--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানৰ বাবে বিলাসী গাড়ী, দামী উপহাৰ বা দামী পোছাক আনন্দৰ উৎস হ’ব পাৰে। আন কাৰোবাৰ বাবে আকৌ অতি সৰু তথা তুচ্ছ কথা বা বস্তু এটাৰ পৰা নিজৰ ধৰণেৰে  বিচাৰি পায় অনাবিল আনন্দ। কিছুমানৰ বাবে তুচ্ছ বা সামান্য কথাবোৰ আনৰ বাবে অতি আনন্দৰ উৎস হৈ পৰা দেখা যায়। এনে এটা ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে।

ভিডিঅ’টোত দেখা পোৱাৰ দৰে খেৰৰ চালিৰে ভৰা এটা জৰাজীৰ্ণ ঘৰ। ঘৰৰ সন্মুখত থৈ দিয়া হৈছে  এখন চাইকেল।  চাইকেলখন দেখিলেই ধৰিব পাৰি এইখন যে নতুন চাইকেল নহয়। পূৰণিয়েই হওক, কিনো কথা? পুৰণি বস্তুবোৰৰ মাজতো যে পোৱা যায় বিমল আনন্দ আৰু এনে সামগ্ৰীৰ মূল্য একোৰে যে জুখিব নোৱাৰি এই ভিডিঅ'টোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিছে।

চাইকেলখনত মালা পিন্ধাইছে ব্যক্তিজনে। তাৰপাছত তেওঁ প্ৰণাম কৰিছে। নতুন বাহন ক্ৰয় কৰাৰ পাছত যিখিনি আনুষ্ঠানিকতা কৰা হয় সেই একেখিনিকে কৰিছে ব্যক্তিজনে। সন্মুখত থিয় হৈ আছে তেওঁৰ সন্তান। আনন্দত আত্মহাৰা পিতা-পুত্ৰ। আনন্দত পিতৃৰ মুখত হাঁহি বিৰিঙিছে, সন্তানে জপিয়াইছে। 

ভিডিঅ’টো শ্বেয়াৰ কৰিছে আইএএছ বিষয়া অবনীশ শৰণে। কেপচনত তেওঁ লিখিছে, ‘হয়তো এইখন ছেকেণ্ড হেণ্ড চাইকেল। কিন্তু তেওঁলোকৰ আনন্দলৈ চাওক। যি আনন্দ কোনো মূল্যৰে জুখিব নোৱাৰি! তেওঁলোকৰ আনন্দই বুজাই দিছে যে এইখনেই তেওঁলোকৰ মনত মাৰ্চিডিজ বেঞ্জ।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ