--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ছিউলৰ বিশ্বকাপ ষ্টেডিয়ামত ব্ৰাজিলৰ বিৰুদ্ধে দক্ষিণ কোৰিয়াৰ মুখামুখি হৈছিল ব্ৰাজিল। মূলতঃ দুই ছুপাৰষ্টাৰ নেইমাৰ বনাম ছন হ্যুং-মিনক সমুখ সমৰত একেলগে দেখিবলৈ পাই উচ্ছসিত হৈ পৰিছিল অনুৰাগী। দক্ষিণ কোৰিয়াক ৫-১ গ’লত পৰাস্ত কৰে ব্ৰাজিলে। নেইমাৰৰ দুভৰিৰ পৰা আহে দুটাকৈ গ’ল। কিন্তু ব্যৰ্থ হয় ছন।

মেচখনৰ আৰম্ভণিৰে পৰাই যুঁজত আগবাঢ়ি আছিল ব্ৰাজিল। খেলৰ প্ৰথমাৰ্দ্ধৰ ৭মিনিটতে ব্ৰাজিলৰ লেফ্ট বেক এলেক্স চেণ্ড্ৰ’ই কোৰিয়াৰ পেনাল্টি বক্সত প্ৰৱেশ কৰি কাট বেক কৰে। ফ্ৰেডে তাৰ পৰা গ’ল দিব নোৱাৰিলেও, ৰিটাৰ্ণ বলত ব্ৰাজিলক অগ্ৰগতি দিয়ে ৰিচাৰ্ডছনে। ইয়াৰ পিছতে অফছাইডৰ বাবে ব্ৰাজিলৰ হৈ থিয়াগো ছিলভাৰৰ গ’লটোৱে ৰেফাৰীৰ অনুমোদন লাভ নকৰিলে। কিন্তু হঠাত্‍ ছন্দ হেৰুৱাই পেলায় ব্ৰাজিলে আৰু সমতালৈ ঘূৰি আহে কোৰিয়া৷ কোৰিয়াৰ হৈ ৩১ মিনিটত হুয়াং হুই-জুৱে একমাত্ৰ গ’লটো দিয়ে।

কিন্তু ভিএআৰৰ সহায়ত ৪২ মিনিটত পেনাল্টি লাভ কৰে ব্ৰাজিলে। পেনাল্টিৰ সুযোগ লয় নেইমাৰে। খেলৰ দ্বিতীয়াৰ্দ্ধৰ ৫৭ মিনিটত পুনৰ পেনাল্টিৰ শ্বট লৈ নেইমাৰে মেচখনৰ দ্বিতীয়টো গ’ল দিয়ে। খেলৰ অন্তিম ১০ মিনিটত ফিলিপ কৌটিনহো আৰু গেব্ৰিয়েল জেছুছে গ’ল দি ৫-১ গ’লত অগ্ৰগতি লাভ কৰে। এই মেচখনত দুটা গ’লেৰে ব্ৰাজিলৰ হৈ নেইমাৰৰ গ’লৰ সংখ্যা ৬৩ লৈ বৃদ্ধি পায়। আৰু যদি তেওঁ ৫টা গ’ল দিয়ে তেন্তে কিংবদন্তি পেলক অতিক্ৰম কৰি চেলেছাওৰ সৰ্বকালৰ সৰ্বাধিক গ’লদাতাৰ কৃতিত্বৰ গৰাকী হ’ব নেইমাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ