--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাত প্রায় ১,০০০ আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীৰ ভিছা শেহতীয়া সপ্তাহটোত প্ৰত্যাহাৰ কৰা হৈছে। ইয়ে শিক্ষার্থীসকলৰ মাজত ভয়, বিভ্রান্তিৰ সৃষ্টি কৰিছে। 

কাৰণ ভিছা প্রত্যাহাৰৰ ফলত, দেশখনৰ পৰা বহিষ্কাৰ হোৱাৰ আশংকা প্রকাশ পাইছে। এছ'চিয়েটেড প্ৰেছৰ এক ন প্রতিবেদনত এই কথা প্রকাশ পাইছে। সংবাদ প্রতিষ্ঠানটোৰ মতে, শীর্ষস্থানৰ প্ৰতিষ্ঠান যেনে হার্ভার্ড, ষ্টেনফ'ৰ্ড আদিকে ধৰি ১৬০খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কমেও ১০২৪জন শিক্ষার্থী যোৱা মাৰ্চৰ শেষান্তৰ পৰা এই সিদ্ধান্তৰ ফলত ক্ষতিগ্রস্ত হৈছে। 

ভিছা প্রত্যাহাৰৰ ফলত শিক্ষার্থীসকলে পঢ়া-শুনা আধাতে এৰি আমেৰিকা এৰিবলৈ বাধ্য হৈছে। আমেৰিকান ইমিগ্ৰেশ্যন লয়াৰ্ছ এছ'চিয়েশ্যনৰ এক প্রতিবেদনৰ মতে ভিছা প্রত্যাহাৰ হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীৰ ৫০% ই ভাৰতীয়। অন্য ১৪% শিক্ষার্থী চীনৰ। শেহতীয়াকৈ ভিছা প্রত্যাহাৰ হোৱা ৩২৭খন ভিছাৰ আধা সংখ্যকেই ভাৰতীয় শিক্ষার্থী। কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীয়ে অভিযোগ কৰিছে যে হ'মলেও ছিকিউৰিটি (ডি এইচ এছ) বিভাগে তেওঁলোকৰ আইনী সুৰক্ষা প্ৰত্যাহাৰৰ প্ৰকৃত কাৰণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। 

আনহাতে, সৰু সৰু ঘটনা, যেনে যান-বাহন আইনৰ নিয়ম ভংগৰ অভিযোগতেই আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ ভিছা প্রত্যাহাৰ হৈছে। আনহাতে, তেনেকুৱা পৰিস্থিতিতো শিক্ষার্থীসকলক এই বিষয়ে অৱগত কৰা হোৱা নাই। ৰাজনৈতিক কাৰ্যপন্থাৰ বাবে ভিছা প্রত্যাহাৰৰ সিদ্ধান্ত লোৱা হয় যদিও বিশ্ববিদ্যালয়ৰ বিষয়ববীয়াসকলে কয় যে খতিগ্রস্ত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদত কোনো ভূমিকা নাই। উল্লেখযোগ্য যে অলপতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ এজন শিক্ষার্থীক পেলেষ্টাইনৰ সমর্থনত উলিওৱা শোভাযাত্ৰাৰ বাবে আটক কৰা হৈছিল। আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্র মার্গাৰেট মেকলিঅ'তে কয় যে আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীসকলে আমেৰিকাৰ আইন মানি চলিবই লাগিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ