--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই পেৰেডত থাকে অসম আৰক্ষীৰ মটৰচাইকেলৰ ডেয়াৰ ডেভিল শ্ব', বিভিন্ন ৰাজ্যৰ ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক প্রদর্শন তথা বি এছ এফৰ কেমেল কন্টিনজেন্ট, গুজৰাটৰ মাউন্টেড কেভেলৰী আদি।

ডিজিটেল ডেস্ক : চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো প্রতিবছৰে আজি তেওঁৰ জন্মস্থান গুজৰাটৰ একতা নগৰত, নতুন দিল্লীত গণৰাজ্য দিৱসত হোৱাৰ দৰে বিশাল পেৰেডেৰে ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰা হয়। 

পেটেলৰ ১৫০সংখ্যক জয়ন্তীৰ আৰম্ভণি উপলক্ষে নৱেম্বৰত শ্বাহে পষেকজোৰা ৰাষ্ট্ৰীয় উদ্যাপন 'ভাৰত পর্ব ২০২৫'-ৰ শুভাৰম্ভ কৰে। আজি চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জন্মবার্ষিকী উদযাপনৰ পেৰেডৰ নেতৃত্ব দিয়ে মহিলা আৰক্ষী বিষয়াই।

এই পেৰেডত থাকে অসম আৰক্ষীৰ মটৰচাইকেলৰ ডেয়াৰ ডেভিল শ্ব', বিভিন্ন ৰাজ্যৰ ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক প্রদর্শন তথা বি এছ এফৰ কেমেল কন্টিনজেন্ট, গুজৰাটৰ মাউন্টেড কেভেলৰী আদি। ভাৰতীয় বায়ু সেনাৰ সূৰ্য কিৰণ দলে দেখুৱায় শক্তিশালী 'এয়াৰ শ্ব”।

আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ বিশাল পেৰেডত দেখা যায় সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ), কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ), ইণ্ডো তিব্বেটান ব'ৰ্ডাৰ পুলিচ (আই টিবি পি), সশস্ত্র সীমা বল (এছ এছ বি)ৰ জোৱান তথা অসম, ত্ৰিপুৰা, ওড়িশা, ছট্টিশগড়, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, পঞ্জাব, জম্মু-কাশ্মীৰ, কেৰালা আৰু অন্ধ্র প্রদেশ আৰক্ষীৰ জোৱান। এন চি চিৰো এটা দল পেৰেডত থাকে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ