--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই পেৰেডত থাকে অসম আৰক্ষীৰ মটৰচাইকেলৰ ডেয়াৰ ডেভিল শ্ব', বিভিন্ন ৰাজ্যৰ ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক প্রদর্শন তথা বি এছ এফৰ কেমেল কন্টিনজেন্ট, গুজৰাটৰ মাউন্টেড কেভেলৰী আদি।

ডিজিটেল ডেস্ক : চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো প্রতিবছৰে আজি তেওঁৰ জন্মস্থান গুজৰাটৰ একতা নগৰত, নতুন দিল্লীত গণৰাজ্য দিৱসত হোৱাৰ দৰে বিশাল পেৰেডেৰে ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰা হয়। 


পেটেলৰ ১৫০সংখ্যক জয়ন্তীৰ আৰম্ভণি উপলক্ষে নৱেম্বৰত শ্বাহে পষেকজোৰা ৰাষ্ট্ৰীয় উদ্যাপন 'ভাৰত পর্ব ২০২৫'-ৰ শুভাৰম্ভ কৰে। আজি চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জন্মবার্ষিকী উদযাপনৰ পেৰেডৰ নেতৃত্ব দিয়ে মহিলা আৰক্ষী বিষয়াই।


এই পেৰেডত থাকে অসম আৰক্ষীৰ মটৰচাইকেলৰ ডেয়াৰ ডেভিল শ্ব', বিভিন্ন ৰাজ্যৰ ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক প্রদর্শন তথা বি এছ এফৰ কেমেল কন্টিনজেন্ট, গুজৰাটৰ মাউন্টেড কেভেলৰী আদি। ভাৰতীয় বায়ু সেনাৰ সূৰ্য কিৰণ দলে দেখুৱায় শক্তিশালী 'এয়াৰ শ্ব”।


আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ বিশাল পেৰেডত দেখা যায় সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ), কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ), ইণ্ডো তিব্বেটান ব'ৰ্ডাৰ পুলিচ (আই টিবি পি), সশস্ত্র সীমা বল (এছ এছ বি)ৰ জোৱান তথা অসম, ত্ৰিপুৰা, ওড়িশা, ছট্টিশগড়, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, পঞ্জাব, জম্মু-কাশ্মীৰ, কেৰালা আৰু অন্ধ্র প্রদেশ আৰক্ষীৰ জোৱান। এন চি চিৰো এটা দল পেৰেডত থাকে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ