--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰঙালী বিহু বুলি ক'লে কেৱল ৰং-আনন্দৰ মাজতে সীমাবদ্ধ নহয়। বিহুৰ সৈতে সংপৃক্ত হৈ আছে পৰম্পৰাগত বহু নিয়ম। ইয়াৰে মাজত অন্যতম হৈছে গৰু বিহুৰ দিনা নাহৰৰ পাতত গোপন মন্ত্ৰ লিখা নিয়ম। আজি গৰু বিহু। 

এই দিনটোত বিভিন্ন ধৰণৰ পৰম্পৰা মানি চলে অসমীয়া ৰাইজে। এই দিনটোত নাহৰৰ পাতত এটি বিশেষ মন্ত্ৰ লিখা হয়। নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ দুৱাৰ-খিৰিকীৰ কোণত লগোৱাটো গৰু বিহুৰ এটা উল্লেখযোগ্য প্ৰথা। কিন্তু এই প্ৰচলিত নিয়মৰ অন্তৰালত থকা জনবিশ্বাস কি ?

দেৱ দেৱ মহাদেৱ-নীলগ্ৰীব জঁটাধৰ
বাতং বৃষ্টি হৰং দেৱ মহাদেৱ নমোস্তুতে

এই মন্ত্রটো নাহৰৰ পাতত লিখি ঘৰৰ চালত গুজি ৰখা হয়। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা, বা-মাৰলিৰ পৰা ঘৰখন ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়। নাহৰৰ লগত শিৱৰ এটা সম্পৰ্ক আছে । 

সংস্কৃতত নাহৰক কেশৰ বুলি কোৱা হয়। বসুদেৱে যেতিয়া কৃষ্ণক লৈ কংসৰ কাৰাগাৰৰ পৰা ওলাই যমুনা পাৰ হৈছিল সেই সময়ত কেশৰ বা সাপে সুৰক্ষিত কৰি নিছিল। কেশৰ সাপ মহাদেৱ আদিৰ মাজত সম্পৰ্ক আছে। প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হোৱাৰ সময়খিনিৰ আৰম্ভণি দিনটোতে এনেদৰে মন্ত্র লিখি দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ মহাদেৱক মিনতি কৰা হয় বুলি এক জনবিশ্বাস আছে।
এনেদৰে নাহৰ পাতত মন্ত্ৰ লিখি ৰাখিলে ধুমুহাই ঘৰখনৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি বিশ্বাস প্ৰচলিত আছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ