--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ প্ৰতিৰক্ষা বাহিনীৰ লগতে দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বাহিনীতো জোৱানৰ সংখ্যা যথেষ্ট কম। 

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অলপতে মন্ত্ৰ্যালয়ৰ সৈতে জড়িত সংসদৰ স্থায়ী কমিটীত দিয়া তথ্য মতে দেশৰ প্ৰতিৰক্ষা বাহিনীত এক লাখতকৈ অধিক পদ খালী হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তথ্য মতে বর্তমান দেশত সেনাত নিয়োজিত হৈ থকা মুঠ লোকৰ সংখ্যা হ'ল ১২.৪৮ লাখ। ইয়াৰ ভিতৰত ৯২,৪১০টা পদ হ'ল জুনিয়ৰ কমান্ডিং অফিচাৰ (জে চি অ') আৰু নন কমিছনড অফিচাৰৰ (এন চি অ')। সেনাবাহিনীত জে চি অ' আৰু এন চি অ'ৰ প্রায় ৭.৭২% পদ খালী হৈ আছে। 

যোৱা বছৰ এক অক্টোবৰলৈকে সেনা বাহিনীত মুঠ স্বীকৃত পদৰ সংখ্যা হ'ল ১১,৯৭,৫২০টা। ইয়াৰ ভিতৰত ১১,০৫,১১০টা পদ পূর্ণ হৈ আছে। আনহাতে সেনা বাহিনীত উচ্চ পৰ্যায়ৰ বিষয়াৰ সংখ্যা প্রায় ১৬.৭১% কম। মন্ত্রালয়ে সংসদীয় কমিটীখনত দিয়া তথ্য মতে, সেনা বাহিনীত স্বীকৃত বিষয়াৰ পদৰ সংখ্যা হ'ল ৫০,৫৩৮টা আৰু ইয়াৰে ৪২,০৯৫টা পদত বিষয়া নিযুক্ত হৈ আছে। অৱশ্যে ইয়াৰ ভিতৰত সেনাৰ মেডিকেল ক'ৰ, ডেণ্টেল ক'ৰ আৰু মিলিটেৰী নাৰ্ছিং ছাৰ্ভিচক ধৰা হোৱা নাই। উল্লেখযোগ্য যে প্রতি বছৰে প্ৰায় ৬০ হাজাৰ সৈনিকে অৱসৰ গ্ৰহণ কৰে। কভিড মহামাৰীৰ কাৰণে দুবছৰ সেনা বাহিনীত সৈনিক ভর্তি স্থগিত ৰখা হৈছিল। ইয়াৰ ফলত প্রায় ১.২০ লাখ পদ খালী হৈ ৰয়। 

আনহাতে ২০২২ চনৰ পৰা অগ্নিপথ আঁচনি আৰম্ভ কৰা হয়। ইয়াৰ অধীনত প্ৰতি বছৰে প্রায় ৪০ হাজাৰ সৈনিকক সেনা বাহিনীত মকৰল কৰা হয়। ফলত কভিডৰ সময়ত খালী পদ এতিয়াও পূৰণ কৰিব পৰা হোৱা নাই। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মতে অগ্নিবীৰ আঁচনিৰ জৰিয়তে সেনা বাহিনীত খালী হৈ থকা পদসমূহ পূৰণ কৰিব পৰা যাব। আনহাতে খালী হৈ থকা বিষয়াৰ পদ পূৰণৰ কাৰণে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু পদ পূৰণৰ প্ৰক্ৰিয়া উন্নত কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ