--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰতি বছৰৰ দৰে এইবাৰো ৭ এপ্ৰিলত অৰ্থাৎ আজি সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়।স্বাস্থ্যৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে উদযাপন কৰা হয়। 

এই দিনটোৱে কেৱল চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ বাবেই নহয় সকলোৰে বাবে এটা বিশেষ বাৰ্তা কঢ়িয়াই আনে। 

কিন্তু কেতিয়া পৰা পালন কৰা হৈছিল বিশ্ব স্বাস্থ্য দিৱস। ১৯৪৮ চনৰ ৭ এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ WHOৰ। আৰু তাৰ পিছতেই ১৯৫০ চনৰ পৰা বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই দিৱসৰ উদ্দেশ্য আছিল স্বাস্থ্য কেৱল চিকিৎসক বা চিকিৎসালয়ৰ দায়িত্ব নহয়, ই আমাৰ নিজৰ অগ্ৰাধিকাৰ হ’ব লাগে ৷ বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে এটা নিৰ্দিষ্ট বিষয়বস্তুৰে পালন কৰা হয়, যিটো বিশ্ব স্বাস্থ্য সংস্থাই সিদ্ধান্ত লয় ৷ এইবাৰো ব্যতিক্ৰম নহয়।

এইবাৰ বিশ্ব স্বাস্থ্য দিৱসৰ থিম হৈছে স্বাস্থ্যকৰ আৰম্ভণি, আশাবাদী ভৱিষ্যৎ। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰসকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়বস্তু লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ