--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেটৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে। এই ৰোমাঞ্চকৰ খেলখনত ৰাজস্থানে ৬ ৰানত জয়লাভ কৰে যদিও দলৰ অধিনায়ক ৰিয়ান পৰাগৰ সমস্যা বাঢ়ি যায়। 

ৰিয়ানৰ পূৰ্বে দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াকো লেহেমীয়া অভাৰ ৰেটৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হয়। ৰিয়ান পৰাগৰ বিৰুদ্ধে আৰোপ কৰা জৰিমনা সন্দৰ্ভত বিচিচিআইয়ে কয়, "২০২৫ চনৰ ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ১১ সংখ্যক মেচত তেওঁৰ দলটোৱে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে ।"

আৰু লগতে কয়"যিহেতু আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত তেওঁৰ দলৰ এই ছিজনৰ প্ৰথমটো অপৰাধ আছিল, যিটো নূন্যতম অতিৰিক্ত হাৰৰ অপৰাধৰ সৈতে জড়িত, সেয়েহে পৰাগক ১২ লাখ টকা জৰিমনা বিহা হয় ।

উল্লেখ্য যে এই অপৰাধৰ বাবে হাৰ্দিকক আই পি এল ২০২৪ত তিনিবাৰকৈ শাস্তি দিয়া হৈছিল, তাৰ পিছত তেওঁক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ বাবেই আই পি এল ২০২৫ৰ প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীক দলৰ পৰা বাদ দিবলগীয়া হৈছিল।কিন্তু এইবাৰ নিয়ম সলনি হৈছে, য’ত ইয়াৰ বাবে কোনো খেলুৱৈক নিষিদ্ধ কৰা নহ’ব।

টছত পৰাস্ত হোৱাৰ পিছত ৰিয়ান পৰাগ আৰু তেওঁৰ দলটোৱে প্ৰথমে বেটিং কৰিব লগা হয়। দলটোৰ আৰম্ভণি অতি বেয়া আছিল, য’ত দলটোৱে প্ৰথমটো অভাৰতে যশস্বী জয়ছৱালৰ প্ৰথমটো উইকেট হেৰুৱায়। আগতীয়াকৈ আউট হোৱাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ বলাৰৰ বিৰুদ্ধে নীতিশ ৰাণা আৰু সঞ্জু চেমছনে যথেষ্ট ৰাণ লয়। নীতিশে মাত্ৰ ৩৬টা বলত ৮১ ৰানৰ ইনিংছ খেলিছিল, য’ত দহটা চাৰি আৰু ৫টা ছয় আছিল।

এই সময়ছোৱাত তেওঁ আই পি এল ২০২৫ৰ দ্বিতীয় দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে। ৰাজস্থানে দিয়া ১৮৩ ৰানৰ লক্ষ্যৰ প্ৰতি সঁহাৰি জনাই চি এছ কে দলে নিৰ্ধাৰিত অভাৰত মাত্ৰ ১৭৬ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ অধিনায়ক ৰুতুৰাজ গাইকৱাদে ৪৪টা বলত ৬৩ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ বাহিৰে ৰবীন্দ্ৰ জাদেজাই ৩২ ৰানৰ অপৰাজিত ইনিংছ খেলিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ