটাৰগৰাকীৰ আই পি এলত চাৰি আৰু ছয়ৰ সংখ্যা হৈছে ১০০১। ইয়াৰ মাজত আছে ৭২১টা চাৰি আৰু ২৮০টা ছয়। 

আই পি এলৰ অষ্টাদশ বছৰত ২৫৬খন মেচত এই কৃতিত্ব অৰ্জন কৰিলে কোহলীয়ে। তালিকাত কোহলীৰ পাছতেই আছে শিখৰ ধাৱান। আই পি এলত ৯২০টা চাৰি আৰু ছয় কোবাইছিল ধাৱানে। তাৰ মাজত আছে ৭৬৮টা চাৰি আৰু ১৫২টা ছয়। এইবাৰ অৱশ্যে কোনো দলে ক্রয় নকৰিলে ধাৱানক। ইয়াৰ ফলত তেওঁৰ চাৰি আৰু ছয়ৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই। 

তালিকাৰ তিনি নম্বৰত আছে ডেভিদ ৱার্নাৰ। তেওঁ মুঠতে ৮৯৯টা চাৰি আৰু ছয় কোবোৱাৰো ৰেকৰ্ড আছে। ৱার্নাৰে এইবাৰৰ নিলামত কোনো দল নাপালে। ধাৱানৰ লগতে ৱার্নাৰৰো চাৰি আৰু ছিক্সাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই। কোহলীয়ে তেনেদৰেই অনাগত দিনত আৰু অধিক প্ৰত ছয়-চাৰিৰ সংখ্যা বৃদ্ধি কৰাৰ সুযোগ পাব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ