--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ জগতখনত আক্ৰমণাত্মক বেটিঙৰ কথা ক’লে পোনপ্ৰথমেই নিশ্চয় উচ্চাৰিত হ'ব বীৰেন্দ্ৰ ছেহৱাগৰ নাম। মাৰমুখী বেটিঙেৰে বিপক্ষৰ বলাৰক ত্ৰাহি মধুসূদন দেখুওৱা ছেহৱাগক ভাৰতীয় ক্ৰিকেট দলৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ অপেনাৰ হিচাপে স্বীকৃতি দিয়া হয়। টেষ্ট, এদিনীয়া, টি-২০ —যিয়েই নহওক কিয়, ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলীৰেই বেটিং কৰে ছেহৱাগে। 

পিছে এনে এটা সময় আহিছিল, যেতিয়া ছেহৱাগে নিজৰ ক্ৰিকেট কেৰিয়াৰক লৈ শংকাত ভুগিবলগীয়া হৈছিল। ক্ৰিকেট কেৰিয়াৰ যতি পৰাৰ আশংকাত ভাগি পৰিছিল ছেহৱাগ। দুৰ্বল প্ৰদৰ্শনৰ বাবে আনকি ২০০৭ চনৰ চিজন জাতীয় দলৰ পৰা ছেহৱাগক বাদ দিয়া হৈছিল। এনে সময়তে ছেহৱাগৰ ক্ৰিকেট কেৰিয়াৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল অনিল কুম্বলে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত খোদ ছেহৱাগেই এই কথা প্ৰকাশ কৰিছে।

২০১৭ বৰ্ষতদলৰ পৰা বাহিৰতথকাৰ পাছত ২০০৭-০৮ বৰ্ষৰ ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাত অন্তৰ্ভুক্ত কৰা হৈছিল ছেহৱাগক। কিন্তু উক্ত শৃংখলাৰ প্ৰথম দুখন টেষ্টত ছেহৱাগে মূল একাদশত সুযোগ পোৱা নাছিল। উক্ত দুয়োখন টেষ্টতে পৰাজিত হয় ভাৰতীয় দল। অৱশেষত দীৰ্ঘ সময়ৰ পাছত পাৰ্থত অনুষ্ঠিত হোৱা তৃতীয় টেষ্টত ভাৰতৰ ইনিংছ মুকলিৰ দায়িত্ব লাভ কৰে ছেহৱাগে। ছেহৱাগৰ এই প্ৰত্যাৱৰ্তনৰ মূলতে আছিল সেই সময়ৰ ভাৰতীয় দলৰ অধিনায়ক অনিল কুম্বলে।

তৃতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলে এখন প্ৰস্তুতি মেচত ভাগ লয়। উক্ত মেচখনৰ পূৰ্বে অধিনায়ক কুম্বলেই ছেহৱাগক দিয়ে এক বিশেষ প্ৰতিশ্ৰতি। ছেহৱাগৰ কাষলৈ আহি কুম্বলেই কয়, "এই খেলখনত ৫০ ৰাণ সংগ্ৰহ কৰা। তেতিয়া পাৰ্থৰ খেলখনৰ বাবে তোমাক বাছনি কৰা হ'ব।"

উক্ত খেলখনত ছেহৱাগে এটা শতক অৰ্জন কৰি নিজৰ ফৰ্ম ঘূৰাই পোৱাৰ ঈঙ্গিত দিয়ে আৰু ছেহৱাগক কৰা প্ৰতিশ্ৰুতি অনুসৰিয়ে কুম্বলেই ছেহৱাগক পাৰ্থ টেষ্টত মূল একাদশত অন্তৰ্ভুক্ত কৰে। টেষ্টখনত ছেহৱাগে দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হ’লেও দলক ভাল আৰম্ভণি দিয়ে। লগতে টেষ্টখনত দুটা উইকেটো দখল কৰে ছেহৱাগে। উক্ত মেচখনত জয়েৰে ভাৰতে শৃংখলাত প্ৰত্যাৱৰ্তন কৰি ব্যৱধান ২—১ লৈ হ্ৰাস কৰে।

অৱশ্যে এডিলেইডত অনুষ্ঠিত হোৱা চতুৰ্থখন টেষ্টতহে ছেহৱাগে নিজৰ প্ৰকৃত খেলৰ প্ৰমাণ দাঙি ধৰে। টেষ্টখনৰ প্ৰথম ইনিংছত ৬৩ ৰানৰ এটা সুন্দৰ ইনিংছ খেলাৰ পিছত দ্বিতীয় ইনিংছতো মেচ উদ্ধাৰকাৰী ১৫১ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলে। 

সাৎক্ষাৰটোত এই সন্দৰ্ভত ছেহৱাগে প্ৰথম ইনিংছৰ ৬৩ ৰানৰ ইনিংছটোক জীৱনত কৰা আটাইতকৈ কঠিন ইনিংছ আখ্যা দিয়ে। ছেহৱাগে কয়, “অনিল কুম্বলেই মোৰ ওপৰত কৰা বিশ্বাসক মই প্ৰমাণিত কৰিবলৈ চেষ্টা কৰিছিলো। অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে মোৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত তেওঁ আন কাৰোবাৰ প্ৰশ্নৰ সন্মুখীন হোৱাটো মই বিচৰা নাছিলো।”

এই ভ্ৰমণৰ পিছতে কুম্বলেই ছেহৱাগক আন এটা প্ৰতিশ্ৰুতি দিছিল। কুম্বলেই ছেহৱাগক প্ৰতিশ্ৰুতি দিয়ে তেওঁ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক হৈ থকা পৰ্যন্ত ছেহৱাগক দলৰ পৰা কেতিয়াও বাদ দিয়া নহ'ব। কুম্বলেৰ এই প্ৰতিশ্ৰুতি আৰু তেওঁৰ প্ৰতি থকা বিশ্বাসৰ কথা সুঁৱৰি সেহৱাগে কয়, “এজন খেলুৱৈয়ে তেওঁৰ অধিনায়কৰ বিশ্বাস আদায় কৰাটো আটাইতকৈ বেছি আকাংক্ষিত কথা। মই মোৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ত গাংগুলীৰ পৰা আৰু পিছত কুম্বলেৰ পৰা সেই বিশ্বাস লাভ কৰিছিলো।" চেহৱাগে কয়।

সেই অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত ছেহৱাগে কুম্বলেৰ নেতৃত্বত সাতখন টেষ্ট খেলিছিল। টেষ্টকেইখনত ৬২ তকৈও অধিক গড়েৰে ৰান সংগ্ৰহ কৰি কুম্বলেৰ তেওঁৰ প্ৰতি থকা বিশ্বাসৰ ঋণ পৰিশোধ কৰে ছেহৱাগে। ইয়াৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩১৯ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ২০১ ৰানৰ দুটা দৰ্শনীয় ইনিংছো অন্তৰ্ভুক্ত। আনহাতে অধিনায়ক তথা খেলুৱৈ হিচাপে কুম্বলেৰ অন্তিমখন টেষ্টত ১০৪ ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰি টেষ্টত নিজৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনো দাঙি ধৰে ছেহৱাগে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ