--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বাজেটত কম কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে৷ পূৰ্বৰ বছৰসমূহৰ (২০১৭-২০১৮ বৰ্ষৰ পৰা ২০২০-২০২১ বৰ্ষলৈ) অভিজ্ঞতা লৈ কেন্দ্ৰীয় চৰকাৰে নতুন বিত্তীয় বৰ্ষত বাজেটৰ নীতি সলনি কৰাৰ সম্ভাৱনা আছে৷ যেতিয়া চৰকাৰে অতি উচ্চ হাৰত কৰ সংগ্ৰহৰ লক্ষ্য ৰাখিছিল, তেতিয়া প্ৰতিবাৰেই তাৰ বিনিময়ত ৭ৰ পৰা ৮% কম হৈছিল৷ সেয়ে এইবাৰ অতীতৰ পৰা শিক্ষা গ্ৰহণ কৰি, বিত্ত মন্ত্ৰালয়ে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কৰ সংগ্ৰহৰ বাবে সামান্য লক্ষ্য ৰখাৰ সম্ভাৱনা আছে। এনে পদক্ষেপৰ আঁৰৰ ধাৰণাটো হৈছে অতিৰিক্ত ব্যয়ৰ প্ৰয়োজনীয়তা উদ্ভৱ হ'লে বিত্তীয় স্থান সৃষ্টি কৰা।

২০২০-২০২১ বৰ্ষটো দেশৰ বাবে আৰ্থিকভাৱে এক জটিল বছৰ আছিল৷ কিয়নো, ক’ভিড মহামাৰী আৰু দেশজুৰি লকডাউনে অৰ্থনৈতিক কাৰ্যকলাপ আৰু চৰকাৰৰ কৰ সংগ্ৰহ প্ৰক্ৰিয়াত গুৰুতৰভাৱে আঘাত কৰিছিল৷ আনকি তাৰ আগৰ তিনিৰ পৰা চাৰি বছৰত কৰ সংগ্ৰহৰ লক্ষ্য সাতৰ পৰা আঠ শতাংশ হেৰুৱাইছিল৷ ১ ফেব্ৰুৱাৰীত উপস্থাপন হ’বলগীয়া বাজেটৰ এক ইংগিত ধাৰণা কৰা হৈছে যে বিত্ত মন্ত্ৰণালয়ে অৰ্থনৈতিক স্থিতি পুনৰুদ্ধাৰৰ পৰা কৰৰ ক্ষেত্ৰত দৃশ্যমান উচ্ছলতা স্বত্বেও কৰ লক্ষ্যবোৰ ৰক্ষণশীল কৰি ৰাখিব পাৰে৷ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত এই মন্তব্য কৰে৷


চৰকাৰে ২০২১-২২ বৰ্ষৰ বাজেটত আনুমানিক ব্যয়ৰ ওপৰত অতিৰিক্ত ৩.৩ লাখ কোটি টকা ব্যয় কৰিছে, দৰিদ্ৰ লোকসকলক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰা, ইয়াৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে এয়াৰ ইণ্ডিয়াৰ ঋণ পৰিশোধ কৰা, বিভিন্ন ৰপ্তানি প্ৰচাৰ আঁচনিৰ অধীনত ইনচেণ্টিভ প্ৰদান কৰা, আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আঁচনিৰ অধীনত অধিক ধন প্ৰদান কৰা। বাজেটত ২০২১-২২ বৰ্ষত চৰকাৰৰ মুঠ ব্যয় ৩৪.৮৩ লাখ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছিল, যি আগৰ বছৰৰ তুলনাত ০.৮ শতাংশ হ্ৰাস পাইছে।

ইপিনে, ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যা অনুসৰি, ২০২১-২২ বৰ্ষত নামমাত্ৰ জিডিপি ১৭.৬ শতাংশ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰই ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ মুঠ কৰ ৰাজহত ৯.৫ শতাংশ সামান্য বৃদ্ধি ৰখাৰ আককলন কৰিছিল ২২.১৭ লাখ কোটি টকা। ইয়াৰ ভিতৰত, প্ৰত্যক্ষ কৰৰ পৰা ৰাজহ প্ৰায় ১১ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ ২০২০-২১ বৰ্ষৰ বাবে ইয়াৰ সংশোধিত আককলনত, চৰকাৰে কৰ সংগ্ৰহ ১৯ লাখ কোটি টকা নিৰ্ধাৰণ কৰিছে, ২৪.২৩ লাখ কোটি টকাৰ বাজেটৰ পৰিমাণৰ বিপৰীতে। দুয়োটা সংখ্যাৰ মাজৰ ব্যৱধানে চৰকাৰৰ কৰ সংগ্ৰহৰ ওপৰত লকডাউনৰ প্ৰভাৱ প্ৰতিফলিত কৰে।


অৱশ্যে, ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত চৰকাৰে প্ৰকৃততে ২০.২৪ লাখ কোটি টকা কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, যি আছিল সংশোধিত প্ৰক্ষেপণতকৈ কমেও ১ লাখ কোটি টকা অধিক। এতিয়া নতুন বাজেটত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে বাজেটত কৰ সংগ্ৰহৰ ক্ষেত্ৰত কেনে ধৰণৰ নতুনত্ব আনে, অথবা চৰকাৰে আনিব পৰা সম্ভাৱ্য নতুনত্বই ভাৰতৰ অৰ্থনৈতিক বিকাশক কি ধৰণে প্ৰভাৱান্বিত কৰে, সেয়া চাবলৈ বাট চাই ৰৈছে দেশবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement