--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান ৰয়েলছে আজি বৰ্ষাপাৰা ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থানে  বৰ্ষাপাৰা ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত দ্বিতীয়খন মেচ খেলিব। 

উল্লেখযোগ্য যে ৰাজস্থানে ইতিমধ্যে খেলা দুখন মেচৰ দুয়োখনতে পৰাজিত হৈছে আৰু দলটোৱে পইণ্টৰ তালিকাত অন্তিম স্থান লাভ কৰি আছে। সেয়েহে আজি ৰিয়ানৰ নেতৃত্বত দলটোৰ প্রধান লক্ষ্য হ'ব ঋতুৰাজ গাইকোৱাডৰ নেতৃত্বৰ দলটোক পৰাজিত কৰি এইবাৰৰ আই পি এলত, প্রথম জয় অর্জন কৰা। ৰাচিন ৰবীন্দ্ৰ, ৰবীন্দ্ৰ জাদেজা, মহেন্দ্ৰ সিং ধোনিৰ দৰে খেলুৱৈৰে সমৃদ্ধ চেন্নায়ে আজি যে ৰাজস্থানক প্রত্যাহ্বান জনাব সেইটো নিশ্চিত। 

চেন্নাই ছুপাৰ কিংছ নিজৰ ঘৰুৱা ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত ১৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পৰাজিত হয়। ফলত দলটোৱে দুখন মেচৰ এখনত জয়ী আৰু এখনত পৰাজিত হৈ পইণ্টৰ তালিকাত সপ্তম স্থানত আছে। চেন্নায়ে আজি জয়েৰে নিজৰ স্থান উন্নত কৰাৰ চেষ্টা কৰিব। দলটো ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। ইফালে ৰাজস্থান ৰয়েলছৰ বাবে প্রধান সমস্যাৰ সৃষ্টি কৰিছে বলিং বিভাগে। এসময়ত বিশ্বৰ আটাইতকৈ বিপজ্জনক বলাৰৰূপে খ্যাত জোফ্রা আর্চাৰৰ ফর্মে দলক চিন্তিত কৰি তুলিছে। আৰ্চাৰে প্ৰথমখন খেলত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চাৰি অ'ভাৰত ৭৭ ৰান দি অভিলেখৰ সৃষ্টি কৰে। কলকাতাৰ বিৰুদ্ধে মেচখনত আৰ্চাৰে ৩৩ ৰান দিয়ে। দুয়োখন মেচত তেওঁ এটাও উইকেট দখল কৰিব পৰা নাই। আজিৰ মেচখনত তেওঁৰ স্থানত কুমাৰ কার্তিকেয় বা দক্ষিণ আফ্ৰিকাৰ কোৱেন মফাকাক সুযোগ দিয়াৰ সম্ভাৱনা আছে। 

ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থানৰ স্পীন আক্রমণে চেন্নাইৰ বেটাৰসকলক কিমান দূৰ বান্ধি ৰাখিব পাৰে সেইটো লক্ষণীয় হ'ব। ৰাজস্থানৰ ভাগ্য বহু পৰিমাণে নিৰ্ভৰ কৰিব যশস্বী জয়ছোৱালৰ ওপৰত। সঞ্জু ছেমছনৰ বেটিঙেও মেচৰ ফল নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গুৱাহাটীৰ পিটছ স্পীনাৰৰ সহায়ক হ'ব বুলি আশা কৰা হৈছে। কিন্তু ৰাজস্থানৰ বাবে ইতিবাচক দিশটো হ'ল চেন্নাইৰ স্পীনাৰদ্বয় নুৰ আহমদ আৰু ৰবীন্দ্র জাদেজা বর্তমান ফর্মত নাই। অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন টি-২০ ফর্মেটত সিমান প্রভাৱশালী নহয়। ঘৰুৱা দৰ্শকৰ সন্মুখত আজি ৰাজস্থানৰ জয়ত অধিনায়ক বিয়ানৰ প্ৰদৰ্শনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মন কৰিবলগীয়া যে ৰাজস্থানৰ নিয়মীয়া অধিনায়ক ছেমছনে আঘাতৰ কাৰণে বেটিং কৰিলেও উইকেট কীপাৰ আৰু অধিনায়ক ৰূপে ফিল্ডত নমা নাই। তেওঁ আঘাতৰ কাৰণে প্রথম তিনিখন মেচত অধিনায়কৰ দায়িত্ব পালন কৰা নাছিল। ইয়াৰ পাছৰখন মেচত তেওঁ দলক নেতৃত্ব দিব। সেয়েহে ৰিয়ানে হয়তো আজি দলক অন্তিমবাৰৰ বাবে নেতৃত্ব দিব। তেওঁ ইয়াৰ সুযোগ গ্রহণ কৰাৰ চেষ্টা যে কৰিব সেইটো নিশ্চিত। 

ৰাজস্থানে কালি বর্ষাপাৰাত আজিৰ মেচখনৰ বাবে অনুশীলনো কৰে। ইফালে মেচখনত ধোনিৰ খেল চাবলৈ দর্শকে আগ্ৰহেৰে বাট চাই থকাটোও নিশ্চিত। দুয়োটা দলে আই পি এলত এতিয়ালৈকে ২৯ বাৰ খেলিছে আৰু ইয়াৰে ১৬ বাৰ চেন্নাই জয়ী হৈছে। কিন্তু শেহতীয়া আঠখন মেচৰ ছখনত ৰাজস্থান জয়ী হৈছে। চেন্নায়ে প্রথমবাৰলৈ গুৱাহাটীত খেলিব। আনহাতে ৰাজস্থানে গুৱাহাটীত এতিয়ালৈকে ৫খন মেচ খেলিছে আৰু ইয়াৰে মাত্ৰ এখনতহে জয়ী হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি