--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত প্ৰতিদিনে লাখ লাখ লোকে ৰেলযোগে যাত্ৰা কৰে। কিন্তু আপুনি জানেনে যে এইখন ভাৰততে এনে এখন ৰেল আছে যত আপুনি যাত্ৰা কৰিবলৈ এটকাও ভাড়া দিব নালাগে। এই বিশেষ ৰেলখনৰ বিষয়ে জানো আহক।

 হিমাচল প্ৰদেশ আৰু পঞ্জাবৰ সীমান্তত চলি আছে এই বিশেষ ৰেলখন। যদি আপুনি ভকৰা নগাল বান্ধ চাবলৈ যায়, তেন্তে এই ৰেলখনেৰে বিনামূলীয়াকৈ যাত্ৰাৰ আনন্দ লব পাৰে।

 আচলতে এই ৰেলখন নগালৰ পৰা ভাকৰা বান্ধৰ মাজত চলে। মুঠ ২৫খন গাঁৱৰ লোকে যোৱা ৭৩ বছৰে এই ৰেলেৰে বিনামূলীয়াকৈ যাত্ৰা কৰি আহিছে। এতিয়া আপুনি নিশ্চিতভাৱে জানিব বিচাৰিব যে এইটো কেনেকৈ সম্ভৱ? ৰে’লৱেই কেনেকৈ ইয়াৰ অনুমতি দিয়ে জানো আহক?

 মন কৰিবলগীয়া যে এই ৰেলখন ৰাইজক ভকৰা বান্ধৰ বিষয়ে তথ্য দিবলৈ চলোৱা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে-এই মথাউৰিটো বনোৱাৰ ক্ষেত্ৰত কি কি অসুবিধাৰ সন্মুখীন হৈছিল? ইয়াক ভকৰা বিয়াছ মেনেজমেণ্ট বৰ্ডে পৰিচালনা কৰে। আপোনালোকক কওঁ যে এই ৰেলপথটো পাহাৰ ভাঙি নিৰ্মাণ কৰা হৈছিল।

 উল্লেখ্য যে, ১৯৪৯ চনত এই ৰেলখন চলোৱা হৈছিল আৰু যোৱা ৭৩ বছৰ ধৰি এই ৰে’লেৰে সকলো যাত্ৰীয়ে বিনামূলীয়াকৈ যাত্ৰা কৰি আহিছে। ২৫খন গাঁৱৰ ৩০০ৰো অধিক লোকে দৈনিক এই ৰেলৰ জৰিয়তে যাত্ৰা কৰি আছে। এই ৰেলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে সৰ্বাধিক লাভৱান হয়। নাংগলৰ পৰা ডামলৈ যোৱা ৰেলখনে দিনটোত দুবাৰকৈ যাত্ৰা কৰে। তাত কোনো টিটি নাথাকে। ডিজেল ইঞ্জিনচালিত এই ৰেলখনে দিনটোত ৫০ লিটাৰ ডিজেল খৰচ কৰে। এবাৰ এই ৰেলখনৰ ইঞ্জিন ষ্টাৰ্ট হলেই ভকৰা পৰা উভতি অহাৰ পিছতহে ষ্টাৰ্ট বন্ধ হয়।

 কিমান বজাত যাত্ৰা কৰে এই ৰেলখনে?

এই ৰে’লখন পুৱা ৭:০৫ বজাত নাংগলৰ পৰা আৰম্ভ হয় আৰু প্ৰায় ৮:২০ বজাত ভকৰাৰ পৰা পুনৰ নাংগললৈ উভতি আহে। ইয়াৰ পিছত আকৌ এবাৰ দুপৰীয়া ৩:০৫ বজাত নাংগলৰ পৰা যাত্ৰা কৰে আৰু সন্ধিয়া ৪:২০ বজাত ভকৰা বান্ধৰ পৰা পুনৰ নাংগললৈ যাত্ৰা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ