--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : ধৰ্ষণ, হত্যাৰ দৰে ঘটনা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সাধাৰণ ঘটনাত পৰিণত হৈছে। ইটোৰ পাছত সিটো জঘন্য ঘটনাই ৰাজ্যখনত কলংকিত ইতিহাস ৰচনা কৰিছে। অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা উত্তৰ প্ৰদেশত এইবাৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা। এইবাৰ দুই শিষ্যৰ সৈতে মন্দিৰৰ পূজাৰী জড়িত হৈছে জঘন্য বলাৎকাৰ আৰু হত্যাৰ গোচৰত। এই তিনজন লম্পতে ৫০ বছৰীয়া এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছে।

আৰু পঢ়িব পাৰিব : জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ

দেওবাৰে নিশাই সংঘটিত হোৱা এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।উত্তৰ প্ৰদেশৰ পশ্চিম অংশৰ বুডাউন জিলাত এই ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ইয়াৰে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা গোচৰ ৰুজু কৰা হৈছে।

সোমবাৰে ঘটনাটোৰ বিষয়ে পোহৰলৈ আহে আৰু ইয়াকে লৈ অঞ্চলটোত তুমুল আলোড়নৰ সৃষ্টি হয়। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পাছত মহিলাগৰাকীৰ মৃতদেহ তিনওজন দুৰ্বৃত্তই এখন গাড়ীৰে আনি তেওঁৰ ঘৰৰ সমীপতে পেলাই থৈ যোৱা বুলি প্ৰকাশ কৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।

আৰু পঢ়িব পাৰিব : মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে ঘৰ এৰি প্ৰতিবাদ ভুক্তভোগী মহিলাৰ…

মহিলাগৰাকীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ প্ৰতিদিনে পূজা অৰ্চনাৰ বাবে গৈছিল আৰু তাৰেই সুযোগ গ্ৰহণ কৰি পূজাৰী আৰু তেওঁ শিষ্য দুজনে এই দুষ্কাৰ্য সংঘটিত কৰে। ইতিমধ্যে বুডাউন জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনাটো সন্দৰ্ভত তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু এই তদন্ত ক্ষিপ্ৰ কৰি তোলাৰ নিৰ্দেশ দিছে। ঘটনাক লৈ আওকণীয়া মনোভাৱ গ্ৰহণ কৰা স্থানীয় আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ