--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাত প্রায় ১,০০০ আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীৰ ভিছা শেহতীয়া সপ্তাহটোত প্ৰত্যাহাৰ কৰা হৈছে। ইয়ে শিক্ষার্থীসকলৰ মাজত ভয়, বিভ্রান্তিৰ সৃষ্টি কৰিছে। 

কাৰণ ভিছা প্রত্যাহাৰৰ ফলত, দেশখনৰ পৰা বহিষ্কাৰ হোৱাৰ আশংকা প্রকাশ পাইছে। এছ'চিয়েটেড প্ৰেছৰ এক ন প্রতিবেদনত এই কথা প্রকাশ পাইছে। সংবাদ প্রতিষ্ঠানটোৰ মতে, শীর্ষস্থানৰ প্ৰতিষ্ঠান যেনে হার্ভার্ড, ষ্টেনফ'ৰ্ড আদিকে ধৰি ১৬০খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কমেও ১০২৪জন শিক্ষার্থী যোৱা মাৰ্চৰ শেষান্তৰ পৰা এই সিদ্ধান্তৰ ফলত ক্ষতিগ্রস্ত হৈছে। 

ভিছা প্রত্যাহাৰৰ ফলত শিক্ষার্থীসকলে পঢ়া-শুনা আধাতে এৰি আমেৰিকা এৰিবলৈ বাধ্য হৈছে। আমেৰিকান ইমিগ্ৰেশ্যন লয়াৰ্ছ এছ'চিয়েশ্যনৰ এক প্রতিবেদনৰ মতে ভিছা প্রত্যাহাৰ হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীৰ ৫০% ই ভাৰতীয়। অন্য ১৪% শিক্ষার্থী চীনৰ। শেহতীয়াকৈ ভিছা প্রত্যাহাৰ হোৱা ৩২৭খন ভিছাৰ আধা সংখ্যকেই ভাৰতীয় শিক্ষার্থী। কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীয়ে অভিযোগ কৰিছে যে হ'মলেও ছিকিউৰিটি (ডি এইচ এছ) বিভাগে তেওঁলোকৰ আইনী সুৰক্ষা প্ৰত্যাহাৰৰ প্ৰকৃত কাৰণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। 

আনহাতে, সৰু সৰু ঘটনা, যেনে যান-বাহন আইনৰ নিয়ম ভংগৰ অভিযোগতেই আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ ভিছা প্রত্যাহাৰ হৈছে। আনহাতে, তেনেকুৱা পৰিস্থিতিতো শিক্ষার্থীসকলক এই বিষয়ে অৱগত কৰা হোৱা নাই। ৰাজনৈতিক কাৰ্যপন্থাৰ বাবে ভিছা প্রত্যাহাৰৰ সিদ্ধান্ত লোৱা হয় যদিও বিশ্ববিদ্যালয়ৰ বিষয়ববীয়াসকলে কয় যে খতিগ্রস্ত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদত কোনো ভূমিকা নাই। উল্লেখযোগ্য যে অলপতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ এজন শিক্ষার্থীক পেলেষ্টাইনৰ সমর্থনত উলিওৱা শোভাযাত্ৰাৰ বাবে আটক কৰা হৈছিল। আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্র মার্গাৰেট মেকলিঅ'তে কয় যে আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীসকলে আমেৰিকাৰ আইন মানি চলিবই লাগিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ