--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন সপ্তাহ ৭ ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু ১৪ ফেব্ৰুৱাৰীত সমাপ্ত হয়। এই সপ্তাহত প্ৰতিটো দিন নানা প্ৰকাৰে উদযাপন কৰা হয়। ৭ ফেব্ৰুৱাৰীত ৰ'জ দে উদযাপন কৰাৰ পাছত ইয়াৰ পাছৰ দিন কেইটাত ক্ৰমে প্ৰ'পজ দে, চকলেট দে, টেডি ডে, প্ৰ'মিজ দে, হাগ দে, কিছ দে আৰু শেষৰ দিনা ভেলেণ্টাইন দে উদযাপন কৰা হয়। ভেলেণ্টাইন সপ্তাহৰ পঞ্চম দিনটো প্ৰ'মিজ দে হিচাপে পালন কৰা হয়, যাক ভেলেণ্টাইন সপ্তাহৰ আটাইতকৈ বিশেষ দিন বুলি গণ্য কৰা হয়। চকলেট দে আৰু টেডি দে'ৰ পাছত প্ৰ'মিজ দে ১১ ফেব্ৰুৱাৰীত উদযাপন কৰা হয়। এই দিনটোত প্ৰেমিকযুগলে ইজনে সিজনক প্ৰতিশ্ৰুতি দিয়ে। সংগীক প্ৰতিশ্ৰুতি দিয়া কথাটোৱে সম্পৰ্কটো অধিক শক্তিশালী কৰে, সেয়েহে প্ৰেমিকযুগলে এই দিনটো যথেষ্ট ভালদৰে উদযাপন কৰে। এই দিনটোত প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক বহুতো প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিশ্ৰুতিয়ে সম্পৰ্কত ৰোমাঞ্চ আৰু সতেজতা আনে আৰু সম্পৰ্কটো আৰু গভীৰ হৈ পৰে। প্ৰতিজন প্ৰেমাকুল মানুহে জানে যে সম্পৰ্কত প্ৰতিশ্ৰুতিবোৰ কিমান গুৰুত্বপূৰ্ণ, যিবোৰ কেতিয়াও ভংগ কৰিব নালাগে। যদি কোনোবাই কেতিয়াবা কিবা ভুল কৰিব বিচাৰে সেই সময়ত তেওঁৰ সংগীক দিয়া প্ৰতিশ্ৰুতি মনত পৰে, যিয়ে তেওঁক ভুল কাম কৰাত বাধা দিয়ে।সেয়েহে কেতিয়াও কাৰোবাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা উচিত নহয়। কাৰণ বিশ্বাস গঢ়িবলৈ বহু বছৰ লাগে আৰু ভাঙিবলৈ মাত্ৰ কেই ছেকেণ্ডমান লাগে। প্ৰ'মিজ দে'ত সংগীক দিয়ক এনে প্ৰতিশ্ৰুতি- ১)সুখী ৰখাৰ প্ৰতিশ্ৰুতি: প্ৰেমাস্পদক সুখী ৰাখিবলৈ যত্ন কৰিব লাগে। কিছুমান লোক সম্পৰ্কত সোমাই পৰে কিন্তু কিছুমান সৰু সৰু বস্তুৰ বাবে তেওঁলোক সম্পৰ্কত অসন্তুষ্ট হয়। গতিকে আজিৰ দিনটোত সংগীক সদায় সুখী ৰাখিবলৈ প্ৰতিশ্ৰুতি দিয়াটো নিশ্চিত কৰিব। ২)সন্মান দিয়াৰ প্ৰতিশ্ৰুতি: সম্পৰ্কত সন্মান কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। যি সম্পৰ্কত কোনো সন্মান নাই, সেই সম্পৰ্কৰ কোনো মূল্য নাই। সেয়া লাগিলে স্বামীৰ পত্নীৰ সম্পৰ্ক হওঁক বা প্ৰেমিকা-প্ৰেমিকৰ সম্পৰ্ক হওঁক। আপোনাৰ সংগীৰ সন্মানৰ কথা কেতিয়াও নাপাহৰিব আৰু কেতিয়াও এনে কথা নক'ব যি কথাই আপোনাৰ সংগীক আঘাত কৰিব। ৩)কঠিন পৰিস্থিতিত সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি: সুখত সকলোৱে আপোনাৰ সৈতে থাকে কিন্তু যেতিয়া কোনোবাই কঠিন সময়ত আপোনাক সমৰ্থন কৰে সেয়াই আপোনাৰ আপোন মানুহ। গতিকে সদায় আপোনাৰ সংগীৰ কঠিন পৰিস্থিতিত থিয় হওক আৰু যিমান সম্ভৱ সিমান সহায় কৰক। ৪)পৰিস্থিতি বুজিবলৈ প্ৰতিশ্ৰুতি দিয়ক: সম্পৰ্কৰ পৰিস্থিতি যিকোনো সময়তে সলনি হ'ব পাৰে, সেয়েহে প্ৰতিটো পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক আৰু তেওঁৰ সৈতে যিকোনো পৰিস্থিতিত থাকিম বুলি প্ৰতিশ্ৰুতি দিয়ক যাতে সেই কথা শুনি ইজনে সিজনৰ সৈতে সুখী হ'ব পাৰে। ৫)প্ৰেম কৰাৰ প্ৰতিশ্ৰুতি: সম্পৰ্কত প্ৰেম সজীৱ হৈ থকাটো অতি গুৰুত্বপূৰ্ণ, সেয়েহে সন্মুখৰ ব্যক্তিজনক প্ৰতিশ্ৰুতি দিয়ক যে আপোনাৰ প্ৰেম তেওঁৰ বাবে কেতিয়াও কম নহয়। আজীৱন আপুনি তেওঁ সংগী হৈ থাকিব বিচাৰে বুলি প্ৰতিশ্ৰুতি দিয়ক। এইবোৰ কথা তেনেই সৰু কিন্তু সৰু কথা কিছুমানেই সম্পৰ্ক এটা মজবুত কৰাত কেতিয়াবা ডাঙৰ ভূমিকা ল'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু