--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত এছিয়ান গেমছৰ বাবে খেলুৱৈসকলক প্ৰস্তুত কৰাৰ লক্ষ্যৰে টেগ (টাৰ্গেট এছিয়ান গেমছ)ৰ অধীনত ‌ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক বিজয়ী অসমৰ ৰ’দালি বৰুৱাই স্থান লাভ কৰিছে। টেগ হ'ল টাৰ্গেট অলিম্পিক পডিয়ামৰ অধীনৰ এক নতুন আঁচনি৷ 

টাৰ্গেট এছিয়ান গেমছ আঁচনিৰ বাবে নিৰ্বাচিত হোৱাত ৰ’দালি বৰুৱাক অভিনন্দন জনাইছে অসম টাইকোৱানডো সন্থাৰ সভাপতি তথা বিধায়ক বিলীন চেতিয়া আৰু সাধাৰণ সম্পাদক হিৰণ্য শ‌ইকীয়াই। ইয়াৰ জৰিয়তে অসমৰ টাইকোৱানডো খেলুৱৈয়ে ৰাষ্ট্ৰীয় মান্যতা লাভ কৰা বুলি সাধাৰণ সম্পাদক শ‌ইকীয়াই মন্তব্য কৰে। লগতে আগন্তুক এছিয়ান গেমছত শীৰ্ষ সফলতা অৰ্জন কৰিব বুলি শইকীয়াই লগতে উল্লেখ কৰে। খেলুৱৈগৰাকীয়ে মূলতঃ হেভিৱেট মহিলাৰ শাখাত (৭৩ কেজি ঊৰ্দ্ধৰ) প্ৰতিযোগিতা কৰিছে । 

অতি শেহতীয়াকৈ যোৱা বছৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ৰ’দালিয়ে এটা দশকৰ ভিতৰত স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে। এই কৃতিত্বই তেওঁক ট'প আঁচনিৰ বাবে নিৰ্বাচিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উল্লেখ্য যে ২০১৬ চনত বিশাখাপট্টনমত অনুষ্ঠিত ছিনিয়ৰ নেচনেলছত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰি লক্ষ্যনীয় সাফল্য লাভ কৰিছে ৰ'দালিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ