--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক তথা প্ৰবীণ বেগী বলাৰ লাচিথ মালিংগাই পুনৰ দললৈ ঘূৰি আহিছে৷ অহা সপ্তাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া হোৱাইট বল শৃংখলাৰ বাবে দলটোৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে মালিংগাক। জানিব পৰা মতে, দলৰ কৌশল পৰিকল্পনাত সহায় কৰিব মালিংগাই। ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ সময়ত শ্ৰীলংকাৰ দলটোৰ হৈ এই ভূমিকা পালন কৰিছিল মালিংগাই। অৱশ্যে, শ্ৰীলংকাই ৫খন মেচৰ শৃংখলাত ৪-১ ৰ ব্যৱধানত পৰাস্ত হৈছিল।

শ্ৰীলংকা ক্ৰিকেটে এক বিবৃতিত কয় যে, ‘মালিংগাৰ বিশাল অভিজ্ঞতা আৰু বিশেষকৈ টি-২০ ফৰ্মেটত বিখ্যাত ডেথ বলিং দক্ষতাই দলটোক এই গুৰুত্বপূৰ্ণ শৃংখলাত আগবাঢ়ি যোৱাত সহায় কৰিব।’

শ্ৰীলংকাই বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ১৮ জনীয়া দল ঘোষণা কৰিছে। টপ অৰ্ডাৰৰ বেটছমেন নুৱানিডু ফাৰ্নাণ্ডো আৰু ৰাইট আৰ্ম পেচাৰ মথিশা পাথিৰানা নামৰ যুৱ যুটিটোৱে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছে। শ্ৰীলংকাৰ তাৰকা লেগ স্পিনাৰ ৱানিন্দু হাছৰংগাও সাথন লাভ কৰিছে দলত।

শেহতীয়াকৈ, আইপিএলৰ পৰা উভতি আহিছে মালিংগাই। এই ছিজনত ৰাজস্থান ৰয়েলছৰ বলিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। মালিংগাৰ তত্বাৱধানত শ্ৰীলংকাৰ বলাৰসকলে কেনেদৰে প্ৰদৰ্শন কৰিব সেয়াহে হ’ব লক্ষণীয়!

স্মৰ্তব্য যে, ২০১৯ চনৰ জুলাই মাহত মালিংগাই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। ২০২০ চনৰ মাৰ্চ মাহত শেষবাৰৰ বাবে টি-২০ খেলিছিল মালিংগাই। ১০১টা টেষ্ট উইকেটৰ উপৰি  এদিনীয়াত ৩৩৮টা উইকেট আৰু টি-২০ত ১০৭ টা উইকেট দখল কৰিছে। বুধবাৰে নিশা কলম্বোত উপস্থিত হয় অষ্ট্ৰেলিয়াৰ দলটো। ৬ বছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে এখন সম্পূৰ্ণ ছিৰিজ খেলিব অষ্ট্ৰেলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ