--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বপ্রসিদ্ধ অম্বুবাচী মহাযোগ উপলক্ষে মা কামাখ্যাৰ পবিত্ৰস্থল নীলাচল পাহাৰলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰৰ সাধু-সন্ন্যাসী আৰু ভক্ত-দর্শনার্থীৰ আগমন ঘটিছে। অম্বুবাচীৰ সময়ত এইবাৰ ৮ লাখৰো অধিক ভক্ত-দর্শনার্থীক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে জিলা প্রশাসন।

ডিজিটেল ডেস্ক : পুনৰ উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে নীলাচল পাহাৰত। অম্বুবাচী মহাযোগৰ বাবে নীলাচল পাহাৰত উখল-মাখল পৰিৱেশ। সাধু-সন্তৰ আগমনে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে মা কামাখ্যাধামত। আনহাতে, অম্বুবাচী উপলক্ষে মা কামাখ্যাধামত উপস্থিত হোৱা শ-শ নাগা সন্ন্যাসীয়ে বিশাল পদযাত্ৰা বাহিৰ কৰে। নাগা সন্ন্যাসীৰ এই পদযাত্ৰাত সংগ দিলে বিধায়ক বিজয় গুপ্তাই। 


২২ জুনৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মহাযোগৰ সময়ত তিনিদিনৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনৰ পুৱা মন্দিৰৰ দুৱাৰ পুনৰ খোল খাব। 


বিশ্বপ্রসিদ্ধ অম্বুবাচী মহাযোগ উপলক্ষে মা কামাখ্যাৰ পবিত্ৰস্থল নীলাচল পাহাৰলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰৰ সাধু-সন্ন্যাসী আৰু ভক্ত-দর্শনার্থীৰ আগমন ঘটিছে। অম্বুবাচীৰ সময়ত এইবাৰ ৮ লাখৰো অধিক ভক্ত-দর্শনার্থীক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে জিলা প্রশাসন। 


ইফালে, কালি অম্বুবাচী মহাযোগ উপলক্ষে কামাখ্যাৰ নামনিৰ কামাখ্যা গে'ট নাৰ্ছাৰীত সমৱেত হয় বিখ্যাত জুনা আখাৰৰ শ-শ নাগা সন্ন্যাসী। সেই স্থানৰ পৰাই নাগা সন্ন্যাসীসকলে 'পদযাত্রা' কৰি কামাখ্যা মন্দিৰলৈ যায়। পদযাত্ৰাৰ সমগ্ৰ সময়ছোৱা বিভিন্ন বেশভূষাৰ নাগা সন্ন্যাসীসকলে দেৱী মাৰ গুণানুকীৰ্তন কৰি যায়। পদযাত্ৰাত বস্ত্রবিহীনভাবেও বহুকেইজন নাগা সন্ন্যাসীয়ে অংশগ্রহণ কৰে। কেইবাগৰাকী কিন্নৰ সন্ন্যাসীয়েও পদযাত্রাত অংশগ্ৰহণ কৰে। 


আনহাতে, নাগা সন্ন্যাসীৰ এই পদযাত্ৰাত সংগ দিয়ে মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তাই। বিধায়ক গুপ্তাই নাগা সন্ন্যাসীসকলক ফুলৰ মালা পিন্ধাই এই পদযাত্ৰাৰ শুভাৰম্ভণি কৰে। বিধায়ক বিজয় গুপ্তাই প্রকাশ কৰে 'এইবাৰ প্ৰথমবাৰৰ বাবে এই পদযাত্ৰা কৰা হৈছে। আমি আমাৰ সনাতন সভ্যতা-সংস্কৃতিক সুৰক্ষিত কৰাৰ বাবে সাধু-সন্ন্যাসীৰ আশীৰ্বাদ লাগে। এই ক্ষেত্ৰত আমি মানুহৰ মাজত সজাগতা আনিব বিচাৰিছোঁ। দেশ-বিদেশৰ বহুত মানুহ আহিছে আৰু সকলোৰে সুবিধাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।' বিধায়কজনে কয়, 'অম্বুবাচী মহাযোগ বিশ্ববিখ্যাত এটা ধর্মীয় মহোৎসৱ। 


কালি জুনা আখাৰাৰ নেতৃত্বত ৫ শতাধিক সাধু-সন্ন্যাসীৰ পদযাত্রা উলিওৱা হৈছে। এই সমাগমৰ যোগেদি আমি প্ৰেৰণা পাওঁ আৰু এই প্ৰেৰণাই মানৱ সমাজত শান্তি-সম্প্রীতি গঢ়ি তোলে।' ইফালে, নেপালৰ পৰা অহা এগৰাকী নাগা সন্ন্যাসীয়ে বিধায়কগৰাকীক গুজৰাটত ১৪জন গো-সেৱকক শাস্তি প্ৰদান কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দি বিধায়ক গুপ্তাই কয়, 'গো-সেৱা আমাৰ ধৰ্ম আৰু আমি এই ধর্ম পালন কৰিম। এইটো সংবেদনশীল বিষয় আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰে বিবেচনা কৰিব। সনাতন সংস্কৃতিক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।' 


উল্লেখযোগ্য যে এইবাৰ ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্রবৃত্তি হ'ব। সেয়ে, ২২ জুনৰ দিনটো দৰ্শনাৰ্থীৰ বাবে মন্দিৰ খোলা থাকিব। নিশা আৰতি হোৱাৰ পাছতহে পৰম্পৰা অনুসৰি তিনিদিনৰ বাবে মন্দিৰ বন্ধ থাকিব। ২৬ জুনৰ পুৱা পুৱা ৬ বজাৰ পৰা ৬-৩০ বজাৰ ভিতৰত পৰম্পৰা অনুসৰি দেৱীৰ স্নান আদি কৰাৰ পাছত মন্দিৰৰ দুৱাৰ খোলা হ'ব। তাৰ পাছত ভক্তই পুনৰ দেৱী দৰ্শন কৰিব পাৰিব। ইফালে, অম্বুবাচী মহাযোগ সুকলমে পৰিচালনা কৰাৰ বাবে প্ৰত্যেকবাৰৰ দৰে এইবাৰো দেৱালয় কমিটীয়ে এখন কমিটী গঠন কৰিছে। চৰকাৰীভাৱেও অম্বুবাচী মহাযোগ উপলক্ষে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। 


অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰলৈ পদব্রজে অহা ভক্ত-দৰ্শনাৰ্থীৰ বাবে ঠায়ে ঠায়ে খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। ইফালে, কামাখ্যাৰ তলতে জোতা-ছেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে। কামাখ্যা মন্দিৰৰ তলৰ পৰা ওপৰলৈ সম্পূৰ্ণ পথছোৱাত কার্পেট দিয়া হৈছে যাতে ভক্তসকলে খালী ভৰিৰে যোৱাত অসুবিধা নহয়। যোৱাবাৰৰ দৰে এইবাৰো সন্ধিয়া ৬ বজাৰ পৰা নিশাৰ ভাগত মন্দিৰলৈ যোৱাটো বন্ধ কৰা হ'ব। লক্ষণীয় যে যোৱা বছৰ অম্বুবাচীৰ সময়ত নীলাচল পাহাৰত প্রায় ৭.৮৫ লাখ লোকৰ সমাগম হৈছিল। এইবাৰ এই সংখ্যা ৮ লাখ অতিক্ৰম কৰাৰ আশা কৰা হৈছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান