--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰেশ ৰাইনাই আইপিএল ২০২২ত দল লাভ নকৰিলে। খেলপথাৰত নাথাকিলেও ধাৰাভাষ্যকাৰ হিচাপে ৰাইনাই দেখিবলৈ পোৱা গৈছিল আইপিএল ২০২২ত।নিলামত কোনো এটা দলে ৰাইনাক ক্ৰয় কৰিব নিবিচৰা কথাটো লাভ কৰা মাত্ৰকে স্তম্ভিত হৈ পৰিছিল অনুৰাগী। 

কিন্তু আইপিএলত খেলিবলৈ সুযোগ নাপালেও নিজকে ক্ৰিকেটৰ সৈতে জড়িত কৰি ৰাখিছে ৰাইনাই। ছ’চিয়েল মিডিয়াতো নিজকে সক্ৰিয় কৰি ৰাখিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। 

শেহতীয়াকৈ, সুৰেশ ৰাইনাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ এটা ‘গদা’ হাতত লৈ ৱৰ্কআউট কৰা দেখা গৈছে। ৰাইনাৰ এই ভিডিঅ’টোৱে যেন মহাভাৰতৰ ভীমৰ কথাকে যেন মনত পেলাই দিছে অনুৰাগীক। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাইনাৰ শেহতীয়া ভিডিঅ’টো। কেপচনত তেওঁ একো লিখা নাই। এইবাৰ মেগা নিলামত সুৰেশ ৰাইনাৰ বেচ প্ৰাইজ আছিল ২ কোটি টকা। 

কিন্তু কোনেও তেওঁক বেচ প্ৰাইছত ক্ৰয় কৰিব বিচৰা নাছিল। আইপিএলৰ ইতিহাসত পঞ্চম সৰ্বাধিক ৰান গেটাৰ হিচাপে পৰিগণিত হৈছে ৰাইনা। আইপিএলৰ ২০৫ খন খেলত তেওঁ ৫৫২৬ ৰান সংগ্ৰহ কৰিছে। এই কৃতিত্বৰ দাবীদাৰৰ তালিকাৰ শীৰ্ষ ৪ত আছে বিৰাট কোহলী, শিখৰ ধাৱান, ৰোহিত শৰ্মা আৰু ডেভিদ ৱাৰ্নাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ