--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্ধিত ওজনে বহু লোকক হতাশগ্ৰস্ত কৰি তোলে। এনে সময়তে ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰোতে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হয়, কিয়নো এবাৰ পেট আৰু কঁকালৰ চাৰিওফালে চৰ্বি জমা হ'লে, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ নহয়। মেদবহুলতাৰ বাবে কেৱল ভাৰতৰ নহয়, সমগ্ৰ বিশ্বৰ লোকসকল চিন্তিত হৈ পৰিছে। কিন্তু আমাৰ দেশৰ খাদ্য প্ৰণালীয়ে দ্ৰুতগতিত ওজন বৃদ্ধি কৰাত অৰিহণা যোগায়। সেয়েহে আমি আমাৰ আহাৰ স্বাস্থ্যকৰ কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ।

 

ওজন হ্ৰাস কৰিবলৈ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ পাচলি-

 ১. ৰঙালাও-

ৰঙালাও হৈছে এক অতি স্বাস্থ্যকৰ পাচলি, ইয়াক ওজন হ্ৰাস কৰা খাদ্য বুলি গণ্য কৰা হয়, ৰঙালাৱে ওজন হ্ৰাস কৰাৰ লগতে পেটৰ চৰ্বি সোনকালে নাইকিয়া কৰে।

 ২. বীন-

বীনত এনে বহুতো উপাদান থাকে যি শৰীৰক উন্নত পুষ্টি প্ৰদান কৰে আৰু লগতে ওজন হ্ৰাস কৰাত সহায় কৰে। ই পেশীৰ বিকাশ লগতে পাচনতন্ত্ৰও উন্নত কৰে।

 ৩. বিলাহী-

বিলাহীয়ে এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। ইয়াত থকা লাইকোপেনে বিপাক বৃদ্ধি কৰে। একে সময়তে, ৯-অক্সো-ওডিএ যৌগটোৱে তেজত লিপিড হ্ৰাস কৰে, যাৰ ফলত ওজন হ্ৰাস হয়।

 ৪. তিঁয়হ-

তিঁয়হৰ কেলৰি যথেষ্ট কম, ইয়াত ৯৫ শতাংশ পানী থাকে, যি পাকস্থলী আৰু শৰীৰ শীতল কৰাত সহায় কৰে। ইয়াৰ নিয়মীয়া গ্ৰহণে ওজন হ্ৰাস কৰে।

 ৫. পালেং শাক-

সেউজীয়া শাক-পাচলিৰ ভিতৰত পালেং শাকক এক অতি স্বাস্থ্যকৰ খাদ্য বুলি গণ্য কৰা হয়। পালেং শাকত চৰ্বি ক্ষয়শক্তি গুণেৰে সমৃদ্ধ। কিন্তু ইয়াক কম তেলত পালেং শাক ৰান্ধিব লাগে।

 ৬. ব্ৰকলি-

ব্ৰকলিক পুষ্টিৰ ভাণ্ডাৰ বোলা হয়। ইয়াত ভিটামিন, খনিজ আৰু আঁহৰ লগতে ফাইটোকেমিকেল থাকে যি পেটৰ চৰ্বি ক্ষয়ত সহায় কৰে। ইয়াক চালাড হিচাপেও ব্যৱহাৰ কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ