--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : ধৰ্ষণ, হত্যাৰ দৰে ঘটনা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত সাধাৰণ ঘটনাত পৰিণত হৈছে। ইটোৰ পাছত সিটো জঘন্য ঘটনাই ৰাজ্যখনত কলংকিত ইতিহাস ৰচনা কৰিছে। অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা উত্তৰ প্ৰদেশত এইবাৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা। এইবাৰ দুই শিষ্যৰ সৈতে মন্দিৰৰ পূজাৰী জড়িত হৈছে জঘন্য বলাৎকাৰ আৰু হত্যাৰ গোচৰত। এই তিনজন লম্পতে ৫০ বছৰীয়া এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছে।

আৰু পঢ়িব পাৰিব : জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ

দেওবাৰে নিশাই সংঘটিত হোৱা এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।উত্তৰ প্ৰদেশৰ পশ্চিম অংশৰ বুডাউন জিলাত এই ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ইয়াৰে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা গোচৰ ৰুজু কৰা হৈছে।

সোমবাৰে ঘটনাটোৰ বিষয়ে পোহৰলৈ আহে আৰু ইয়াকে লৈ অঞ্চলটোত তুমুল আলোড়নৰ সৃষ্টি হয়। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পাছত মহিলাগৰাকীৰ মৃতদেহ তিনওজন দুৰ্বৃত্তই এখন গাড়ীৰে আনি তেওঁৰ ঘৰৰ সমীপতে পেলাই থৈ যোৱা বুলি প্ৰকাশ কৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।

আৰু পঢ়িব পাৰিব : মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে ঘৰ এৰি প্ৰতিবাদ ভুক্তভোগী মহিলাৰ…

মহিলাগৰাকীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ প্ৰতিদিনে পূজা অৰ্চনাৰ বাবে গৈছিল আৰু তাৰেই সুযোগ গ্ৰহণ কৰি পূজাৰী আৰু তেওঁ শিষ্য দুজনে এই দুষ্কাৰ্য সংঘটিত কৰে। ইতিমধ্যে বুডাউন জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনাটো সন্দৰ্ভত তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু এই তদন্ত ক্ষিপ্ৰ কৰি তোলাৰ নিৰ্দেশ দিছে। ঘটনাক লৈ আওকণীয়া মনোভাৱ গ্ৰহণ কৰা স্থানীয় আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ