--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মৃত দুৰ্ভগীয়া লোকজনক গোসাঁইগাঁও থানাৰ অন্তৰ্গত হালদীবাৰী গাঁৱৰ পৰাণ মাৰ্ডি (৪০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ বুধৰাই মাৰ্ডিৰ পুত্ৰ আছিল।

ডিজিটেল ডেস্ক: বজ্ৰপাতৰ ফলত পুনৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে গোসাঁইগাঁৱত। এইবাৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপৰ বলি হ’ল এজন স্থানীয় মাছমৰীয়া।

মৃত দুৰ্ভগীয়া লোকজনক গোসাঁইগাঁও থানাৰ অন্তৰ্গত হালদীবাৰী গাঁৱৰ পৰাণ মাৰ্ডি (৪০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ বুধৰাই মাৰ্ডিৰ পুত্ৰ আছিল।

স্থানীয় সূত্ৰই জনোৱা মতে, আজি পুৱা প্ৰায় ৬ বজাত পৰাণ মাৰ্ডিয়ে সদায় যোৱাৰ দৰেই সোণকোষ নদীত মাছ ধৰিবলৈ গৈছিল। কিন্তু মাছ ধৰি থকা অৱস্থাতে হঠাতে আকাশ কঁপাই প্ৰচণ্ড বজ্ৰপাত হয় আৰু ইয়াৰ আঘাতত তেওঁ গুৰুতৰভাৱে আহত হয়। 

আঘাতৰ মাত্ৰা ইমানেই ভয়াৱহ আছিল যে চিকিৎসালয়লৈ নিয়াৰ সুযোগ নিদি ঘটনাস্থলীতেই তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।

হঠাতে ঘটি যোৱা এই আকস্মিক দুৰ্ঘটনাত সমগ্ৰ হালদীবাৰী অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ