--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানৰ বাবে বিলাসী গাড়ী, দামী উপহাৰ বা দামী পোছাক আনন্দৰ উৎস হ’ব পাৰে। আন কাৰোবাৰ বাবে আকৌ অতি সৰু তথা তুচ্ছ কথা বা বস্তু এটাৰ পৰা নিজৰ ধৰণেৰে  বিচাৰি পায় অনাবিল আনন্দ। কিছুমানৰ বাবে তুচ্ছ বা সামান্য কথাবোৰ আনৰ বাবে অতি আনন্দৰ উৎস হৈ পৰা দেখা যায়। এনে এটা ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে।

ভিডিঅ’টোত দেখা পোৱাৰ দৰে খেৰৰ চালিৰে ভৰা এটা জৰাজীৰ্ণ ঘৰ। ঘৰৰ সন্মুখত থৈ দিয়া হৈছে  এখন চাইকেল।  চাইকেলখন দেখিলেই ধৰিব পাৰি এইখন যে নতুন চাইকেল নহয়। পূৰণিয়েই হওক, কিনো কথা? পুৰণি বস্তুবোৰৰ মাজতো যে পোৱা যায় বিমল আনন্দ আৰু এনে সামগ্ৰীৰ মূল্য একোৰে যে জুখিব নোৱাৰি এই ভিডিঅ'টোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিছে।

চাইকেলখনত মালা পিন্ধাইছে ব্যক্তিজনে। তাৰপাছত তেওঁ প্ৰণাম কৰিছে। নতুন বাহন ক্ৰয় কৰাৰ পাছত যিখিনি আনুষ্ঠানিকতা কৰা হয় সেই একেখিনিকে কৰিছে ব্যক্তিজনে। সন্মুখত থিয় হৈ আছে তেওঁৰ সন্তান। আনন্দত আত্মহাৰা পিতা-পুত্ৰ। আনন্দত পিতৃৰ মুখত হাঁহি বিৰিঙিছে, সন্তানে জপিয়াইছে। 

ভিডিঅ’টো শ্বেয়াৰ কৰিছে আইএএছ বিষয়া অবনীশ শৰণে। কেপচনত তেওঁ লিখিছে, ‘হয়তো এইখন ছেকেণ্ড হেণ্ড চাইকেল। কিন্তু তেওঁলোকৰ আনন্দলৈ চাওক। যি আনন্দ কোনো মূল্যৰে জুখিব নোৱাৰি! তেওঁলোকৰ আনন্দই বুজাই দিছে যে এইখনেই তেওঁলোকৰ মনত মাৰ্চিডিজ বেঞ্জ।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ